নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান আশ্ৰয় শিৱিৰৰ পৰা আপোন ঘৰখনলৈ ঘূৰি গৈ এজনৰ আত্মহত্যা

  • কিমান দুখ হ’লে মানুহে আত্মহত্যা কৰিব পাৰে?
  • মানসিক ভাৰসাম্য হেৰুৱাইছে বাঘজানবাসী
  • বিষপান কৰি এজনৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ হতাশগ্ৰস্ত হৈ অৱশেষত বাঘজানৰ এজন দুৰ্ভগীয়া লোকে আত্মহত্যাৰ দৰে পথ বাচি ল’বলগীয়া হোৱা এক দুখজনক ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে যোৱা ২৭ মে’ৰ পৰা বাঘজান ৰিগ ৫ ত সৃষ্টি হোৱা ব্ল’ আউট আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সংঘটিত হোৱা অগ্নি কাণ্ডই বাঘজান আৰু পাশ্বৱৰ্ত্তী অঞ্চলৰ জনতালৈ অনিশ্চিত ভৱিষ্যতৰ অশনি সংকেত কঢ়িয়াই আনিছে৷

বাঘজানৰ ৰাইজক কণা হাঁহক পতান দিয়াৰ দৰে গুৰুত্বহীন কৰি পেলাইছে অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰে। দীৰ্ঘদিন ধৰি ক্ষতিপূৰণৰ পৰা বঞ্চিত ৰাইজে অইল ইণ্ডিয়া, চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত আস্থা হেৰুৱাই হতাশাগ্ৰস্ত হৈ আজি গাঁওখনৰ শুক্লেশ্বৰ নেওগ নামৰ এজন লোকে আত্মহননৰ পথ বাছি ললে৷ বি জি আৰ ৫ ত সৃষ্টি হোৱা ব্ল’আউট আৰু অগ্নিকাণ্ডৰ ফলত ভূ- কম্পন আৰু উৎকট শব্দ প্ৰদূষণে বিধ্বস্ত কৰা বাঘজান নিৱাসী শুক্লেশ্বৰ নেওগৰ ঘৰটো অগ্নিদগ্ধ হোৱা নাছিল যদিও জুইৰ উত্তাপে জ্বলাই পেলাইছিল সৰ্বস্ব। বাসগৃহটোৰ বাদে বাৰীৰ সকলো গছ- গছনি, তৰু-তৃণ সকলো জ্বলি ছাৰখাৰ হ’ল ৷ কেৱল ঘৰটো জুইত ভস্মীভূত নোহোৱাৰ বাবেই ব্যক্তিজনে নাপাই ক্ষতিপূৰণ।

সেয়ে বিগত ৫৩ দিনে শিৱিৰত অশান্তজৰ্জৰ সময় পাৰ কৰি শেহতীয়াকৈ ব্যক্তিজনে বাচি ললে আত্মহত্যাৰ দৰে এক চৰম সিদ্ধান্ত৷ আজি পুৱা শিৱিৰৰ পৰা আপোন ঘৰখনলৈ গৈ হতাশাগ্ৰস্ত এই লোকজনে বিষ পান কৰি আত্মহত্যাৰ পথ বাচি ললে৷

বিষপান কৰাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত শুক্লেশ্বৰ নেওগেক সংকটজনক অৱস্থাত ডুমডুমাৰ ৰূপাই ছাইইডিংস্থিত ডাঃ বৰা নাৰ্চিংহোমত ভৰ্তী কৰা হয়। ইতিপূৰ্বে তেওঁ গাঁৱৰ দুগৰাকীমান মহিলাক কোৱা মতে ব্যক্তজন মানসিক ভাৱে ভাগি পৰিছিল আৰু তেল- গেছে ঘৰখন, বাৰিখন ধ্বংস কৰাৰ পাছত জীয়াই থাকি কোনো লাভ নাই বুলি মন্তব্য কৰিছিল। তেনে কাৰণতেই শুক্লেশ্বৰে বিষপান কৰি নিৰাপদ পথ বাচি ললে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। এই ঘটনাৰ পাছতে শিৱিৰ এৰি বাঘজানবাসীয়ে বাঘজান কূপ নং ৫ লৈ আহযাহ কৰা বাট- পথসমূহ অৱৰোধ কৰি অইল ইণ্ডিয়া আৰু চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে।

You might also like