নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড° হিমন্ত বিশ্ব শৰ্মাক ছুপাৰ চিএম আখ্যা নাগালেণ্ডৰ উচ্চ শিক্ষামন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২২ অক্টোবৰঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ছুপাৰ চি এম বুলি অভিহিত কৰিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে। নাগালেণ্ডৰ মোককচাং জিলাৰ আও ন’কপো বস্তিত কালি বিয়লি অনুষ্ঠিত এক মুকলি ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত গদগদ হৈ পৰে নাগালেণ্ডৰ উচ্চ শিক্ষা মন্ত্ৰী তথা মৰিয়নি সমষ্টিৰ কাষৰীয়া সমষ্টি নাগালেণ্ডৰ আলংটাকি সমষ্টিৰ বিধায়ক টেমজেন ইমনা আলং। ড° শৰ্মাক এজন ডাইনামিক মুখ্যমন্ত্ৰী বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা বলিষ্ঠ নীতিৰ শলাগ লয়। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ড° শৰ্মাই শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে নগালেণ্ডৰ মন্ত্ৰীজনে। আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত নাগালেণ্ডৰ উচ্চ শিক্ষামন্ত্ৰী টেমজেন ইমনা আলঙে অসমৰ বুকুৰ পৰাই নগালেণ্ডৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰাৰ লগতে অসমক নাগালেণ্ডৰ জ্যেষ্ঠ ভাতৃ হিচাপে অভিহিত কৰে । ককাই – ভাইৰ মাজত কেতিয়াবা কাজিয়া লাগে যদিও ইজনৰ সিজনৰ প্ৰতি মৰম সদায় থাকে বুলিও উল্লেখ কৰি নগালেণ্ডৰ মন্ত্ৰীজনে সেয়েহে জ্যেষ্ঠ ভাতৃৰ লগত সংঘাত নহয় বৰং সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক হ’ব লাগিব বুলি মন্তব্য কৰে। তেওঁ কয়- দুয়োখন ৰাজ্যৰ মাজত সৌহাৰ্দ্যপূৰ্ণ আৰু ভাতৃত্ববোধৰ সম্পৰ্ক হ’লেহে ৰাজ্যদুখনৰ মাজত থকা সীমা সমস্যা সমাধান হ’ব। তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয়- যদিও দুয়োখন ৰাজ্যৰ সীমা সমস্যাটো দেশৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে তথাপি যদি দুয়োখন চুবুৰীয়া ৰাজ্যৰ চৰকাৰ আৰু ৰাইজ মিলি এই সমস্যা সমাধান কৰিব পাৰে তেন্তে তাতকৈ ভাল কথা আৰু কি হ’ব পাৰে। তাৰোপৰি এই সীমা সমস্যা সমাধান হোৱাতো সকলোৱে বিচাৰিছে বুলিও মন্ত্ৰীজনে লগতে উল্লেখ কৰে। আনহাতে, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ আৰু উপ মুখ্যমন্ত্ৰী য়ানথুংগ’ পেট্ট’ন দুয়ো এই সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় আগ্ৰহী আৰু ইতিবাচক চিন্তাচৰ্চা কৰি থকা বুলিও তেওঁ লগতে উল্লেখ কৰে। উল্লেখযোগ্য যে, চুবুৰীয়া ৰাজ্যখনৰ আলংটাকি সমষ্টিৰ আও ন’কপু বস্তিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত দিবা নৈশ মুকলি ভলীবল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে। উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে নগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে এনে ধৰনৰ আদান প্ৰদানে অসম নগালেণ্ডৰ সীমা সমস্যা সমাধানত সহায় কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলত শান্তি শৃংখলা বজাই ৰখাতো সহায় কৰিব। এই ক্ষেত্ৰত তেওঁ ৰাজ্য চৰকাৰক সকলো সহযোগিতা আগবঢ়াব বুলিও লগতে মন্তব্য কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like