সুকন্যা : স্বনামধন্য অভিনেত্রী মৃদুলা বৰুৱা-ৰে সাক্ষাৎকাৰ
চলচ্চিত্রত অভিনয়ে মোক সুকীয়া পৰিচয় দিলে
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
৭০ৰ দশকৰ পৰা বিগত প্রায় ৪০ বছৰে অসমৰ চলচ্চিত্রৰ অনুৰাগীক সন্মোহিত কৰি ৰাখিছে খ্যাতনামা অভিনেত্রী মৃদুলা বৰুৱাই৷ চতিয়াৰ প্রতাপগড় চাহ বাগিচাত জন্মগ্রহণ কৰাৰ পিছত বিশ্বনাথ চাৰিআলিত স্থায়ীভাৱে থাকিবলৈ লোৱা এইগৰাকী মোহময়ী অভিনেত্রীৰ স্কুলত পঢ়ি থকাৰ সময়তে অভিনয় প্রতিভা পৰিস্ফুট হৈছিল৷ মঞ্চ নাটকত অভিনয়ৰ জৰিয়তে দর্শক অনুৰাগীৰ দৃষ্টি আকর্ষণ কৰা মৃদুলা বৰুৱাই ‘উপপথ’ নামৰ ছবিখনৰ জৰিয়তে চলচ্চিত্র জগতত প্রথমটো খোজ পেলাইছিল৷
ইয়াৰ পিছত কেতিয়াও উভতি চাবলগীয়া হোৱা নাছিল এইগৰাকী স্বনামধন্য অভিনেত্রীয়ে৷ পৰৱর্তী সময়ত মৰমী, মেঘমুক্তি, বোৱাৰীৰ পৰা আৰম্ভ কৰি কেইবছৰমান পূর্বে মুক্তি লাভ কৰা ৰাঘৱলৈ অসংখ্য ছবিত অভিনয় কৰা মৃদুলা বৰুৱাই অসমৰ দর্শক অনুৰাগীৰ হূদয়ত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷ এই দীঘলীয়া আৰু বর্ণিল যাত্রাত বিভিন্ন চৰিত্রত অভিনয় কৰি তেওঁৰ অপৰিসীম অভিনয় দক্ষতাৰে কেৱল দর্শককে নহয়, অসমৰ সমাজ জীৱনকো উদ্বুদ্ধ কৰি আহিছে৷ এইগৰাকী বিশাল ব্যক্তিত্বৰ অধিকাৰী অভিনেত্রীৰ সৈতে হোৱা ‘নিয়মীয়া বার্তা’ৰ আছুতীয়া সাক্ষাৎকাৰ–
বিগত প্রায় চাৰিটা দশক ধৰি আপুনি অসমৰ চলচ্চিত্র অনুৰাগীক মুগ্ধ কৰি আহিছে৷ আপোনাৰ এই অভিনয় যাত্রা কিদৰে আৰম্ভ হৈছিল?
আমাৰ ঘৰ আছিল চতিয়াৰ প্রতাপগড় চাহ বাগিচাত৷ তাতে মোৰ জন্ম হৈছিল৷ কিন্তু দেউতাৰ চাকৰি সূত্রে আমি বিশ্বনাথ চাৰিআলিত থাকিবলৈ লৈছিলোঁ আৰু পিছৰফালে তাৰেই স্থায়ী বাসিন্দা হৈ পৰিছিলোঁ৷ সৰুৰে পৰা মই নাটক আৰু চিনেমা চাই খুব ভাল পাইছিলোঁ৷ সেইবোৰ চাই আহি আমি অভিনেত্রীসকলৰ অভিনয়ৰ কপী কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ চতিয়াত হাইস্কুলত পঢ়ি থকাৰ সময়তে সেই সময়ৰ প্রখ্যাত নীলিমা হলত আমি নাটক চাবলৈ গৈছিলোঁ৷ মই দশম শ্রেণীত পঢ়ি থাকোঁতে তাত নাটক এখন কৰিছিলোঁ৷ অতি কম দিনৰ ভিতৰতে নাটকখন সংগ্রহ কৰি আৰু ৰিহার্চেল কৰি মঞ্চস্থ কৰিছিলোঁ৷ সেই নাটকখনত মই কৰা অভিনয়ৰ বাবে তৃতীয় শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছিলোঁ৷ এই সন্মান লাভ কৰাৰ বাবে মোৰ মনলৈ এক আত্মবিশ্বাস আহিছিল৷ ডাঙৰবোৰেও মোৰ অভিনয়ৰ প্রশংসা কৰিছিল৷ বিশ্বনাথ চাৰিআলি কলেজত পঢ়ি থকা সময়ত সূর্য বৰা একাংক নাট প্রতিযোগিতাত যোগদান কৰিছিলোঁ৷ সেইবাৰ মই শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ সেই সময়ত এই প্রতিযোগিতাখনৰ এক বিশেষ মর্যাদা আছিল৷ সেইবাবে প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ পিছত মই বিশ্বনাথত কিছু পৰিমাণে পৰিচিত হৈ পৰিছিলোঁ৷ এনেদৰে মই অভিনয় জগতত প্রৱেশ কৰিছিলোঁ৷
আপুনি চলচ্চিত্রত অভিনয় কৰাৰ কথা ভাবিছিলনে? কিদৰে অসমীয়া ছবিত অভিনয়ৰ পৰিক্রমা আৰম্ভ হৈছিল?
মই কেতিয়াও চলচ্চিত্রত অভিনয় কৰাৰ কথা ভবা নাছিলোঁ৷ আনকি মই অভিনেত্রী হোৱাৰ সপোন কেতিয়াও দেখা নাছিলোঁ৷ মই ঘটনাক্রমেহে অভিনয় জগতত খোজ পেলাইছিলোঁ৷ গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ত ডিগ্রী পঢ়ি থকা সময়তে বিশ্বনাথৰ এটি গ্রুপে মোক এখন ছবিত অভিনয়ৰ প্রস্তাৱ দিছিল৷ বিশ্বনাথৰ এই প্রডাকচনটোৰ এইখন আছিল চতুর্থ ছবি৷ মই মঞ্চত অভিনয় কৰি কিছু পৰিচিত লাভ কৰাৰ বাবেই হয়তো মোলৈ এই প্রস্তাৱ আহিছিল৷ মই যিহেতু চলচ্চিত্রত অভিনয় কৰাৰ কথা ভবা নাছিলোঁ আৰু অভিজ্ঞতা নাছিল, সেইবাবে এনে প্রস্তাৱত মই যথেষ্ট ভয় খাইছিলোঁ৷ অৱশ্যে মা–দেউতাৰ অনুমতি লৈ ছবিখনত অভিনয়ৰ বাবে সন্মতি জনাইছিলোঁ৷ ছবিখনৰ নাম আছিল উপপথ৷ ছবিৰ প্রযোজক আছিল প্রয়াত প্রমোদ বৰুৱা আৰু পৰিচালনা কৰিছিল বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তই৷ মাত্র ১৫ দিনতে ছবিখনৰ শ্বুটিং সম্পূর্ণ হৈছিল৷ অৱশ্যে কিছু পলমকৈ ছবিখনে চলচ্চিত্র গৃহত মুক্তি লাভ কৰিছিল৷ সেইবাবে ইয়াৰ পিছত অভিনয় কৰা ছবিয়ে আগতে মুক্তি পাইছিল৷
‘উপপথ’ ছবিখনৰ জৰিয়তে আপুনি চলচ্চিত্র জগতত বর্ণিল কেৰিয়াৰ আৰম্ভ কৰিছিল৷ ইয়াৰ পিছত অসমীয়া চলচ্চিত্রত মৃদুলা বৰুৱা যেন এৰাব নোৱাৰা অংগ হৈ পৰিল৷ এই বিষয়ে কওকচোন?
‘উপপথ’ত অভিনয় কৰাৰ পিছত মই ভাবিছিলোঁ সেইখনেই মোৰ প্রথম আৰু শেষ ছবি হ’ব৷ কিন্তু ছবিখনে মুক্তি লাভ কৰাৰ পূর্বে মোলৈ কেইবাখনো ছবিত অভিনয়ৰ প্রস্তাৱ আহিছিল৷ পৰিচালক দ্বিজেন্দ্র নাৰায়ণদেৱে সেই সময়ত তেওঁৰ নতুন ছবি মৰমীৰ কাৰণে এগৰাকী নতুন অভিনেত্রীৰ সন্ধানত আছিল৷ অভিনেতা হীৰেন চৌধুৰীয়ে তেওঁক মোৰ কথা কৈছিল আৰু ছবিখনৰ মূল চৰিত্রত অভিনয়ৰ বাবে মোক চুক্তিবদ্ধ কৰিছিল৷ ফলত সন্দিকৈ কলেজত পঢ়ি থকা সময়তে মই দুখন ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰোঁ৷ অৱশ্যে মোৰ অভিনীত প্রথম মুক্তি লাভ কৰা ছবিখন হৈছে ‘মৰমী’৷ ইয়াৰ পিছত ছবিত অভিনয়ৰ বাবে মোলৈ অসংখ্য প্রস্তাৱ আহিবলৈ লয়৷ ‘উপপথ’ত অভিনয় কৰা আব্দুল মজিদকাই মোক জনাইছিল যে তেওঁ ‘বনজুই’ নামৰ ছবিখনৰ কাম আৰম্ভ কৰিছে৷ তেওঁ মোক ছবিখনত এটা চৰিত্র ৰূপায়ণৰ কথা ক’লে৷ মই তেওঁৰ প্রস্তাৱ গ্রহণ কৰি বনজুই ছবিখনত অভিনয় কৰিলোঁ৷ ইয়াৰ পিছতে গুৱাহাটীত মেঘমুক্তি নামৰ এখন ছবিৰ কাম আৰম্ভ হৈছিল৷ ছবিখনৰ প্রযোজক আৰু পৰিচালকক বিজু ফুকনদাই মোৰ কথা কৈছিল৷ সেই অনুসৰি মই ছবিখনত অভিনয় কৰিবলৈ সন্মতি জনাইছিলোঁ৷ মেঘমুক্তিত মই দুগৰাকী যমজ ভগ্ণীৰ দ্বৈত চৰিত্রত অভিনয় কৰিছিলোঁ৷ দ্বৈত চৰিত্রসম্বলিত এইখনেই প্রথম অসমীয়া ছবি৷ ছবিখনৰ প্রযোজক কলকাতাৰ হোৱাৰ বাবে তাতেই শ্বুটিং কৰা হৈছিল৷ বিশিষ্ট শিল্পী খগেন মহন্তই ছবিখনৰ সংগীত পৰিচালক হিচাপে কাম কৰিছিল আৰু প্রতিটো গানেই বৰ সুন্দৰ আছিল৷ ইয়াৰ পিছত মজিদকাৰ পোনাকণ নামৰ ছবিখনত অভিনয় কৰিছিলোঁ৷ পৰৱর্তী সময়ত প্রায় একে সময়তে দুখনকৈ ছবিত অভিনয়ৰ সুযোগ লাভ কৰিছিলোঁ৷ ইয়াৰে এখন ‘বোৱাৰী’ আৰু আনখন ‘ককাদেউতাৰ নাতি আৰু হাতী’৷ দুয়োখন ছবিয়ে সমগ্র অসমত ব্যাপক সমাদৰ লাভ কৰিছিল আৰু ব্যৱসায়িকভাৱে যথেষ্ট সবল হৈছিল৷ ইয়াৰ পিছত মই অসংখ্য ছবিত অভিনয় কৰিছোঁ আৰু বর্তমানো দুই এখন ছবিত অভিনয় কৰি আছোঁ৷
বোৱাৰী ছবিখন আপোনাৰ দ্বাৰা অভিনীত ছবিসমূহৰ ভিতৰত অন্যতম শ্রেষ্ঠ ছবি৷ ছবিখনৰ লগত আপোনাৰ বহু স্মৃতিও জড়িত হৈ আছে৷ এই বিষয়ে কওকচোন?
হয়, বোৱাৰী ছবিখনে সেই সময়ত দর্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ছবিখনৰ প্রযোজক আছিল তপোব্রত বৰুৱা৷ পৰৱর্তী সময়ত তেওঁৰ সৈতে মোৰ বিবাহ সম্পন্ন হৈছিল৷ তেওঁৰ ঘৰ আছিল গোলাঘাটত৷ সেইবাবেই ছবিখনৰ প্রায়খিনি শ্বুটিং গোলাঘাটতে হৈছিল৷ আমি অভিনেতা–ভিনেত্রীসক তেওঁলোকৰে গেষ্ট হাউছত আছিলোঁ৷ ছবিখনৰ পৰিচালক আছিল বিশিষ্ট চলচ্চিত্র পৰিচালক শিৱপ্রসাদ ঠাকুৰ৷ ছবিখনৰ শ্বুটিঙৰ সময়ত তপোব্রত বৰুৱাৰ সৈতে মোৰ মনৰ কিছু বুজাবুজি হৈছিল৷ অৱশ্যে প্রথম অৱস্থাত আমি বিষয়টোক লৈ বিশেষ ছিৰিয়াছ নাছিলোঁ৷ কিন্তু এইক্ষেত্রত বিজুদাই যথেষ্ট আগভাগ লৈছিল৷ দুয়োখন ঘৰৰ আলোচনামর্মে প্রায় তিনি বছৰ পিছত আমাৰ মাজত বিবাহ সম্পন্ন হৈছিল৷ সেইবাবে বহুতে কৈছিল যে বোৱাৰীত অভিনয় কৰি মই বাস্তৱ জীৱনতো বোৱাৰী হৈ পৰিলোঁ৷ অৱশ্যে তেওঁ নাই৷ হঠাতে তেওঁ আমাক এৰি ইহসংসাৰৰ পৰা বিদায় ল’লে৷
অভিনয় জীৱনৰ সুদীর্ঘ পৰিক্রমাত আপুনি অসংখ্য চলচ্চিত্র, চুটি ছবি আৰু ভিচিডিত অভিনয় কৰিছে৷ কোনকেইখন ছবিয়ে আপোনাক অভিনেত্রী ৰূপে প্রতিষ্ঠা লাভত সহায় কৰিলে?
উপপথ, মৰমী, মেঘমুক্তি আদিৰে মই চলচ্চিত্রত অভিনয় জীৱন আৰম্ভ কৰিছিলোঁ৷ ইয়াৰ কেইবছৰমানৰ পিছতে মই অভিনয় কৰা বোৱাৰী আৰু ককাদেউতাৰ নাতি আৰু হাতী চলচ্চিত্র দুখনে মুক্তিলাভ কৰে৷ দুয়োখন ছবি ব্যৱসায়িকভাৱে যথেষ্ট সফল হৈছিল আৰু ময়ো দর্শক–নুৰাগীৰ মাজত বিশেষ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ ছবি দুখনে মোক অভিনেত্রী হিচাপে স্বীকৃতি প্রদান কৰিলে আৰু অসমৰ দর্শকৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হ’লোঁ৷ এই দুখন ছবিৰ সফলতাৰ পিছত অসংখ্য প্রযোজক–পৰিচালকে মোলৈ অভিনয়ৰ বাবে প্রস্তাৱ আগবঢ়াইছিল৷ পৰৱর্তী সময়ত মই শকুন্তলা আৰু শংকৰ যোচেফ আলী, ব’হাগৰ দুপৰীয়া, পিতা–পুত্র, চিৰাজ, হিয়া দিয়া নিয়া, ড০ ভবেন্দ্র নাথ শইকীয়াৰ হিন্দী ছবি কালসন্ধ্যা, ইতিহাস, আৱর্তনৰ উপৰি প্রভাতী পখীৰ গান, সাৰথি, ৰঙানদী, বনানী, অহিৰ ভৈৰৱ, অন্য এক যাত্রা, আছেনে কোনোবা হিয়াত, শেষ উপহাৰ, এই মৰম তোমাৰ বাবে, গুণ গুণ গানে গানে, ইমান মৰম কিয় লাগে, বিধাতা, আই কিল্ড হিম ছাৰ, ৰাঘৱ আদিকে ধৰি অসংখ্য ছবিত অভিনয় কৰিছোঁ৷ ইয়াৰ উপৰি মই কেইবাখনো ভিচিডি আৰু চুটি ছবিত অভিনয় কৰিছোঁ৷ ৩০খনৰো অধিক ভিচিডি ছবিৰ লগতে একাধিক হিন্দী আৰু অসমীয়া দূৰদর্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছোঁ৷
আপোনাৰ জীৱনত বিশেষকৈ অভিনয়ৰ কেৰিয়াৰত সর্বাধিক প্রভাৱ কোনে পেলাইছিল?
মোৰ পিতৃ–মাতৃৰ উপৰি মোৰ জীৱনত সর্বাধিক প্রভাৱ পেলাইছিল মোৰ স্বামীয়ে৷ যাৰ বাবে মই বিয়াৰ পিছতো অভিনয় জীৱন অব্যাহত ৰাখিবলৈ সক্ষম হৈছিলোঁ৷ আনকি মোৰ শহুৰ দেউতাৰ পৰিয়ালটোৱেও মোক অভিনয়ৰ ক্ষেত্রত যথেষ্ট উৎসাহ যোগাইছিল৷ বিশেষকৈ মোৰ শহুৰ দেউতাৰ বিবাহৰ পিছত অভিনয় কৰাৰ প্রসংগত কৈছিল যে কাৰো ইচ্ছাক আৰু প্রতিভাক বাধা দিয়া উচিত নহয়৷ সেইবাবেই মই অভিনয় কৰিবলৈ অধিক আগ্রহী হৈ পৰিছিলোঁ৷ মোৰ স্বামী তপোব্রত বৰুৱাই মোক অভিনয় কৰিবলৈ সকলো প্রকাৰে সহায় কৰিছিল৷ ঘৰৰ সকলো দিশ তেওঁ চম্ভালি লৈছিল, যাৰ বাবে মই কোনো অসুবিধা নোহোৱাকৈ মোৰ কেৰিয়াৰ অব্যাহত ৰাখিব পাৰিছিলোঁ৷
আপুনি মাজতে প্রায় এটা দশকৰো অধিক কাল অভিনয়ৰ পৰা আঁতৰি আছিল? ইয়াৰ কাৰণ কি জনাবনে?
মই মাজতে প্রায় ১৪ বছৰ অভিনয় জগতৰ পৰা আঁতৰি আছিলোঁ৷ মোৰ ভৰিত হোৱা অস্ত্রোপচাৰৰ বাবে মই ১০ বছৰ কোনো কামতে ভাগ ল’ব পৰা নাছিলোঁ৷ মোৰ ভৰিত একাধিকবাৰ অস্ত্রোপচাৰ হোৱাত ধাৰণা হৈছিল যে হয়তো মোৰ অভিনয় কেৰিয়াৰ তাতে সমাপ্ত হ’ব৷ তদুপৰি ক’ভিডৰ বাবেও দুবছৰ কাম কৰিব পৰা নাছিলোঁ৷ মোৰ স্বামীৰ আকস্মিক বিয়োগত মই একপ্রকাৰ দিশহাৰা হৈ পৰিছিলোঁ৷ ক’তো একো বস্তু ভাল নলগা হৈ পৰিছিল৷ কিয়নো মই ঘৰৰ কোনো কামেই জনা নাছিলোঁ৷ তেওঁ সকলো কাম কৰিছিল আৰু মই কেৱল অভিনয়ত মনোনিৱেশ কৰিছিলোঁ৷ এই অৱস্থাৰ পৰা উভতি আহোঁতে মোৰ যথেষ্ট সময়ৰ প্রয়োজন হৈছিল৷ বহু আত্মীয়ৰ বুজনি আৰু পৰামর্শৰ পিছত মই পুনৰ কিছু পৰিমাণে অভিনয়ৰ কামত নামি পৰিছিলোঁ৷
সম্প্রতি অসমত ভ্রাম্যমাণ থিয়েটাৰৰ এক বিশেষ স্থান আছে৷ গ্লেমাৰসম্পন্ন অভিনেতা–অভিনেত্রীসক ভ্রাম্যমাণ থিয়েটাৰত অভিনয় কৰে৷ আপুনি ভ্রাম্যমাণ থিয়েটাৰত অভিনয় কৰাৰ কথা কিয় নাভাবিলে?
ভ্রাম্যমাণ থিয়েটাৰসমূহে অসমৰ নাট্য জগতখনক নিশ্চিতভাৱে সমৃদ্ধ কৰি আহিছে৷ বহু স্বনামধন্য শিল্পীয়ে ভ্রাম্যমাণৰ মঞ্চত অভিনয় কৰি দর্শকক আপ্লুত কৰিছে৷ মোলৈও ভ্রাম্যমাণত অভিনয় কৰাৰ বাবে যথেষ্ট প্রস্তাৱ আহিছিল৷ কহিনুৰ, আৱাহন, হেঙুল, বৰদৈচিলা আদিকে ধৰি কেইবাখনো ভ্রাম্যমাণ থিয়েটাৰৰ প্রযোজকে মোক অভিনয় কৰাৰ বাবে অনুৰোধ জনাইছিল৷ কিন্তু সুদীর্ঘ সময় ঘৰৰ পৰা আঁতৰি থাকিব লাগে বাবেই মই ভ্রাম্যমাণত অভিনয় কৰিবলৈ আগ্রহ প্রকাশ নকৰিলোঁ৷ কাৰণ ছবিৰ অভিনয়ৰ বাবেও বহু সময় পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়৷ সেইবাবে ভ্রাম্যমাণত অভিনয় কৰি বছৰটোৰ অধিকাংশ সময় ঘৰখনৰ পৰা আঁতৰি থাকিব নিবিচাৰিলোঁ৷
আপুনি সুদীর্ঘ সময় চলচ্চিত্রত অভিনয় কৰি অসমৰ দর্শকক বহু সুন্দৰ সুন্দৰ ছবি উপহাৰ দিলে৷ এই সময়ছোৱাত আপুনি কি পালে?
মই চাৰিটা দশকজোৰা কেৰিয়াৰত এইপর্যন্ত অসংখ্য ছবিত অভিনয় কৰিলোঁ৷ এই সময়ছোৱাত মই বহু খ্যাতনামা শিল্পী, অভিনেতা–ভিনেত্রী, পৰিচালক আৰু প্রযোজকৰ সান্নিধ্য লাভ কৰিলোঁ৷ প্রথমখন ছবিত অভিনয় কৰাৰ সময়ত মই আব্দুল মজিদ, ভবেশ বৰুৱা, বিজু ফুকন, প্রাঞ্জল শইকীয়া, হীৰেন চৌধুৰী, চেতনা দাসৰ সৈতে পাইছিলোঁ৷ পৰৱর্তী সময়ত পৰিচালক শিৱপ্রসাদ ঠাকুৰ, ড০ ভবেন্দ্রনাথ শইকীয়া, জাহুণ বৰুৱা, বিদ্যুৎ কুমাৰ চক্রৱর্তীৰ লগতে বহু বৰেণ্য ব্যক্তিক লগ পালোঁ৷ অভিনয় নকৰা হ’লে মই কেতিয়াও এই ব্যক্তিসকলৰ সান্নিধ্য নাপালোঁহেঁতেন৷ তদুপৰি অভিনয় কৰি অসমৰ ৰাইজৰ যথেষ্ট মৰম, শ্রদ্ধা আৰু আশীর্বাদ লাভ কৰিছোঁ৷ অভিনয় কৰা বাবেই মই সমগ্র অসমজুৰি এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছোঁ৷
অভিনেত্রী নহ’লে আপুনি কি কৰিলেহেঁতেন? আপোনাৰ শৈশৱৰ সপোন কি আছিল?
পূর্বেও উল্লেখ কৰিছোঁ যে মই কেতিয়াও অভিনেত্রী হোৱাৰ সপোন দেখা নাছিলোঁ৷ ঘটনাক্রমেহে মই অভিনয় জগতত সোমাই পৰিছিলোঁ৷ অভিনেত্রী নহ’লে হয়তো মই শিক্ষকতা কৰিলোঁহেঁতেন৷ কাৰণ শিক্ষকতা বৃত্তিক মই শ্রদ্ধা কৰোঁ৷ সৰুতে স্কুলৰ পৰা আহি বাইদেউহঁতে পঢ়ুওৱা অভিনয় কৰিছিলোঁ৷ ইয়াৰ মাজতে হয়তো মোৰ শিক্ষক হোৱাৰ সপোন লুকাই আছিল৷ কিন্তু কলেজত পঢ়ি থকা সময়ৰ পৰাই এনেদৰে অভিনয় জগতত সোমাই পৰিলোঁ যে অন্য বৃত্তিৰ কথা ভবাৰ অৱকাশেই নাপালোঁ৷
জীৱনত সফলতা লাভৰ বাবে কি কৰা উচিত?
মানুহৰ জীৱনটো এবাৰেই পোৱা যায়৷ যিহেতু পৃথিৱীলৈ আহিছোঁ গতিকে ভাল কাম কৰি যাব লাগে৷ অৱশ্যে সহজে কোনো কামতে সফলতা পোৱা নাযায়৷ আমিও এগৰাকী অভিনেত্রী হিচাপে প্রতিষ্ঠা লাভ কৰাৰ বাবে অশেষ কষ্ট কৰিছোঁ৷ একে সময়তে দুখন দুখন ছবিৰ শ্বুটিঙত অংশ ল’বলৈ গৈ দিন–ৰাতি একাকাৰ কৰিছোঁ৷ গতিকে জীৱনটো সফল কৰি তুলিবলৈ আমি সংগ্রাম কৰিবই লাগিব৷
নতুন প্রজন্মৰ শিল্পীসকলৰ বিষয়ে আপুনি কি ক’ব?
নতুন চাম শিল্পীৰ মাজত যথেষ্ট প্রতিভা দেখিবলৈ পাইছোঁ৷ আমি একো নজনাকৈয়ে অভিনয় কৰিবলৈ আহিছিলোঁ৷ কিন্তু এতিয়া সেই পৰিৱেশৰ সলনি হৈছে৷ নতুন চামে বহু পঢ়ি–শুনি এই জগতখনত নামি পৰিছে৷ গতিকে নতুন প্রজন্মৰ হাতত অসমৰ সাংস্কৃতিক জগতখন সুৰক্ষিত বুলি মই অনুভৱ কৰোঁ৷ অৱশ্যে কোনোবাই যদি সস্তীয়া জনপ্রিয়তাৰ কথা ভাবি আহিছে তেওঁলোক কেতিয়াও স্থায়ী হ’ব নোৱাৰে৷ স্থায়ী আসন লাভৰ বাবে মাধ্যমটোৰ প্রতি শ্রদ্ধা থাকিব লাগিব৷ উদ্যোগটোৰ সকলো শিল্পী, কলা–কুশলীৰ এনে শ্রদ্ধা থাকিলেহে উদ্যোগটোক আগুৱাই নিব পৰা যাব৷