নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ হিচাপে উজ্জ্বল ভূঞাৰ নাম প্রস্তাৱ ছুপ্রিম ক’ৰ্ট কলেজিয়ামৰ

বিশেষ বাৰ্তা, ৫ জুলাইঃ অসম সন্তান তথা বর্তমান তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাৰ নাম উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে প্রস্তাৱ কৰিছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে৷ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন কলেজিয়ামে ন্যায়াধীশ ভূঞাৰ নাম প্রস্তাৱ কৰে৷ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ উপৰি কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটানাৰায়ণ ভাট্টিৰ নামো কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নির্বাচিত কৰিছে৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সামগ্রিকভাৱে জ্যেষ্ঠতাৰ ভিত্তিত তথা মেধা, পাৰদর্শিতা আৰু ন্যায়াধীশসকলৰ ঐক্যমতৰ ভিত্তিত তেওঁৰ নাম কলেজিয়ামে নির্বাচন কৰে৷ উল্লেখ্য যে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণৰ পূর্বে ন্যায়াধীশ উজ্জ্বল ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত সুদীর্ঘ দিন কার্যনির্বাহ কৰিছিল৷  ২০২২ চনৰ ২৮ জুনৰ পৰা তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰি আহিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপৰি ন্যায়াধীশ ভূঞাই বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কার্যনির্বাহ কৰিছিল৷

You might also like