নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : আমেৰিকাত দিয়া হালৈৰ কাব্যচৰ্চাৰ বিৰল সাফল্য

উপানন্দ শৰ্মা

সাত সাগৰ তেৰ নদী সিপাৰে থকা আমেৰিকা যুক্তৰাষ্ট্ৰত ১৩ বছৰীয়া প্ৰবাসী অসমীয়া কিশোৰীয়ে ইংৰাজীত লিখা কবিতাই চৰ্চা লাভ কৰিছে ৷ বজালী জিলাৰ পাঠশালাৰ গগন চন্দ্ৰ হালৈ আৰু বঙাইগাঁৱৰ জীয়ৰী চয়নিকা হালৈৰ কন্যা দিয়া হালৈয়ে লিখা “MY SINGLE SPACE” নামৰ কবিতাটোৰ জৰিয়তে প্ৰশংসিত হৈছে৷ পিতৃয়ে কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিদা ৰাজ্যৰ জেক্চনভিল্লা নামৰ চহৰ এখনত থকাৰ ফলত অষ্টম শ্ৰেণীৰ ছাত্ৰী দিয়া হালৈয়ে Julia London College Preparatory & Leadership Development School শিক্ষানুষ্ঠান এখনত অধ্যায়ন কৰি আছে। আমেৰিকাৰ এটা ব্যক্তিগত প্ৰকাশন পৰিষদে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত থকা প্ৰতিভা চিনাক্তকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। Appelley Publishing, PO Box 582, Tarpon Springs, FL 34688, Website : www.appelley.org, [email protected] printed in the United State of America এই প্ৰকাশন গোষ্ঠীটোৱে প্ৰত্যেক বছৰে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বিভিন্ন শিতানত কিতাপ, গল্প, প্ৰৱন্ধ, কবিতা আদি অনলাইনযোগে আহ্বান জনায়৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে নিজাববীয়াকৈ নতুবা পৰোক্ষভাৱে বিদ্যালয়ৰ জৰিয়তে লিখনিসমুহ প্ৰেৰণ কৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা তিনিটা শাখাত লিখনিসমুহ আহ্বান কৰে৷ প্ৰথম শাখাত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণী লৈ, দ্বিতীয় শাখাত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী লৈ আৰু তৃতীয় শাখাত নৱমৰ পৰা দ্বাদশ শ্ৰেণী লৈ লিখা আহ্বান জনোৱা হয়৷ এই লিখনিসমুহ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজৰে বাচনি কৰা হয়। বিদ্যালয়ৰ জৰিয়তে প্ৰেৰণ কৰিলে এই লিখনিসমুহ প্ৰথমতে বিদ্যালয়ৰ পৰা বাচনিত উঠিব লাগিব। ইয়াৰ পিছত ৰাজ্যিক পৰ্য্যায়ৰ বাচনি হ’লেহে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠান Appeley Publishingলৈ প্ৰেৰণ কৰাৰ নিয়ম বান্ধি দিয়া আছে৷ চুড়ান্ত বাচনি হোৱা লিখনিসমুহ সেই বছৰৰ বাবে Appelley Publishing Rising Star’s collection হিচাপে কিতাপ আকাৰে প্ৰকাশিত কৰাৰ লগতে নিজা ৱেবচাইটত প্ৰকাশ কৰে৷ সপ্তম শ্ৰেণীত অধ্যায়ন কৰি থকা সময়তে দিয়াই জীৱনৰ প্ৰথমটো ইংৰাজী কবিতা লিখি দ্বিতীয় শাখাত প্ৰদান কৰিছিল। কবিতা জমা দিয়াৰ শেষ দিনটোত বিদ্যালয় লৈ যাব লৈ ওলাই খুব খৰখেদা কৈ কবিতাটো লিখি বিদ্যালয় কতৃপক্ষৰ হাতত জমা দিছিল। ‘MY SINGLE SPACE’ শিৰোনামাৰ এই ইংৰাজী কবিতাটি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত খুব সমাদৰ লাভ কৰাত বাচনিভুক্ত কৰি ৰাজ্যিক পৰ্য্যায় লৈ প্ৰেৰণ কৰিলে। ৰাজ্যিক পৰ্য্যায়তো বাচনি হৈ ৰাষ্ট্ৰীয় পৰ্য্যায় অৰ্থ্যাৎ Appelley Publishing লৈ প্ৰেৰণ কৰা হ’ল ৷ কিছু দিন পিছত Appelley Publishing ৰ তৰফৰ পৰা পৰিচালন সম্পাদক এল চিয়ান জেমছ ( L Sean Jamesh ) য়ে দিয়া হালৈয়ে লিখা কবিতাটি ভূয়সী প্ৰশংসা কৰি দিয়া হালৈ লৈ অভিনন্দন পত্ৰ প্ৰেৰণ কৰে। উক্ত অভিনন্দন পত্ৰৰ জৰিয়তে কবিতাটি Appelly Publishing 2024 Rising Star Collection ছপা কৰি প্ৰকাশিত কৰাৰ লগতে নিজা ৱেবচাইটত উপলব্ধ হোৱা বুলি জানিব দিয়ে। ১২ বছৰীয়া অসমৰ কন্যা দিয়া হালৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা দেশৰ আগশাৰী প্ৰকাশন প্ৰতিষ্ঠান এটাত ইংৰাজী ভাষাত কবিতা লিখি প্ৰশংশিত হোৱাত নিজ পৰিয়ালৰ লগতে আত্মীয় স্বজনক গৌৰাৱাম্বিত কৰি তুলিছে৷ দিয়া হালৈয়ে ফ্ল’ৰিদাৰ জৰ্জিয়াৰ বিদ্যালয়ত চাৰি বছৰ বয়সত শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী Chet‘s Creek Elementary School ত তৃতীয় শ্ৰেণীলৈ অধ্যায়ন কৰে। আনহাতে চতুৰ্থৰ পৰা ষষ্ঠ শ্ৰেণীলৈ Jacksonsvilla Beach Elementary School নামৰ বিদ্যালয়ত দিয়া হালৈয়ে অধ্যায়ন কৰি সপ্তম শ্ৰেণীত Julia London College Preparatory & Leadership Development School নামৰ বিদ্যালয়ত নাম ভৰ্তি কৰে । সম্প্ৰতি দিয়া উক্ত শিক্ষানুষ্ঠানখনতে অষ্টম শ্ৰেণীত অধ্যায়নৰত হৈ আছে। দিয়া হালৈৰ পিতৃ গগন হালৈৰ ঘৰ বজালী জিলাৰ পাঠশালা চহৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ আতৰত থকা বৰশিমলা নামৰ ভিতৰুৱা গাঁৱত৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে সৰ্বভাৰতীয় প্ৰতিদ্বন্দ্ব্বিতামূলক পৰীক্ষা JEE (Joint Entrance Examination) ত অৱতীৰ্ণ হৈ দেশৰ আগশাৰী ইঞ্জিনীয়াৰিং কলেজ খড়গপুৰ আইআইটিত নাম ভৰ্তি কৰিছিল গগন হালৈয়ে। খড়গপুৰ আইআইটিৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেঁও লণ্ডনত অৱস্থিত ভাৰতীয়মূলৰ IMPHASIS নামৰ এক ছফটৱেৰ কোম্পানীত যোগদান কৰে। ভাৰতীয়মূলৰ উক্ত কোম্পানীৰ চিনিয়ৰ প্ৰজেক্ট মেনেজাৰ হিচাপে তেঁও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিদা ৰাজ্যৰ জেক্চনভিল্লা নামৰ চহৰত কৰ্মৰত হৈ আছে।

ফোনঃ ৭০০২২-০২৪১৭

You might also like