নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুমি-তাৰ্কিকক ৰাজআতিথ্য দিবলৈ তৎপৰ ডিব্ৰুগড়ৰ সদৰ থানাৰ আৰক্ষী

আত্মসমৰ্পণ কৰিবলৈ বাধ্য হল মহাপ্ৰৱঞ্চক চুমি-তাৰ্কিক

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ অৱশেষত মূল নাটৰ যৱনিকা পৰিল,শেষ হল এখন ৰহস্যঘন নাট।সুদীৰ্ঘ ১০ দিন আৰক্ষীৰ চকুত ধুলি দি শেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হল বহু বিৰ্তকিত, চলনাময়ী, প্ৰবঞ্চক, অবৈধভাবে বহু কোটি টকাৰ গৰাকী হোৱা চুমি আৰু তাৰ্কিক বৰা।কালি বিয়লি এক ভিডিঅ’ৰ জৰিয়তে সংবাদ মাধ্যমক একপ্ৰকাৰ দোষাৰোপ কৰি নিজকে ধুৱা তুলসীৰ পাত সজাই আত্মসমৰ্পণ কৰিম বুলি ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছত অতি নাটকীয়ভাবে একপ্ৰকাৰ আজি ডিব্ৰুগড়ৰ সদৰ থানাত পুৱা ৮:৪৫ বজাত বিশাল আৰক্ষী বাহিনীসহ উপস্থিত হয় চুমী আৰু তাৰ্কিক বৰা। মুখত এখন নীলা মাক্স পৰিধান কৰি চুমি আৰক্ষীৰ বেহুত অহাৰ বিপৰীতে কিন্তু তাৰ্কিক সাধাৰণভাবেই সদৰ থানাৰ ভিতৰত প্ৰবেশ কৰিছিল। জিলা আৰক্ষী অধীক্ষক ৰেদ্দীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি এচটিএফৰ দলে গ্ৰেপ্তাৰ কৰি আজি পুৱাই সদৰ থানাত চুমী আৰু তাৰ্কিকক চমজাই দিছে।কত,কেতিয়া আৰু কেনেকৈ গ্ৰেপ্তাৰ কৰা হৈছিল;সেই বিষয়ত আৰক্ষী অধীক্ষক গৰাকীয়ে কোনো স্পষ্ট মন্তব্য দিয়াৰ পৰা বিৰত থাকে।ইফালে চুমি আৰু তাকিক মেডিকেল কৰোৱাৰ পাছত দুপৰীয়া ডিব্ৰুগড়ৰ ন্যায়িক আদালতত আজি চুমি আৰু তাৰ্কিক হাজিৰ কৰাই আৰক্ষীয়ে সাত দিনৰ জিম্মাত বিছাৰিছিল যদিও জিলা সত্ৰ ন্যায়ধীশ আদালতে পাচ দিনৰ জিম্মাত প্ৰেৰণ কৰে।ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩) অধীনত গোচৰ তৰা হৈছে। সুুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কালি নিশাই চুমী আৰু তাৰ্কিকে এচটিএফৰ ওচৰত আত্মসমৰ্পণ কৰিছিল যদিও আৰক্ষীয়ে কোনো তথ্যই ফাদিল কৰা নাছিল।বৰঞ্চ নিশাৰ ভিতৰতে থানাত উপস্থিত হোৱাৰ এক অনুমান দিয়াত সমূহ সাংবাদিক ডিব্ৰুগড়ৰ সদৰ থানাৰ চৌহদত নিশাৰে পৰা পুৱালৈ বিনিদ্ৰ ৰজনী পাৰ কৰে।কৌশলগত কাৰণতেই হওক বা আন কিবা কৰাণতেই হওক আৰক্ষীয়ে চুমী,তাৰ্কিক বা বিশালৰ সন্দৰ্ভত হয়তো ইচ্ছাকৃতভাবেও কোনো তথ্য প্ৰদান নকৰাত সাংবাদিকে নিজ সুত্ৰৰ আঁত ধৰিয়েই ধাৰাবাহিকভাবে সকলো গোমৰ ফাক ফাদিল কৰিছিল। যাৰ ফলশ্ৰুতিত চুমী আৰু তাৰ্কিকে অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।উল্লেখ কৰিব লাগিব যে অসম আৰক্ষীৰ চিআইডি বিভাগৰ আইজিপি সংযুক্তা পৰাশৰে ডিব্ৰুগড়ত বাহৰ পতাৰ পাছতেই যেন চুমীৰ ঘটনাই এক নাটকীয় গতি লৈছিল আৰু তাৰ পাছতে কালি চুমী বৰাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ এক ভিডিঅ’ প্ৰচাৰ কৰিছিল।উল্লেখ্য যে যোৱা ২ ছেপ্তেম্বৰত বিশাল ফুকনক ডিব্ৰুগড়ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমী বৰাৰ নাম বিশালৰ ব্যৱসায়ত চুমী বৰাৰ নাম সাঙোৰ খাই পৰিছিল আৰু তাৰ পাছতে চুমী বৰা আৰু গিৰিয়েক তাৰ্কিক বৰাই আত্মগোপন কৰে। বিশালৰ অনলাইন ট্ৰেডিঙৰ ব্যৱসায়ত জৰিত নাছিল বুলি আজি চুমিয়ে আৰক্ষীৰ সন্মুখত যি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে; তেন্তে চুমি আৰু তাৰ্কিক বিগত দহ দিনে গ্ৰেপ্তাৰৰ ভয়ত কিয় আত্মগোপন কৰি আছিল সেয়াও বিচাৰ্যৰ বিষয়।আনহাতে বিশালৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত বিশালৰ লগতে চাৰি গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ১৫ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে।ইফালে অপৰাধ আৰু অনুসন্ধান শাখাৰ আইজিপি সংযুক্তা পৰাশৰে ঘটনাৰ তদন্তৰ বাবে দায়িত্ব গ্ৰহণ কৰিয়েই সুক্ষ্ম নিৰিক্ষণৰ বাবে ডিব্ৰুগড়ত কালি উপস্থিত হয় আৰু নিশাৰ ভাগতে সকলো কৌশল ৰচনা কৰি চুমী আৰু গিৰিয়েক তাৰ্কিক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায় বুলিও এক সূত্ৰই দাবী কৰিব বিছাৰে।সেয়া যিয়েই নহওক কিয়,চুমীৰ ককায়েক ৰাজীৱ বৰা আৰু বৌয়েক জিংকি মিলি বৰাও আজি পৰ্যন্ত পলাতক।আৰক্ষীয়ে চমন জাৰি কৰাৰ পাছতো কিন্তু দুয়োগৰাকী এই পৰ্যন্ত ডিব্ৰুগড় থানাত হাজিৰ হোৱা নাই।ইফালে বোকাখাত আৰক্ষীয়ে সুভনজ্যোতি কুৰ্মী আৰু চন্দন নাথক গ্ৰেপ্তাৰ কৰাৰ পিছতে বহু নতুন নতুন তথ্য পোহৰলৈ আহিছিল।অভিযোগ অনুসৰি ২০১৬ চনৰ পৰা কুৰ্মীয়ে তাৰ্কিকৰ সৈতে কাম কৰি অহাৰ কথা সুভনজ্যোতি কুৰ্মীৰ মাতৃয়ে উল্লেখ কৰাৰ লগতে ৰাজস্থানৰ উদয়পুৰত চুমী আৰু তাৰ্কিকৰ বিবাহ অনুষ্ঠানত সুভনজ্যোতিয়ে অংশ লৈছিল বুলিও সদৰী কৰে।অৰ্থাৎ আত্মগোপন কৰা দিনৰে পৰা চুমি আৰু তাৰ্কিকক, সুভনজ্যোতি আৰু চন্দনে বিশেষভাবে সহায় কৰি আহিছিল।চুমি আৰু তাৰ্কিক এঠাইৰ পৰা আন এঠাইলৈ যাবৰ বাবে গাড়ী যোগান ধৰাই নহয়।তেওঁবিলাকৰ সুৰক্ষিত স্থান সমূহো নিৰ্ণয় কৰি দিছিল এই সুভন আৰু চন্দনে।চুমী আৰু তাৰ্কিকে সুভনজ্যোতিৰ সৈতে গুৱাহাটীৰ পৰা লতাবাৰীলৈ যাত্ৰা কৰিছিল।সুভনজ্যোতিৰ মাতৃৰ মতে যোৱা ৩ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা আহি দিনৰ ভাগত জিৰণি লৈ, নিশা প্ৰায় ১১ বজাত গোলাঘাটলৈ ৰাওনা হৈছিল। কুৰ্মীৰ মাতৃয়ে আৰক্ষীক আৰু জনোৱা মতে, ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে যেতিয়া সুভনজ্যোতিয়ে চুমী আৰু তাৰ্কিকক সেই স্থান ত্যাগ কৰিবলৈ কৈছিল তেতিয়া সুভনজ্যোতিৰ পৰা চুমিয়ে এটা মোবাইল ফোন লৈ গৈছিল।তাৰ পাছত চুমি আৰু তাৰ্কিকে ক’ত ক’ত আত্মগোপন কৰিছিল? ঘনাই স্থান সলাইছিল নেকি ? কোন কোন মানুহে তেওঁলোকক সহায় কৰিছিল ? ইত্যাদি সকলো আৰক্ষীৰ তদন্তত সকলো ফাদিল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।ডিব্ৰুগড় আৰক্ষীয়ে এই গোচৰৰ অধিক তদন্তৰ খাতিৰত সকলো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।জেৰাৰ সময়ত বা জেৰাৰ অন্তত আৰু কিমান বিশিষ্ট লোক, ব্যৱসায়ী, শিল্পী, চিকিৎসক,অভিযন্তা আদিক তলব কৰে সেয়াও অতি লক্ষনীয় হৈ পৰিছে।

আত্মসমৰ্পণ নে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিলে?

বহু বিৰ্তকিত চুমী আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰিলে ? নে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিলে? সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই।মুঠৰ ওপৰত অপৰাধীক ৰাজকীয় আতিথ্য কিয় দিব লগা হল,তাকো লৈ এতিয়া সমগ্ৰতে ব্যাপক চৰ্চা লভিছে।প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড় সদৰ থানাত আজি পুৱা হাজিৰ হোৱাৰ পূৰ্বে চুমি আৰু তাৰ্কিক এখন স্ক্ৰপিঅ’ গাড়ীৰে আন এখন আৰক্ষী গাড়ীসহ ডিব্ৰুগড়ৰ আমোলাপট্টীস্থিত (গাৰ্ডপাৰা) জিমখানা ক্লাবত পুৱা প্ৰায় ৫:৩০ বজাত প্ৰৱেশ কৰে।প্ৰৱেশ কৰিয়েই দলটোৱে ফ্ৰেচ হবৰ বাবে এটা ৰুম বিচৰাৰ লগতে ব্ৰেকফাষ্ট সাজু কৰিবলৈকো কয়। সেই সময়ত জিমখানাৰ নিশাৰ দায়িত্বত থকা লোকজনে আৰক্ষীসহ কোনো বিশিষ্ট ব্যক্তি অহাৰ অনুমান কৰি এটা কোঠা খুলি দিছিল।সেই অনুসৰি জিমখানা ক্লাবৰ ২১নং কোঠাৰ ভিতৰত চুমি আৰু তাৰ্কিক ফ্ৰেচ হয় যদিও উক্ত ৰূমৰ এচিটোৱে কাম নকৰাত তাতে ব্ৰেকফাষ্ট কৰিবলৈ অসুবিধা হব বুলি ক্লাবৰ কতৃপক্ষক অৱগত কৰি আন এটা এচি থকা ৰূম খুলি দিবলৈ কোৱাত জিমখানাৰ ২৪ নং ৰূম খুলি দিয়ে আৰু তাতেই চুমি আৰু তাৰ্কিকে ৰুতি, চবজি, কল, আপেল, ফলৰ ৰস, পানী পুৱাৰ আহাৰ হিচাপে গ্ৰহণ কৰে আৰু প্ৰায় দুঘণ্টাৰ অধিক সময় জিমখানা ক্লাবত কটাই দলটোৱে তাৰ পৰা প্ৰস্থান কৰে।দলটো তাৰ পৰা পোনে পোনে সদৰ থানালৈ নে অন্য কৰবালৈ গৈছিল, সেয়াও ধুসঁৰিত হৈয়ে থাকিল। অৰ্থাৎ, চুমি আৰু তাৰ্কিকক জিমখানা ক্লাবলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল বুলি অনুমান কৰিব পাৰি। যদিহে গ্ৰেপ্তাৰ কৰিছিল, তেন্তে অপৰাধীক এনে ৰাজ আতিথ্য কিয় দিব লগা হল অসম আৰক্ষীয়ে, তাকে লৈ এতিয়া সকলোতে চলিছে ব্যাপক চৰ্চা। কালি বিয়লি চুমি বৰাই ভিডিঅ’ৰ জৰিয়তে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব বুলি প্ৰচাৰ হোৱাত আৰক্ষীৰ লগতে ডিব্ৰুগড়ৰ সাংবাদিক মহলো সষ্টম হৈ থাকে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী চকীৰ চৌহদত।কিন্তু মাজনিশা মৰিয়নীৰ পৰা চুমি আহি থকা বুলি খবৰ লাভ কৰাৰ পাছতো পুৱতি নিশালৈ নাহিল চুমি। খবৰ অনুসৰি চুমি আৰু তাৰ্কিকে আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজেৰে আহি মৰাণৰ এখন বিলাসী হোটেলত নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু ডিব্ৰুগড়লৈ আহি ডিব্ৰুগড় মহানগৰৰ গাৰ্ডপাৰা অঞ্চলৰ জিমখানা ক্লাবত নিশা জিৰণি লৈ পুৱাৰ আহাৰ গ্ৰহণ কৰি সদৰ থানালৈ আহে।আৰু সেয়ে সকলোকে আচম্বিত কৰি ডিব্ৰুগড় সদৰ থানাত পুৱা প্ৰায় ৯ বজাত এখন বগা ৰঙৰ স্ক্ৰপিঅ’ গাড়ীৰে চুমি আৰু তাৰ্কিক উপস্থিত হয়।সেই সময়ত আৰক্ষী অধীক্ষকগৰাকীয়ে, এচটিএফৰ দলে তেওঁবিলাকক এইমাত্ৰ সদৰ থানাত চমজাই দিয়াৰ বিষয়ে অৱগত কৰি বাকী সকলো তদন্তৰ পাছতহে জানিব পৰা যাব বুলি কৈ গা এৰা মনোভাৱ গ্ৰহণ কৰা দেখা গল। সকলোৰে জ্ঞাত যে যিকোনো লোক কোনো হোটেল বা অতিথিশালাত থাকিলে কোঠাত সোমোৱাৰ পূৰ্বে নিজৰ পৰিচয় দিব লগাটো বাধ্যতামূলক।সেয়া যিমানেই প্ৰতিপত্তিশালী বা ক্ষমতাশালী লোকেই নহওঁ।নিজৰ পৰিচয়ৰ প্ৰামাণিক তথ্য হিচাপে যিকোনো ডকুমেণ্ট হোটেলৰ অভ্যৰ্থনা কক্ষত জমা দিব লাগে আৰু সেই ডকুমেণ্ট জেৰক্স কৰি পঞ্জীয়ন বহীত ৰখাৰ পিছতহে কোঠাৰ ছাবি অৰ্পণ কৰা হয় গ্ৰাহকক। কিন্তু ডিব্ৰুগড় জিমখানা ক্লাব’ত সেই প্ৰক্ৰিয়া পালন কৰা নহল কিয়? জিমখানাৰ মেনেজাৰৰ ভাষ্য- “তেওঁলোক প্ৰথমে ২১ নম্বৰ কোঠাত আছিল। পিছত গৰম লগা বুলি কোৱাত ২৪ নম্বৰ কোঠাটো দিয়া হৈছিল।তেওঁলোকে কোনো কোঠা আগতীয়াকৈ বুকিং কৰা নাছিল।আজি পুৱা আহিহে ইয়াত আছিল। তেওঁৰ ভাষ্য মতে, তাত থাকোতে তেওঁলোকৰ কোনেও গম পোৱা নাছিল সেয়া কোন আছিল? বাতৰিত ওলোৱাৰ পিছতহে সেয়া চুমি আৰু তাৰ্কিক বুলি তেওঁলোকে গম পালে। মেনেজাৰগৰাকীৰ এনে উত্তৰত বহু প্ৰশ্নৰ অৱতাৰণা নোহোৱাকৈ থকা নাই। অসম আৰক্ষীৰ গোমৰ ফাক স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। দৰাচলতে প্ৰকৃত কাহিনীৰ যদি নাট্যৰূপান্তৰ হয়, তেনেহলে পৰিকল্পিত কাহিনীটো এনেকুৱা আছিল নেকি? দুটা কোঠা ৰেডী কৰি থ’ব। আমাৰ মানুহ গৈ আছে।অলপ জিৰণি ল’ব। নিশ্চয়কৈ এনেকুৱা ফোন আহিলে আৰু পৰিচয় পঞ্জীয়ন কৰিবলৈ কোনোবাই দুঃসাহস কৰিবনে? সেয়াও বিৰ্চাযৰ বিষয়।মুঠৰ ওপৰত সকলো পৰিকল্পিত এখন পূৰ্ণ দৈঘৰ চিত্ৰনাট্য বুলি কলেও বঢ়াই কোৱা নহব।সেয়ে গ্ৰেপ্তাৰ বা আত্মসমৰ্পণৰ সন্দৰ্ভত বৰ্তমানেও কোনো স্পষ্ট মতামত দিয়াৰ পৰা বিৰত থাকিল ডিব্ৰুগড়ৰ আৰক্ষী।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে নাজানে চুমিৰ গ্ৰেপ্তাৰৰ কথা

এখন হাই প্ৰফাইল ড্ৰামা। হাই ভ’ল্টেজ ড্ৰামা। য’ত সাধাৰণ ৰাইজেও একো আও-ভাও বুজি নাপায়। যি দেখি আছে, যেন তাকেই চিৰ সত্য বুলি মানি লবলৈ বাধ্য সাধাৰণ জনগণৰ। মুঠৰ ওপৰত ওপৰৱালাৰ কেৱল নিৰ্দেশ আৰু আদেশৰ মতেই সকলো।যাৰ বাবেই খোদ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেদ্দীও শলঠেকত পৰিল। আৰক্ষী অধীক্ষক ৰেদ্দীয়ে আজি চুমি আৰু তাৰ্কিকৰ গ্ৰেপ্তাৰৰ বিষয়ত সাংবাদিকৰ আগত কোনো স্পষ্ট মতামত প্ৰকাশ কৰিব নোৱাৰাতো অধীক্ষকগৰাকীৰ চৰম ব্যথতা বুলি চৰ্চা হৈছে। কাজেই অধীক্ষকগৰাকীও এই হাই প্ৰফাইল ড্ৰামাৰ এক অংশ বিশেষ বুলিও জানিব পৰা গৈছে। অসম আৰক্ষীয়ে সমগ্ৰ গোচৰটো তদন্তৰ বাবে চিআইডিক অৰ্পণ কৰাৰ পাছতে চুমিয়ে কালি বিয়লি ভিডিঅ’ যোগে আত্মসমৰ্পণ কৰাৰ বিষয়ে ৰাজহুৱা কৰাৰ ১৮ ঘন্টাৰ পাছতে চুমিয়ে নাটকীয়ভাবে ডিব্ৰুগড়ৰ সদৰ থানাত হাজিৰ হয়।কিন্তু ডিব্ৰুগড় অভিমুখে আৰক্ষীৰ দলৰ সৈতে চুমি আহি থকা, মৰাণৰ হোটেলত খোৱা-বোৱাৰ পাছত জিমখানা ক্লাবত আশ্ৰয় গ্ৰহণ কৰাৰ পাছতো আৰক্ষী অধীক্ষকগৰাকীৰ জ্ঞাত নোহোৱাতো ভীষণ পৰিতাপৰ কথা। তেন্তে কাৰ নিৰ্দেশত ডিব্ৰুগড়ৰ অভিজাত্যৰ প্ৰতীক জিমখানা ক্লাবত, পলাতক বুলি ঘোষণা কৰা অপৰাধীয়ে হাই প্ৰফাইল আতিথ্য লাভ কৰিছিল; সেয়াও আজি ৰহস্যৰ আৱৰ্ত্তত।যদিহে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে চুমি আৰু কাৰ্তিকক নিজৰ জিম্মাত লৈছিল,তেনেহ’লে অপৰাধী বুলি গণ্য কৰা স্বত্বেও ৰাজ আতিথ্য দিয়া হৈছিল কিয় ? কিয় অজ্ঞাত স্থানৰ পৰা নিৰাপত্তাৰ আৱেষ্টনীত চুমি আৰু তাৰ্কিক লৈ অনাৰ পাছতো দুয়োকে হেণ্ডকাফ লগোৱাৰ পৰিৰ্ৱত্তে ৰাজ আতিথ্য দিয়া হল? সেই প্ৰশ্ন সমূহৰ উত্তৰ অসম আৰক্ষীয়ে প্ৰদান নকৰাত সমগ্ৰ তদন্ত প্ৰক্ৰিয়াও ভেকো-ভাওনা বুলিও সকলোতে ব্যাপক চৰ্চা চলিছে।এতিয়া অসম আৰক্ষীয়ে অপৰাধীৰ পক্ষ কিয় লব লগা হৈছে ? কিয় চুমি বৰাক হাই প্ৰফাইল অপৰাধীৰ তালিকাভুক্ত কৰা হল? এনেবোৰ বহু প্ৰশ্নই এতিয়া মানুহৰ মুখে মুখে।

চুমীৰ বাবে লক আপত পাঁচ দিন থকাৰ যোগাৰ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে
হঠাৎ তৎপৰ হৈ পৰিছে ডিব্ৰুগড়ৰ সদৰ থানাৰ আৰক্ষী।দুপৰীয়াৰে পৰা চাফাই অভিযান চলিছে থানাৰ ভিতৰত। ইটোৰ পাছত সিটো লাম-লাকটু আঁতৰাইছে আৰক্ষীয়ে। আচলতে আৰক্ষীৰো চিন্তা। বিগত এঘাৰটা দিনে অসম আৰক্ষীক ঘটিয়ে ঘটিয়ে পানী খোওৱা নৰ্তকী তথা প্ৰবঞ্চক চুমী বৰাক লৈয়ে চলিছে এতিয়া মহাআয়োজনৰ। কেনেকৈনো কোটি টকীয়া বাইদেউ লকআপত লেতেৰা পেতেৰাকৈ থাকিব? আৰক্ষীৰো চিন্তা নহবই কিয়? বহু হাইপ্ৰফাইলৰ তালিকাত শেহতীয়াকৈ নাম সন্নিবিষ্ট হোৱা চুমি বৰাক ডিব্ৰুগড়ৰ সদৰ থানাৰ লকাপত ৰখা হ’ব। কিয়নো আজি চুমি আৰু তাৰ্কিক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পাছত অহা পাচ দিনৰ বাবেই চুমীক লক আপত ৰখা হব।উল্লেখ্য যে ডিব্ৰুগড়ৰ আৰক্ষীয়ে বহু দিন কোনো মহিলা অভিযুক্তকে আৰক্ষীৰ জিম্মাত লোৱা নাছিল। সেয়েহে মহিলা লকআপৰ ভিতৰত পৰি থকা পুৰণি সা-সামগ্ৰী চাফা কৰাত ব্যস্ত হৈ পৰিছে ডিব্ৰুগড়ৰ মহিলা আৰক্ষীসহ সকলো। চুমীৰ বাবে অহা পাঁচ দিন থকাৰ যোগাৰ কৰিছে এনেদৰে আৰক্ষীয়ে। এইখিনিতে উল্লেখ কৰিবই লাগিব যোৰহাটৰ এখন অখ্যাত গাঁৱৰ বাসিন্দা অৰুণ বৰাৰ পুত্ৰ তপন বৰা (৩৩) গুৱাহাটীলৈ আহি ফটোগ্ৰাফাৰৰে জনপ্ৰিয় হৈ তাৰ্কিক নাম গ্ৰহণ কৰে। শেহতীয়াকৈ গুৱাহাটীৰ বেলতলাৰ ঘোৰামৰা, নিৰিবিলি পথ (আনন্দ উপ পথ)ৰ ঘৰ নং ২১ৰ এগৰাকী স্থায়ী বাসিন্দা। এই তপন ওৰফে তাৰ্কিকে ডিব্ৰুগড় বাণীপুৰৰ ৭নং উপপথৰ নিবাসী তথা সুলভ মূল্য দোকানৰ গৰাকীৰ কন্যা চুমি বৰাৰ (৩১) সৈতে যোৱা ২৩ চনৰ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হয়। এতিয়া বিগত সময় বিলাক সুখ আৰু স্বাচ্ছন্দ্যতাৰে অতিবাহিত কৰা চুমি আৰু তাৰ্কিকে কিদৰে ল’ক আপত অতিবাহিত কৰে সেয়া লক্ষনীয় হৈ পৰিছে। ইফালে চুমীয়ে আৰক্ষী ওচৰত আত্মসমৰ্পন কৰিম বুলি ভিডিঅ’বাৰ্তা প্ৰেৰণ কৰিছিল যদিও ক’ত কৰিব স্পষ্টকৈ উল্লেখ কৰা নাছিল। সমগ্ৰ গোচৰ সন্দৰ্ভত ইতিমধ্যে এচ আই টি গঠনৰ জৰিয়তে সাত জনীয়া দল গঠন কৰি তদন্ত অব্যাহত ৰাখিছিল। কিন্তু সেই তদন্ত কাৰী দল বা আৰক্ষী ওচৰত আত্মসমৰ্পণ কৰাৰ বিপৰীতে এচ টি এফৰ ওচৰত কিয় আত্মসমৰ্পন কৰিলে? বা ধৰা দিলে? সেয়াও এতিয়া ৰহস্য ঘন হৈ পৰিছে।নিশাটোৰ ভিতৰতে গুৱাহাটী পৰা এচ টি এফৰ দল আহি চুমী,তাৰ্কিকক আটক কৰি আৰক্ষী ওচৰত গটাই দিছিল।আনহাতে জীমখানা ক্লাবৰ সমীপৰ লোক সকলৰ ভাষ্য অনুসৰি কালি নিশা জীমখানা ক্লাবতে আছিল চুমী বৰা আৰু তাৰ্কিক বৰা। সেই অনুসৰি বৃহৎ আৰক্ষী দল আৰু অসমৰ এটা নতুন চেটেলাইট চেনেলে চুমী- তাৰ্কিকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল বুলিও অভিযোগত প্ৰকাশ। অসমৰ আন আন সংবাদ মাধ্যমক অন্ধকাৰত ৰাখি এটা নিদিষ্ট সংবাদ মাধ্যমক সাক্ষাৎকাৰ গ্ৰহণ কৰা বাবে আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰিব লগা হল সেই লৈও প্ৰশ্ন উত্থাপন হৈছে। আন এক অভিযোগ মতে বিশালে এটা নতুন চেটেলাইট চেনেল ক্ৰয় কৰা সন্দৰ্ভত চৰ্চা লাভ কৰিছে। গতিকে এই সমগ্ৰ বিষয়সমূহ আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে পোহৰলৈ আহিব।সেইয়া যিয়েই নহওঁক, কোটি কোটি টকা বিবাহ অভ্যৰ্থনা তথা ডেষ্টিনেশ্বন ৱেডিংত খৰচ কৰা, কোটি টকীয়া হোটেলৰ কোঠাত নিশা কটোৱা, নাচনী চুমী এতিয়া আৰক্ষী পাঁচ দিনৰ জিম্মাত থকা সময়চোৱাত মুল বিছনা পকাৰ মজীয়া হোৱাৰ লগতে পাঁচ বাই পাঁচ এটা সৰু কোঠাত দিন কটাব লাগিব যে সেয়া নিশ্চিত।

প্ৰেৰক বিভাস দুৱৰা

You might also like