নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰে অবৈধ সম্পৰ্কৰ বাবে ডিফুৰ শুকুৰি তিছ’পীক হত্যা পুত্ৰৰ

বিশেষ বাৰ্তা, ১৮ জুন : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ গাতে লাগি থকা ১২নং ৱাৰ্ডৰ আৰ্লং লাংছ’ত সংঘটিত হত্যাকাণ্ডই ল’লে নতুন মোৰ। লাহে উন্মোচিত হ’বলৈ লৈছে এটাৰ পৰা এটা নতুন তথ্য। ঘটনা সন্দৰ্ভত ডিফু আৰক্ষী থানাত ৰুজু হৈ থকা ৩৯/২৪ নং গোচৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখি এইপৰ্যন্ত কাৰ্বি আংলং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি যুৱকক। উল্লেখ্য যে যোৱা ১১ জুনৰ নিশা প্ৰায় এক বজাত ডিফুৰ আলং লাংছ’ত দুই ভগ্নীৰ স’তে বাস কৰা ২৩ বছৰীয়া শুকুৰি তিছ’পীক সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি কোনো দূৰ্বৃত্তই মূৰত গুলীয়াই হত্যা কৰিছিল। খালি কাৰ্টুজ প্ৰত্যক্ষ কৰি পিষ্টলেৰে গুলিওৱা হৈছিল বুলি আৰক্ষী নিশ্চিত হ’বলৈ পাৰিছিল যদিও উদ্ধাৰ হোৱা নাছিল হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ। পৰৱৰ্তী সময়ত কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত গঠন কৰা হয় এছ আই টি। অব্যাহত ৰাখে জোৰ তদন্ত। এই পৰ্যন্ত তিনি যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ হৈছে হত্যাকাণ্ডত ব্যৱহৃত ৭.৬৫ পিষ্টলটো। এই কথা আৰক্ষী সূত্ৰত প্ৰকাশ। গ্ৰেপ্তাৰ হোৱা যুৱক তিনিজন ক্ৰমে মুক্ৰাং তেৰাং, ৰাংছিনা ৰংপি আৰু প্ৰবীণ ৰংপি। ইয়াৰে প্ৰবীণ ৰংপি এসময়ৰ প্ৰভাৱশালী উগ্ৰপন্থী সংগঠন কাৰ্বি পিপ’লছ লিবাৰেছন টাইগাৰ চমুকৈ কে. পি. এল. টি.ৰ প্ৰাক্তন সদস্য। আজি এক সংবাদমেলৰ আয়োজন কৰি সমস্ত ঘটনা সন্দৰ্ভত অৱগত কৰে কাৰ্ব আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই। জানিব পৰা মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুক্ৰাঙৰ পিতৃৰ স’তে অবৈধ সম্পৰ্ক আছিল শুকুৰি তিছ’পীৰ। অবৈধ প্ৰেমৰ বাবেই পুত্ৰই হত্যা কৰিলে পিতৃৰ প্ৰেয়সীক! পিতৃৰ স’তে থকা সম্পৰ্কৰ বাবেই শুকুৰি তিছ’পীক হত্যাৰ বাবে ধন ব্যয় কৰিছিল মুক্ৰাঙে। হত্যাত ব্যৱহাৰ হোৱা ৭.৬৫ পিষ্টলটো আৰু দুটা সজীৱ গুলী কালি নিশা ডিফু – দলদলি পথৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। পিষ্টলটো ক্ৰয় কৰা হৈছিল নগালেণ্ডৰ ডিমাপুৰৰ পৰা। অৱশ্যে কোনে শুকুৰী তিছ’পীক গুলিয়াইছিল, সেই কথা প্ৰকাশ কৰা নাই আৰক্ষীয়ে। এই হত্যাকাণ্ডত এতিয়াও আন বহু কেইজন লোকক আটক কৰিবলৈ বাকী আছে বুলি আৰক্ষী অধীক্ষগৰাকীয়ে সদৰি কৰিছে। মুক্ৰাং তেৰাঙৰ পিতৃকো জেৰা চলাই থকা হৈছে বুলি সংবাদ মেলত ব্যক্ত কৰিছে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like