নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা ছুমোৰ, বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ শোণিতপুৰৰ বালিপৰাৰ পাটগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুঘৰ্টনা। জানিব পৰা মতে আজি ৩:৩০ মান বজাত বালিপৰা-ধেমাজি সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বালিপৰা দিশৰপৰা তেজপুৰ দিশলৈ গৈ থকা এখন এ এছ ০১ কে চি ৯১৭৮ নম্বৰৰ টাটা ছুম’ গাড়ীয়ে বালিপৰা পাটগাঁও মিটচাপ্লাইৰ ওচৰত পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে।

🔴 কনিষ্টবল নীলেশ্বৰ মেধিয়ে সংঘটিত কৰিলে ভয়াৱহ কাণ্ড। বঙাইগাঁৱত পথচাৰী যুৱতীক মহটিয়াই নিলে চাৰিচকীয়া বাহনেৰে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী চয়নিকা ৰয়ৰ সৈতে শোকাৱহ ঘটনা।

ফলত ছুম’ গাড়ীখনত থকা চালকসহ আটাইকেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোকসকলক স্থানীয় ৰাইজ আৰু পথটোৱেদি অহা-যোৱা কৰা লোকে উদ্ধাৰ কৰি ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চৰেৰ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰো্ৱায়। বাতৰি লিখাৰ সময়লৈকে লোককেইজনৰ সঠিক পৰিচয় জানিব পৰা হোৱা নাই। তীব্ৰবেগৰ বাবেই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like