নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰেকফাষ্ট-কোঠাৰ ভাড়া পৰিশোধ কৰা নাই চুমীয়ে : ডিব্ৰুগড়ৰ চিকিৎসকক জেৰা

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ অপৰাধীক থানালৈ নানি, ডিব্ৰুগড়ৰ জিমখানা ক্লাবলৈ কিয় লৈ যোৱা হল তাকে লৈ মুখ্যমন্ত্ৰীয়ে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি তাৰ তদন্ত ঘোষণা কৰাত এতিয়া ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক জোকাৰণিৰ স্বৃষ্টি হৈছে। লগতে মুখ্যমন্ত্ৰীয়ে জিমখানা ক্লাবত অপৰাধী,প্ৰৱঞ্চক চুমী আৰু তাৰ্কিক বৰাক থানাত হাজিৰ কৰাৰ পূৰ্ৱে এটা নিদিষ্ট চেটেলাইট চেনেলৰ আগত ইন্টাৰভিউ দিয়া কাৰ্যতো হতভম্ব হৈ তদন্তৰ ব্যৱস্থা কৰি প্ৰতিবেদন দিবলৈও নিৰ্দেশ জাৰি কৰিছে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হল যে কাৰ নিৰ্দেশ বা আদেশত চুমী আৰু তাৰ্কিকক নিশাই জিমখানা ক্লাবলৈ লৈ যোৱা হৈছিল? যদিহে আৰক্ষী বিভাগৰ লোকে নিছিল, তেন্তে তেওঁলোকক জবাবদিহি কৰা হব নে? সেয়া তদন্তৰ পাছতহে সকলো পোহৰলৈ আহিব। আনহাতেদি বিগত সময়চোৱাত ডিব্ৰুগড়ত চৰ্চিত আৰু উথাপিত অভিযোগৰ বিষয়টো হৈছে যে চুমী আৰু তাৰ্কিক ডিব্ৰুগড় মহানগৰৰ খনিয়া গাঁৱৰ এগৰাকী বিশিষ্ট ব্যৱসায়ীৰ ঘৰত গ্ৰেপ্তাৰ কৰাৰ পূৰ্ৱে চাৰি দিন ধৰি আত্মগোপন কৰি আছিল। আৰু অভিযোগ অনুসৰি চুমীৰ আত্মসমৰ্পণৰ ভিডিঅ’টো উক্ত ঘৰতেই ৰেৰ্কডিং কৰি ভাইৰেল কৰিছিল। এতিয়া প্ৰশ্ন হয় বিগত দহ দিনে চুমীৰ পলায়ন বা আত্মগোপনৰ পাছত ৰাজ্যৰ কোন প্ৰভাৱশালী লোকৰ মন্ত্ৰণাত চুমীয়ে শ্ৰতলিপি অনুসৰি সেই নিদিষ্ট ভিডিঅ’ প্ৰচাৰ কৰিছিল? সেয়াও তদন্তৰ আওঁতাত নিশ্চয়কৈ আহিব। অৰ্থাৎ এনে দিশৰ পৰা চুমী ৰাজ্যৰ বাহিৰলৈ যোৱাৰ অৱকাশ থাকিব নালাগে আৰু যোৰহাটৰ কাছগৰাঁলতেই আত্মগোপন কৰা বুলি চুমীয়ে স্বীকাৰোক্তি দিলেও গাওঁবাসীয়ে সেয়া প্ৰত্যক্ষভাবেই নুই কৰিছে। ইয়াৰ পৰা এইটো অনুমান হয় যে চুমী প্ৰথমাৱস্থাত গুৱাহাটীৰ শিল্পী দিক্ষুৰ ঘৰত বাহৰ পতাৰ পাছত উজনিৰ গোলাঘাট জিলাৰ অসম-নগালেণ্ডৰ সীমামূৰীয়া কোনো অখ্যাত গাঁৱত আত্মগোপন কৰিছিল। সকলোৰে সৈতে যোগসূত্ৰ বিচিন্ন হোৱাত আৰু আপোন বুলি ভবা মানুহৰ পৰা প্ৰতাৰিত হোৱাৰ পাছত ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ীৰ জীয়ৰী বান্ধৱী হোৱাৰ সুবাদতে ডিব্ৰুগড় মহানগৰত উক্ত ব্যৱসায়ীগৰাকীৰ ঘৰত আত্মসমৰ্পণৰ উদ্দেশ্যে বাহৰ পাতিছিল বুলিও এতিয়া সমগ্ৰতে ব্যাপক চৰ্চা লভিছে। অভিযোগ অনুসৰি একাংশ আৰক্ষীৰ সকলো জ্ঞাত আছিল যদিও প্ৰকাশৰ পৰা বিৰত থকা বুলিও আলোচনা হৈছে। কাজেই বিশিষ্ট ব্যৱসায়ীগৰাকীৰ ঘৰৰ পৰা নিশা ওলাই গৈ পূৰ্ৱ পৰিকল্পিত প্লেন অনুসৰি ডিব্ৰুগড়ৰ জিমখানা ক্লাবত উপস্থিত হয় আৰু তাতেই চুমী আৰু কাৰ্তিকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে ৰাজ্যৰ এক নিদিষ্ট চেটেলাইট চেনেলে। যিটো নেকি সেই নিশাই সম্প্ৰচাৰিত হৈছিল একমাত্ৰ চেনেলটোত। লগতে আন এটা চেনেলত ডিব্ৰুগড়ৰ সদৰ থানাৰ লক আপত থকা চুমী আৰু তাৰ্কিকৰ প্ৰথম ফটো প্ৰকাশ হোৱা বুলিও গুৰুতৰ অভিযোগ উঠিছে। এইখিনিতে প্ৰশ্ন হয় যে জিমখানা ক্লাবৰ মেনেজাৰে চুমী আৰু তাৰ্কিক, আৰক্ষীসহ পুৱা ৫:৩০ বজাত অহা বুলি দাবী কৰিলেও চুমী আৰু তাৰ্কিকৰ নিশাৰ ভাগত গ্ৰহণ কৰা সাক্ষাৎকাৰ ক’ত সম্পন্ন হৈছিল, সেয়াও বিচাৰ্যৰ বিষয়। ইফালে জিমখানা ক্লাবৰ ২১নং আৰু ২৪ নং কোঠা দুটা চুমীৰ বাবে লোৱা হৈছিল যদিও আজি পৰ্যন্ত চুমীহঁতে গ্ৰহণ কৰা ব্ৰেকফাষ্ট আৰু অনান্য আহাৰ আৰু কোঠাৰ ভাড়া পৰিশোধ কৰা নাই বুলিও জানিব পৰা গৈছে। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনলাইন সৰ্ম্পকীয় ৩২টা গোচৰৰ ভিতৰতত ডিব্ৰুগড় সদৰ থানাত পঞ্জীয়নভুক্ত অভিযুক্ত বিশাল আৰু চুমীৰ গোচৰটোও আছে। জানিব পৰা অনুসৰি ৩২টা গোচৰ চি বি আইক হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হোৱা পৰ্যন্ত বিশালৰ গোচৰ অসম আৰক্ষীৰ অপৰাধ আৰু অনুসন্ধান শাখাই তদন্ত আৰু তদাৰক কৰি থাকিব।জানিব পৰা অনুসৰি অনলাইন ট্ৰেডিঙৰ ৩২টা গোচৰ চিবিআইক গতাবলৈ যোৱা প্ৰক্ৰিয়াত প্ৰায় ১ মাহৰ প্ৰয়োজন হ’ব। এই এটা মাহলৈকে চি আই ডিয়েই চলাই নিব বিশাল-চুমীৰ গোচৰটো। ইফালে আৰক্ষীৰ জেৰাত চুমী তাৰ্কিকৰ স্বীকাৰোক্তি পৃথক পৃথক হোৱাত বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। কোন সঁচা বা কোন মিছা সেয়া তদন্তৰ শেষতহে প্ৰতিপন্ন হব। ইফালে চি আই দিৰ জেৰাত অম্লান আৰু তাৰ্কিকৰো স্বীকাৰউক্তিও পৃথক পৃথক।খবৰ অনুসৰি অম্লানে গুৱাহাটীৰ পৰা চি আই দিৰ দলৰ লগত গাড়ীত আহি থকা অৱস্থাত যিখিনি কথা চি আই ডি দলক কৈছিল, সেই কথাৰ লগত তাৰ্কিকে জেৰাত প্ৰকাশ কৰা কথাৰ কোনো মিল নাই। আন এক তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ এজন শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ ৬ পৰা  ৮ কোটি টকা তাৰ্কিকে অনাৰ কথা অস্বীকাৰ চি আই ডিৰ জেৰাত। কিন্তু এই বিষয়ত সম্পূৰ্ণ তথ্য আছিল চি আই ডি ওচৰত। চুমীয়ে আৰক্ষীৰ জেৰাত এবাৰ যদি বিশালক ভায়েক বুলি চিনাকি দি উদয়পুৰৰ বিয়াৰ সকলো খৰচ বিশালে স্বইচ্চাই দিয়া বুলি সদৰী কৰি, কোনো হীৰাৰ আঙঠি নিদিয়া বুলি কৈ ক’ত থৈছে সেয়াও পাহৰিল বুলি স্বীকাৰোক্তি দি আৰক্ষীক বিভ্ৰান্ত কৰিছে বুলিও তদন্তৰ খবৰ ওলাইছে।মুঠৰ ওপৰত চুমী আৰু তাৰ্কিকৰ ভাষ্য সম্পূৰ্ণ বিপৰীত, সেয়ে আৰক্ষীয়ে যথেষ্ট ক্লু পোৱা বুলিও ধাৰণা কৰিব পাৰি। মহানগৰখনত চৰ্চা অনুসৰি বিশালৰ লগত কেৱল ভায়েকৰ সম্বন্ধ আছে বুলি আৰক্ষীৰ আগত চুমীয়ে স্বীকাৰোক্তি দিয়াৰ সময়ত আৰক্ষীয়ে বিশাল আৰু চুমীৰ মধুৰ মুহূৰ্তৰ এখন ফটো দাঙি ধৰাত চুমীয়ে হুকহুককৈ কান্দি উঠিল।অবশ্যে ইয়াৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই।
ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসকক আচুতীয়া স্থানত জেৰা
ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসকক মহানগৰৰ আচুতীয়া স্থানত আজিৰে পৰা আৰক্ষীৰ তদন্তকাৰী দলে জেৰা আৰম্ভ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক, ব্যৱসায়ী তথা বিশালৰ অনলাইন ব্যৱসায়ত বিনিয়োগ কৰা সকলক তদন্তত সহযোগ কৰিবৰ বাবে আৰক্ষীয়ে চমন জাৰি কৰিছিল। সেয়ে চুমী আৰু তাৰ্কিক গ্ৰেপ্তাৰ কৰাৰ পাছতে তদন্তকাৰী গোট তৎপৰ হৈ পৰিছে।জানিব পৰা অনুসৰি বিশাল আৰু চুমীয়ে প্ৰতিষ্ঠা কৰা পাৰ্চেলিয়া নামৰ ঔষধ কোম্পানীৰ উদ্বোধনৰ সময়ত উপস্থিত থকা ডিব্ৰুগড়ৰ বিশিষ্ট অস্থিৰোগ বিভাগৰ চিকিৎসক, এনাস্থেচিয়াৰ চিকিৎসক, গ্ৰেষ্টএনট্ৰাইটিছ ৰোগৰ চিকিৎসকক পৃথকে পৃথকে জেৰা কৰিছে বুলিও জানিব পৰা গৈছে। অৱশ্যে কোনো কোন বিশিষ্ট চিকিৎসকক জেৰা কৰিছে আৰু ক’ত, কেনেকৈ জেৰা কৰিছে সেই সন্দৰ্ভত তদন্তকাৰী গোটে কোনো তথ্য সদৰী কৰাৰ পৰা বিৰত আছে।জানিব পৰা অনুসৰি তাৰ্কিকৰ ভায়েক অম্লানকো তদন্তকাৰী গোটে সদৰ থানাৰ পৰিৱৰ্তে মহানগৰৰ কোনো এক বিশেষ স্থানত জেৰা চলাই আছে যদিও তথ্য প্ৰকাশ কৰা নাই।অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ ভালেসংখ্যক চিকিৎসকেও বিশালৰ সাম্ৰাজ্যত বহু কোটি টকা বিনিয়োগ কৰাৰ খবৰ আছে। এতিয়া সেই ধন তেওঁবিলাকে ঘূৰাই পোৱাত কোনো নিশ্চয়তা নথকাৰ লগতে আন এক আইনী মেৰপেচত সোমাই পৰাৰ সম্ভাৱনাও নথকা নহয়।
প্ৰেৰক বিভাস দুৱৰা
You might also like