বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰঃ এডিচি সুকন্যা বৰাৰ ৰহস্যজনক কাহিনী শুনি হতবাক মুখ্যমন্ত্ৰী তদাৰকী শাখা৷ মাতৃক মানসিক ৰোগী সজাই সুকন্যাই হস্তগত কৰিছিল পৈতৃক সম্পত্তি৷ সুকন্যাই নলবাৰীৰ এখন মানসিক চিকিৎসালয়ত ৰাখিছিল মাতৃক৷ পিছত ঘৰৰ পৰা ভাতৃকো উলিয়াই দিছিল কলংকিত সুকন্যাই৷ বিভিন্ন প্ৰকাৰে সুকন্যাই নিজৰ নামত হস্তগত কৰিছিল মাটি-সম্পত্তি৷ মৰিগাঁৱত সুকন্যাৰ আছে ১৭ বিঘা ২ লেচা ভূমি৷ কামৰূপ আৰু কামৰূপ মহানগৰতো আছে বিশাল মাটি সম্পত্তি৷ গুৱাহাটীৰ হাতীগাঁও, দক্ষিণ শৰণীয়া, জয়ানগৰ, কাহিলিপাৰাত আছে মাটি সম্পত্তি৷ কাৰ্বি আংলঙত চাকৰি কৰা সময়ত দুৰ্নীতিত জড়িত আছিল নেকি সুকন্যা? সেই উত্তৰ বিচাৰি ভিজিলেঞ্চে পত্ৰ প্ৰেৰণ কৰিছে কাৰ্বি আংলঙলৈ৷ পাছপোৰ্টৰ তথ্য বিচাৰিও পাছপোৰ্ট কাৰ্যালয়লৈ পত্ৰ লিখিছে ভিজিলেঞ্চে৷ দেশৰ বিভিন্ন প্ৰান্তত অৱসৰ বিনোদনত সুকন্যাই ব্যয় কৰিছিল বৃহৎ ধন৷ সুকন্যাৰ জয়ানগৰৰ বিলাসী ফ্লেটৰ পৰা উদ্ধাৰ কোটি কোটি টকাৰ সামগ্ৰী৷ ৮ লাখ টকীয়া কেইবাযোৰ আমদানিকৃত মেখেলা-চাদৰ জব্দ ৷ লাখ টকীয়া বাচন-বৰ্তনো জব্দ কৰিছে ভিজিলেঞ্চে৷ সুকন্যাই বহিঃৰাজ্যৰ পৰা ক্ৰয় কৰা একোখন ফেনৰ মূল্য ৪০-৫০ হাজাৰ ৷ ইফালে জেৰাত সুকন্যাই আৰক্ষীক দিয়া নাই কোনো বেংক লকাৰৰ তথ্য৷ যাৰ বাবে সুকন্যাৰ একাউন্ট থকা তিনিটা বেংকলৈ পত্ৰ লিখিছে ভিজিলেঞ্চে৷ ষ্টেট বেংক, এইচ ডি এফ চি আৰু পঞ্জাব নেচনেল বেংকত আছে সুকন্যাৰ একাউন্ট৷ কেৱল ধন-সম্পত্তিতে সন্তুষ্ট নাছিল কলংকিত সুকন্যা বৰা৷ ক্ষমতাৰ বাবেও সকলো পৰ্যায় পাৰ কৰিব পাৰিছিল সুকন্যাই ৷ বিভিন্ন শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল সুকন্যাই৷ ঘনিষ্ঠতাৰ সুযোগ লৈ বিভিন্ন স্থানত নিযুক্তি লৈছিল সুকন্যাই৷ আনকি গুৱাহাটীত GDDৰ দায়িত্ব লওঁতেও ঘনিষ্ঠতাৰ সুযোগ লৈছিল সুকন্যাই৷ আনহাতে আমিনগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ এজন এল ডিৰ সৈতেও সুসম্পৰ্ক আছিল সুকন্যাৰ৷ এল ডিজনৰ সহায়ত কামৰূপত গঢ়িছিল বৃহৎ মাটি-সম্পত্তি৷ ইয়াৰ বাবে এল ডিজনকো জেৰা কৰিব ভিজিলেঞ্চে৷ ইয়াৰ উপৰি শীঘ্ৰে সুকন্যাক গ্ৰেপ্তাৰ কৰিব ভিজিলেঞ্চে ৷ ভিজিলেঞ্চৰ শীৰ্ষ বিষয়াৰ পৰা পোৱা গৈছে এই তথ্য ৷
#বাৰ্তা ডেস্ক