নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগদৈত সন্ধানহীন দুই শিশুৰ নাই শুংসূত্ৰঃ দ্বিতীয় দিনৰ অভিযানতো নহ’ল উদ্ধাৰ

বিশেষ বাৰ্তা, ৪ মেঃ মৰিয়নিৰ ভোগদৈ নৈত সন্ধানহীন হোৱা কঁঠালগুৰি চাহ বাগিচাৰ দুটি শিশুৰ আজিও সন্ধান পোৱা নগ’ল । আজি সমগ্ৰ দিনটো এছ ডি আৰ এফ আৰু অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনীয়ে ভোগদৈ নৈত অভিযান চলায় যদিও দলটোৱে কোনো শুংসূত্ৰ নাপালে । উল্লেখযোগ্য যে ২ মে’ৰ পুৱা কঁঠালগুৰি চাহ বাগিচাৰ আলুভেটি অঞ্চলৰ ভোগদৈ নৈৰ দাঁ‌তিত খেলি থকা অৱস্থাৰ পৰা প্ৰভাস কৰ্মকাৰ আৰু বাবু খান নামৰ দুটি ৬ আৰু ৭ বছৰীয়া শিশু সন্ধানহীন হৈছিল । পিছত ভোগদৈ নৈৰ দাঁ‌তিত দুয়োটি শিশুৰ কাপোৰ উদ্ধাৰ হোৱাৰ পৰাই শিশু দুটি নৈৰ পানীত সন্ধানহীন হোৱা বুলি সন্দেহ কৰা হৈছিল । কালি এছ ডি আৰ এফ আৰু অগ্নি আৰু জৰুৰীকালীন সেৱাৰ দলে অভিযান চলাই যদি প্ৰতিকূল বতৰৰ বাবে অভিযান চলোৱাত সমস্যাৰ সন্মুখীন হয় । আজি পুৱাৰে পৰা পুনৰ অভিযান চলোৱা হয় । অগ্নি আৰু জৰুৰীকালীন সেৱাৰ মৰিয়নি কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া কমল বড়োৱে জানিবলৈ দিয়া মতে আজি যোৰহাটৰ এছ ডি আৰ এফৰ এটা দলৰ লগতে মৰিয়নিৰ অগ্নি আৰু জৰুৰীকালীন সেৱাৰ এটা দলেও ভোগদৈ নৈত অভিযান চলায় । দলটোৱে ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ নামনিলৈকে ভোগদৈত অভিযান চলায় । কিন্তু আজি দ্বিতীয়দিনাও অভিযান সফল নহ’ল । ইফালে, শিশু দুটি পানীত নমা কোনেও প্ৰত্যক্ষ নকৰাত সমগ্ৰ বিষয়টোক লৈও বিবুধিত পৰিছে উদ্ধাৰকাৰী দলটো । তেওঁলোকে জানিবলৈ দিয়া মতে, সন্দেহবশতঃহে অভিযান চলাই থকা হৈছে । কাইলৈ পুনৰ উদ্ধাৰকাৰী দলে অভিযান চলাব বুলিও তেওঁলোকে জানিবলৈ দিছে । আজি অভিযানকালত ঘটনাস্থলীত তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মাৰ লগতে মৰিয়নিৰ আৰক্ষীও উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like