বিশেষ বাৰ্তা, ২৭ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফুলবাৰী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হঠাৎ উপস্থিত হয় লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন৷ কালি উপায়ুক্তৰ ছাডেন ভিজিটত বিদ্যালয়খনত একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিগত সময়ত হৈ যোৱা গুণোৎসৱৰ ফলাফলত বেয়া প্ৰদৰ্শন তথা চি গ্ৰেড লাভ কৰা বিদ্যালয়খনত পুৱা ৯ বজাত উপস্থিত হৈ তেওঁ বিদ্যালয়খনৰ সকলো দিশ তন্নতন্নকৈ পৰ্যবেক্ষণ কৰে৷ ছাত্ৰ-ছাত্ৰীৰ লগত অন্তৰংগভাৱে মত বিনিময়ো কৰে উপায়ুক্তগৰাকীয়ে । বিদ্যালয়ত কেনেদৰে পাঠগ্ৰহণত ছাত্ৰ-ছাত্ৰী অধিক মনোযোগী হব লাগে, সেই বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে৷ ইয়াৰ উপৰি কম্পিউটাৰ শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উপায়ুক্তজনে ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰৰ জ্ঞান ভালদৰে আয়ত্ত কৰিব পাৰিছে নে নাই, তাৰ ওপৰতো পৰীক্ষা লয়। তেওঁ বিদ্যালয়ৰ শৌচালয়- প্ৰস্ৰাৱাগাৰ আদিও পৰিষ্কাৰ হৈ আছে নে নাই, সেয়া প্ৰত্যক্ষ কৰে৷ লগতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খেলৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুভাষ দাসে অনিয়ম সংঘটিত কৰাক লৈয়ো উপায়ুক্তগৰাকীয়ে জবাবদিহি কৰে। উপায়ুক্ত সুমিত সাত্তাৱনৰ বিদ্যালয়সমূহত সঘন ছাডেন ভিজিটে শিক্ষক-শিক্ষত্ৰিয়ীসকলৰ মাজত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰাৰ বিপৰীতে সচেতন মহলে তেওঁৰ এই কাৰ্যক আদৰণি জনাইছে।
প্ৰেৰক নিতুল বৰা