নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মহত্যাক লৈ নগাঁৱৰ পুৰণিগুদাম জলাহগাঁৱত চাঞ্চল্য:”জোৱায়েকৰ বিৰুদ্ধে লিখি থৈ গ’ল আত্মহত্যাৰ টোকা”

নিয়মীয়া বাৰ্তা ৯ জুনঃ এটা আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ চলচলী জলাহগাঁৱত চাঞ্চল্যৰ সৃষ্টি হৈছে।জোৱায়েকৰ অত্যাচাৰ সহিব নোৱাৰি মৃত্যুবৰণ কৰা বুলি স্পষ্টভাৱে আত্মহত্যাৰ টোকাত উল্লেখ কৰি আত্মহত্যা কৰা প্ৰদীপ বৰাৰ মৃত্যুৰ ঘটনাক সহজভাবে ল’ব পৰা নাই পৰিয়াল তথা আত্মীয়-স্বজনে।মৃত প্ৰদীপ বৰাই লিখি থৈ যোৱা আত্মহত্যাৰ টোকাত স্পষ্টভাবে অভিযোগ উত্থাপন কৰিছে জোৱায়েকৰ বিৰুদ্ধে।
যোৱা নিশা কেইবাজনো বন্ধুৰ সৈতে কামপুৰ কাৱৈমাৰী নিৱাসী জোৱায়েক ৰিতুপৱন নাথে মৃত শহুৰ প্ৰদীপ বৰাৰ সন্মুখতে প্ৰদীপ বৰাৰ পত্নী আৰু জীয়াৰীক অকথ্য নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে লগতে ৰিতুপবন নাথৰ তিনিমহীয়া অন্তঃসত্বা পত্নীকো স্বামী পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ লগতে যোৱা নিশাও ৰিতুপবন নাথে চলচলী জলাহ গাঁওস্থিত শহুৰৰ ঘৰত আহি তেওঁৰ পত্নীক পেটত গোৰ মাৰি সন্তান নষ্ট কৰাৰ চেষ্টা চলোৱা বুলিও আন এক গুৰুতৰ অভিযোগ উঠিছে।
উল্লেখ্য যে, স্বামী গৃহৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি পত্নী নিতুমনি বৰাই কিছুদিন ধৰি থিতাপি লৈছিল মৃত পিতৃৰ গৃহত।যোৱা নিশা উদণ্ড জোৱায়েকে শহুৰেকৰ সন্মুখতে পত্নী আৰু শাহুৱেকক আক্ৰমণ কৰি আহত কৰা ঘটনাক সহজভাবে ল’ব নোৱাৰি শহুৰ প্ৰদীপ বৰাই চিপ লৈ আত্মহত্যা কৰে।আত্মহত্যা কৰা স্থানতে লিখি থৈ যায় আত্মহত্যাৰ টোকা।কিন্তু সমগ্ৰ ঘটনা সংঘটিত কৰি সুযোগ বুজি সেই স্থানৰ পৰা জোৱায়েক ৰিতুপবন নাথ পলাই যায় বুলি পৰিয়ালৰ লোকে সংবাদিকক জানিবলৈ দিছে৷পাছত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ প্ৰদীপ বৰাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত ৰিতুপবন নাথক বিচাৰি অভিযান আৰম্ভ কৰিছে।আনহাতে, স্থানীয় ৰাইজে সহজ-সৰল প্ৰদীপ বৰাৰ মৃত্যুৰ ঘটনাক সহজভাবে নোলোৱাৰ লগতে অভিযুক্তক আটক কৰি উচিত শাস্তি দিবৰ বাবে আৰক্ষী-প্ৰশাসনক দাবী জনাইছে।উল্লেখ্য যে, সমগ্ৰ ঘটনাটো আচলতে কিদৰে সংঘটিত হ’ল,ইয়াৰ ভিতৰৰ ৰহস্য কি,এই সকলোবোৰ কথা আৰক্ষীৰ সঠিক তদন্তহে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে।

You might also like