নিয়মীয়া বাৰ্তা, ২০ জুলাই : কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অধীনৰ চিথিলা বজাৰত দীৰ্ঘদিনৰ পৰা ঠায়ে ঠায়ে জাবৰৰ দ’ম বান্ধি থকাৰ ফলত বজাৰ অঞ্চল লেতেৰা-কদৰ্যময় হৈ পৰিছে। সেই হেতুকে আজি চিথিলাৰ সমাজসেৱক তথা প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেৱনাথে দেখুৱালে আদৰ্শ । সুকুমাৰ দেৱনাথে ব্যক্তিগতভাৱে উদ্যোগ লৈ নিজে হাতত ঝাড়ু আৰু বেলচা ধৰি ট্ৰেক্টৰেৰে বজাৰৰ জাবৰ পৰিষ্কাৰ কৰে । আজি চিথিলা বজাৰত চাফাই অভিযানত সুকুমাৰ দেৱনাথৰ লগতে উপস্থিত থাকে স্থানীয় সমাজসেৱক ৰাজু কুমাৰ বৰ্মন, নবিয়ৎ জামাল মিঞা আদি। দীৰ্ঘদিনৰ পৰা লেতেৰা হৈ থকা বজাৰখন পৰিষ্কাৰ কৰাত ধন্যবাদ জনায় স্থানীয় লোকে ।
প্ৰেৰক কৃষ্ণ বৰ্মন