নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভোলানাথ কলেজত সুধাকণ্ঠক স্মৰণ

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ভাষা-সাহিত্য চ’ৰাৰ সহযোগত আজি বিশ্বৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা স্মৃতি দিৱস উদযাপন কৰা হয়। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হোৱা স্মৃতি দিৱসৰ আজিৰ সেই সভাখনত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ কৰুণাকান্ত দাসে। সভাৰ উদ্দ্যেশ্য ব্যাখ্যা কৰে ভাষা-সাহিত্য চ’ৰাৰ সভাপতি তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ অলকা শৰ্মাই। ডঃ শৰ্মাই ভাষণ প্ৰসংগত ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। আজিৰ সেই কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰী ৰাইহানা ইছলামে নিৰ্দিষ্ট বক্তৃতাৰ ভাষণ প্ৰদান কৰে। আনহাতে, সহকাৰী অধ্যাপিকা ডঃ পলী বেজবৰুৱা আৰু দেৱশ্ৰী ৰায়ে ভূপেন হাজৰিকাৰ কেইবাটাও গীত পৰিৱেশন কৰে। উপস্থিত ছাত্ৰ-ছাত্ৰীসকলেও ভূপেন হাজৰিকাৰ গীত পৰিৱেশন, কবিতা আবৃত্তি আৰু ভূপেন হাজৰিকাৰ জীৱন কৃতিৰ ওপৰত বক্তৃতা প্ৰদান কৰে। সহকাৰী অধ্যাপক ছাইফুল হাচানৰ শলাগ জ্ঞাপন কৰাৰ পিছত জাতীয় সংগীত পৰিবেশনেৰে আজিৰ স্মৃতি দিৱসৰ সেই সভাখনৰ সামৰণি পৰে। উল্লেখ্য যে আজি পুৱা নেতাই ধুবুনী প্ৰেছ ক্লাবৰ উদ্যোগতো ধুবুৰীৰ চহৰৰ বৰলুইতৰ পাৰৰ ভূপেন হাজৰিকা গোলাপ উদ্যানস্থিত সুধাকণ্ঠৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলনেৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like