নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুনীতা উইলিয়ামছৰ অভিযানত ছিপাঝাৰৰ ভবানী শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : বিশ্ব বিশ্ৰুত বিজ্ঞানী সুনীতা উইলিয়ামছক মহাকাশৰ পৰা পৃথিৱীলৈ ওভতাই অনাৰ ক্ষেত্ৰত যি সকল বিজ্ঞানী জড়িত হৈ আছে তাৰ ভিতৰত আছে এগৰাকী অসম সন্তান। সমগ্ৰ অভিযানটোৰ লগত ছিপাঝাৰৰ হাজৰাকাপাৰাৰ সন্তান তথা বৰ্তমান লছ এঞ্জেলছৰ ছফ্ৱেৰ অভিযন্তা ভৱানী শৰ্মা জড়িত থাকি এই বিৰল গৌৰৱৰ লগত অসমৰ নাম সংযুক্ত কৰিছে।

ব’হাগ বিহুৰ পিছতে অসমত পঞ্চায়ত নির্বাচন

উল্লেখযোগ্য যে এই অভিযানৰ নেতৃত্বত থকা “স্পেচ এক্স” নামৰ বৈজ্ঞানিক সংস্হাটোত বিগত দহ বছৰ ধৰি কৰ্মৰত হৈ আছে ভবানী শৰ্মা। সুনীতা উইলিয়ামছক মহাকাশৰ পৰা ওভতাই অনা এই প্ৰক্ৰিয়াত স্পেচ এক্স নামৰ বৈজ্ঞানিক প্ৰতিষ্ঠানটো বিগত ছয় সপ্তাহ ধৰি নিয়োজিত হৈ আছিল। প্ৰতিষ্ঠানটোৰ লছ এঞ্জেলছত থকা মুখ্য কাৰ্যালয়ত ছফট ৱেৰ অভিযন্তা হিচাবে কৰ্মৰত হোৱাৰ সুত্ৰে ভবানী শৰ্মাও জড়িত হৈ আছে এই অভিযানত। মূখ্যত কেনেকৈ খৰতকীয়া সময়ত মহাকাশযানৰ বিভিন্ন কাম সমুহ সম্পাদন কৰিব পাৰি সেই বিভাগৰ এগৰাকী অভিযন্তা ভবানী শৰ্মা। সম্পূৰ্ণ সফল ভাবে সূনীতা ইউলিয়ামছক মহাকাশৰ বুকুৰ পৰা কঢ়িয়াই পৃথিৱীত অবতৰণ কৰোৱাৰ এই গৌৰৱৰ যাত্ৰাত অসমৰ একমাত্ৰ বিজ্ঞানী হিচাপে ছিপাঝাৰৰ ভবানী শৰ্মাৰ নাম সংযুক্ত হোৱাৰ পিছত স্বাভাৱিকতে ওপজা ভুমিত বিৰাজ কৰিছে উৎফুল্লিত পৰিবেশৰ। হাজৰিকাপাৰাৰ দৰে এটা গ্ৰাম্য অঞ্চলৰ পৰা গৈ নিজৰ খ্যাতিৰে উজলি উঠা ভবানী শৰ্মাক লৈ যেন গৌৰৱী হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া।

বিদেশ ভ্রমণত ‘পৰিয়াল’ নীতি সলনি কৰা নহয়, অটল বিচিচিআই

উল্লেখযোগ্য হাজৰিকা পাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ভবানী শৰ্মাই অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ পৰা ডিপ্লমা আৰু তাৰ পিছত একেটা বিষয়ত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। প্ৰথমে উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰি পিছলৈ এগৰাকী অভিযন্তা হিচাবে নিজক প্ৰতিষ্ঠা কৰি আজি এগৰাকী গৌৰৱী অসমীয়া হিচাপে উজ্বলি উঠাৰ আগলৈকে বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰিব লগা হৈছিল এই গৰাকী অসম সন্তানে। বৰ্তমান লছ এঞ্জেলছত স্থায়ী ভাবে থাকিলেও মাতৃ ভুমিৰ লগতো সংযুক্ত হৈ আছে ভবানী শৰ্মা। হাজৰিকাপাৰাৰ উপৰি প্ৰবাসী ভাৰতীয়ক লৈ এটা ন্যাস গঠন কৰি অসমৰ বিভিন্ন ঠাইত জনহিতকৰ কাৰ্যসূচীও গ্ৰহণত বিশেষ উদ্যোগ লৈ আহিছে সততে প্ৰচাৰৰ পৰা দূৰৈত অৱস্থান কৰা এই গৰাকী অসম সন্তানে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like