নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ ৰকিবুল হুছেইনক বিচাৰি চামগুৰিত শুকুৰ আলী

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক বিচাৰি আজি চামগুৰিত উপস্থিত হয় শুকুৰ আলী৷ শুকুৰ আলীয়ে চামগুৰিত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে৷ শুকুৰ আলীয়ে কয় যে ধুবুৰীৰ অলিয়ে-গলিয়ে সাংসদ ৰকিবুল হুছেইন নিৰুদ্দেশ বুলি পোষ্টাৰিং হৈছে৷ যাৰ বাবে ধুবুৰীবাসী ৰাইজে ৰকিবুল হুছেইনক বিচাৰিবলৈ শুকুৰ আলীক চামগুৰি সমষ্টিলৈ প্ৰেৰণ কৰিছে৷ চামগুৰিতো শুকুৰ আলীয়ে ৰকিবুল হুছেইনক বিচাৰি পোৱা নাই৷ যোৱা লোকসভা নিৰ্বাচনত ধুবুৰীৰ মানুহে আৱেগিক হৈ কংগ্ৰেছক ভোট দিছিল৷ ধুবুৰীত আমজল একেৰাহে ৩বাৰকৈ সাংসদ হৈ ধুবুৰীৰ মানুহক মানুহ হিচাপে গন্য কৰা নাছিল যাৰ বাবে মানুহে আৱেগিক হৈ ৰকিবুলক নহয় কংগ্ৰেছকহে ভোট দিছিল৷ ধুবুৰীত নিৰ্বাচনৰ সময়ত আজমলক বিজেপিৰ টিম বুলি কৈ ফুৰিছিল৷ এতিয়া চামগুৰি সমষ্টিত উপ-নিৰ্বাচনত আজমলৰ প্ৰকৃত ৰূপ দেখিবলৈ পোৱা গৈছে৷ লোকসভা নিৰ্বাচনৰ পিছত আজমলে পৰাজয়ৰ পোতক চামগুৰি উপ-নিৰ্বাচনত উঠাব বুলি দম্ভালি মাৰি ফুৰিছিল৷ কিন্তু কংগ্ৰেছ আৰু এআইইউডিএফৰ গোপন মিত্ৰতা ফাদিল কৰিলে আজমলে৷ ৰকিবুল হুছেইনৰ লৰা তাঞ্জিল হুছেইন হৈছে  আজমলৰ ভতিজা, গতিকে আমজলে ভতিজা জিকি আহাটো বিছাৰি চামগুৰিত এআইইফডিএফ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বুলি মন্তব্য কৰে শুকুৰ আলীয়ে৷ চামগুৰি সমষ্টিত ৰকিবুল হুছেইন গ’ বেগ আৰু মুৰ্দাবাদ সম্পৰ্কে শুকুৰ আলীয়ে কয় যে চামগুৰিত ৰকিবুলৰ পিতৃ প্ৰয়াত নুৰুল হুছেইন মন্ত্ৰী আছিল, ৰকিবুল হুছেইন নিজে মন্ত্ৰী আছিল এতিয়া আকৌ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰক্ষেপ কৰিছে ৷ ৰকিবুল হুছেইনৰ পৰিয়ালে যোৱা ৩৫টা বছৰ চামগুৰিত ৰাজত্ব কৰি সমষ্টিটো ধ্বংশ কৰি পেলাইছে যাৰ বাবে এতিয়া সমষ্টিটোৰ চুকে-কোণে ৰকিবুল হুছেইন গ’ বেগ আৰু মুৰ্দাবাদ ধ্বনি শুনিবলৈ পোৱা যায়৷ শুকুৰ আলীয়ে আজিৰ পৰা চামগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷
প্ৰেৰক জহিৰুল ইছলাম
You might also like