ঢকুৱাখনাৰ জীয়ামৰীয়াত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
নিয়মীয়া বাৰ্তা, ২৮ জুলাই : গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি দেৱবাদ্য খোল-তালৰ শব্দ, বৰগীতৰ সুমধুৰ সুৰ আৰু এজাক কণ কণ শিশু, কিশোৰ-কিশোৰীৰ সাৱলীল নাট্যভিনয়ত জীপাল হৈ পৰিল ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগণ। জীয়ামৰীয়া গাঁৱৰ সূৰুযমুখী মইনা পাৰিজাত আৰু যুৱ সংঘৰ উদ্যোগত ৫জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ কালি নিশা সামৰণি পৰে। সামৰণী অনুষ্ঠানত যোৱা বাইছটা দিনে অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে নিজৰ নিজৰ আৰ্জিত প্ৰতিভা প্ৰদৰ্শন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।সন্ধিয়া সূৰুযমুখী মইনা পাৰিজাতৰ সম্পাদক ৰক্তিম বৰাই বন্তি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি উদ্ধোধন কৰে বিশিষ্ট সমাজসেৱক, শিক্ষাবিদ ছবিলাল জৈনে। উদ্ধোধনী ভাষণত জৈনে নৱপ্ৰজন্মৰ মাজত সংস্কৃতিৰ অনুশীলনৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰি তেওঁ কয় যে প্ৰতিগৰাকী সন্তানক আগুৱাই নিবলৈ হ’লে পিতৃ-মাতৃৰ লগত সন্তানৰ নিবিৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব।ছাত্ৰ–ছাত্ৰীসকলক বিকাশ কৰি তুলিবলৈ পঢ়া-শুনাৰ লগতে খেল-ধেমালি, নাচ-গান, শৰীৰ চৰ্চা আদি বিষয়তো আগ্ৰহী কৰি তুলিব লাগিব। এনে কৰ্মশালাবোৰে গাঁওখনৰ ৰাইজৰ মাজত একতা আৰু ভাতৃত্ববোধ শক্তিশালী কৰি তোলাৰ লগতে ছাত্ৰ–ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশ হোৱাত সহায়ক হ’ব বুলিও তেওঁ কয়।ইয়াৰ পিছতে গুৰুবাদ্য খোলৰ এগৰাকী সুনিপুন প্ৰশিক্ষক স্থানীয় যুৱক জিন্তু কোচৰ তত্ত্বাৱধানত একুৰিৰো অধিক কিশোৰ-কিশোৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অমৰ সৃষ্টি দেৱবাদ্য খোল-তালৰ সমাহাৰেৰে গায়ন-বায়ন প্ৰদৰ্শন কৰে। নিশালৈকৰ্মশালাত অংশ গ্ৰহণ কৰা কণ কণ শিশুসকলে নৃত্যানুষ্ঠান পৰিৱেশন কৰাৰ লগতে কিশোৰ-কিশোৰীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘নীলা চৰাই’ৰ গল্পৰ আধাৰত নাট মঞ্চস্থৰে উপস্থিত সকলোৰে সমাদৰ লাভ কৰে।কৰ্মশালাৰ সামৰণী অনুষ্ঠানত শিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷
প্ৰেৰক পুলকজ্যোতি বৰা