নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জে’লতে থাকিব লাগিব চুমি–বিশাল–তার্কিক

🔹 ৰাজ্য কঁপোৱা অনলাইন ট্রেডিং কেলেংকাৰি

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ফেব্রুৱাৰী : কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পথ এতিয়াও প্রশস্ত হোৱা নাই কেইবাহাজাৰ কোটিটকীয়া ট্রেডিং কেলেংকাৰিৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন আৰু তার্কিক বৰাৰ৷ ডিব্রুগড়ৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি তিনি অভিযুক্তই কোনো সকাহ লাভ নকৰিলে৷ কালি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে তিনি অভিযুক্তৰ জামিন আবেদন নাকচ কৰে৷ ইয়াৰ লগে লগে চুমি–বিশাল–তার্কিকে কাৰাগাৰতে অধিক দিন কটাবলগীয়া হোৱাটো নিশ্চিত হৈছে৷ উল্লেখ্য যে ৰাজ্যত চলি থকা অনলাইন ট্রেডিং কেলেংকাৰিৰ বিয়াগোম কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে কেইবাটাও গোচৰ ৰুজু হয়৷ বিনিয়োগৰ বিনিময়ত অধিক মুনাফা আদায় দিয়াৰ প্রতিশ্রুতিৰে চুমি–বিশাল–তার্কিকে বহু লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সংগ্রহ কৰা ধন চুমি–বিশাল–তার্কিকে বিনিয়োগ কৰাৰ পৰিৱর্তে আত্মসাৎ কৰে বুলিও বহু বিনিয়োগকাৰীয়ে অভিযোগ কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত ডিব্রুগড় আৰক্ষীয়ে চুমি–বিশাল–তার্কিকক গ্রেপ্তাৰ কৰে৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ অনুৰোধ মর্মে অনলাইন ট্রেডিং কেলেংকাৰিৰ গোচৰৰ তদন্তৰ ভাৰ চিবিআয়ে গ্রহণ কৰে৷ চিবিআয়ে তিনিওকে নিজৰ জিম্মাত লৈ মাৰাথন জেৰা চলায়৷ অৱশ্যে চিবিআইৰ গোচৰত তিনি অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হয়৷ তৎসত্ত্বেও ডিব্রুগড়ৰ বৰবৰুৱা আৰু দুলীয়াজান থানাত ৰুজু হৈ থকা গোচৰত জামিন লাভ নকৰাৰ বাবে কাৰাগাৰৰ পৰা মুক্তি লাভ নকৰিলে৷ সেয়েহে পুনৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত জামিন বিচাৰি চুমি–তার্কিক–বিশালে পুনৰ আবেদন দাখিল কৰে৷

You might also like