নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুনীল নহয়, জাহাংগীৰকহে হত্যা : লখিমপুৰৰ হত্যাকাণ্ডৰ বিস্ফোৰক তথ্য

বিশেষ বাৰ্তা, ১৮ জুনঃ সুনীল গগৈক নহয়। ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত হত্যা কৰা হল জাহাংগীৰ হুছেইনক। ৰাজ্য কঁপাই যোৱা হত্যা কাণ্ডটোৰ ডিএনএ পৰীক্ষাত জাহাংগীৰ হুছেইনক হত্যা কৰাটো আজি স্পষ্ট হৈ পৰিল। আজি সন্ধ্যা লখিমপুৰ জিলা আৰক্ষী অধীক্ষকে এক সংবাদ মেলত এই কথা সদৰী কৰে। সংবাদ মেলত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে কয়- হত্যাকাণ্ডৰ পাছত ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য সংগ্রহ কৰাৰ লগতে মৃতদেহৰ হাড়ৰ শতাধিক টুকুৰা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। সুনীল গগৈৰ দুই আত্মীয়ৰ লগতে জাহাংগীৰৰ ভাতৃ জহিদুৰ ৰহমানৰ ৰক্তৰ নমুনা পৰীক্ষাৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰে। আজি উক্ত ডিএনএ পৰীক্ষাৰ ফলাফলত মৃতদেহৰ লগত জাহাংগীৰ ৰ ভাতৃৰ ৰক্ত ৰ নমুনা মিল আছে বুলি প্ৰকাশ পায়। আৰক্ষী অধীক্ষকগৰাকীয়ে মৃতদেহ টো জাহাংগীৰৰ বুলি কয়। তেওঁ কয় ২৯ মেত সুনীল গগৈয়ে জাহাংগীৰক লৈ ধেমাজি লৈ গৈছিল। কিন্তু আদবাটতে সুনীলে জাহাংগীৰক নমাই দিয়ে। আৰক্ষীৰ অনুসন্ধান মতে তাৰ পিছদিনা অৰ্থাৎ ৩০ মেৰ দিনা জাহাংগীৰ সুনীল গগৈৰ ঘৰৰ আশেপাশে আছিল। সেই দিনাৰ পৰা জাহাংগীৰ নিখোজ হৈ পৰে। ঘটনাৰ ক্ৰম উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় এপ্রিল মে মাহৰ ভিতৰত সুনীল গগৈয়ে ৪১ লাখ টকাৰ জীৱন বীমা কৰিছিল। পলিচিৰ নমিনী আছিল তেওঁৰ পত্নী। উক্ত বীমা ধনৰ লোভতো এনেধৰণৰ ঘটনা সংঘটিত হব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰে। সুনীল গগৈয়ে এখন নাটক ৰচনা কৰিলে বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে। বীমা ধনৰ লোভতে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত এতিয়া সুনীল গগৈৰ বিৰুদ্ধে হত্যাৰ এক নতুন গোচৰ ৰুজু কৰা বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলত সদৰি কৰে। তেওঁ কয় সুনীল গগৈৰ পত্নীসহ একাংশ আত্মীয়ক এই গোচৰৰ তদন্ত ৰ আওতালৈ অনা হব। উল্লেখ্য পূৰ্বতে সুনীল গগৈৰ হত্যা কাৰীৰ সন্ধান দিওতালৈ আৰক্ষী বিভাগে ৫০ হেজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। এতিয়া পলাতক সুনীল গগৈৰ সন্ধান দিওঁতাক সেই পৰিমাণৰ পুৰস্কাৰ প্ৰদান কৰা হব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়। যোৱা এক জুনৰ নিশাৰ পৰা আৰম্ভ হোৱা এখন থ্ৰিলাৰ ছবিৰ কাহিনীৰ দৰে এই ঘটনাৰ মূল নায়ক সুনীল গগৈ কেতিয়া আৰক্ষীৰ জালত পৰিব নাইবা দুৰ্ভগীয়া জাহাংগীৰৰ পৰিষালে কেতিয়া ন্যায় পাব এই সকলো এতিয়া আৰক্ষীৰ তদন্তৰ ওপৰতে নিৰ্ভৰ কৰিব।

প্ৰেৰক জীৱন গোস্বামী

You might also like