নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী চৰকাৰক তুলাধূনা উচ্চতম ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ ৰেপিড ৰেল প্ৰজেক্টৰ বাবে দিল্লী চৰকাৰে নিজৰ অংশৰ ধন যোগান নধৰাক লৈ ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়। আদালতে কৈছে যে আপোনালোকৰ ৩ বছৰৰ বিজ্ঞাপনৰ বাজেট ১১০০ কোটি টকা, কিন্তু গুৰুত্বপূৰ্ণ কামৰ বাবে টকা নাই। আচলতে ৰেপিড ৰেলক ‘দিল্লী-মীৰুট আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম’ বা আৰ আৰ টি এছ নামেৰে জনা যায়। ইয়াৰ জৰিয়তে দিল্লীক উত্তৰপ্ৰদেশৰ মীৰুটৰ সৈতে সংযোগ কৰা হৈছে। দুয়োখন ৰাজ্যৰ চৰকাৰে এই প্ৰকল্পৰ বাবে ধন দিব লাগিব। ৰাজ্য চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি আদালতে কয় যে আপোনালোকৰ ফালৰ পৰা ধন পৰিশোধৰ আশ্বাস দিয়া হৈছে। আমি সকীয়াই দিলোঁ যে যদি ধন পৰিশোধ কৰা নহয় তেন্তে বিজ্ঞাপনৰ বাজেট জব্দ কৰা হ’ব। আমি এতিয়া ইয়াক জব্দ কৰাৰ নিৰ্দেশ দিছো। এই অৰ্ডাৰ মাত্ৰ ১ সপ্তাহৰ বাবে পিছুৱাই দিয়া হ’ব। তেতিয়ালৈকে যদি পদক্ষেপ গ্ৰহণ নকৰে তেন্তে আদেশ কাৰ্যকৰী হ’ব। এনে পৰিস্থিতিত আদালতে স্পষ্ট কৰি দিছে যে যদি পুঁজিৰ ব্যৱস্থা নকৰিলে দিল্লী চৰকাৰে বিজ্ঞাপনৰ বাজেট হেৰুৱাবলগীয়া হ’ব পাৰে। ইয়াৰ পূৰ্বে ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বত গঠিত বিচাৰপীঠেও এই বিষয়ত দিল্লী চৰকাৰক ধমক দিছিল। জুলাই মাহত অনুষ্ঠিত শুনানিত আদালতে দিল্লী চৰকাৰক প্ৰশ্ন কৰিছিল যে ইয়াৰ প্ৰচাৰৰ বাবে কিমান খৰচ কৰে। বিজ্ঞাপনৰ বাজেট জব্দ কৰাৰ সকীয়াই দিছিল আদালতে। ইয়াৰ ওপৰত দিল্লী চৰকাৰে ২ সপ্তাহৰ ভিতৰত বাকী থকা ধন পৰিশোধ কৰাৰ আশ্বাস দিছিল। আজি যেতিয়া ন্যায়াধীশসকলে তথ্য পালে যে দিল্লী চৰকাৰে ধন পৰিশোধ কৰা নাই, তেতিয়া তেওঁলোকে কঠোৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশসকলে দিল্লী চৰকাৰক কঠোৰ সুৰত কয় যে আপোনালোকৰ ৩ বছৰৰ বাবে বিজ্ঞাপনৰ বাজেট ১১০০ কোটি টকা। কিন্তু প্ৰয়োজনীয় কামৰ বাবে আপোনাৰ হাতত টকা নাই। আমি সকীয়াই দিলোঁ যে যদি ধন পৰিশোধ কৰা নহয় তেন্তে ক্ষতিপূৰণ আপোনালোকৰ বিজ্ঞাপনৰ বাজেটৰ পৰা লোৱা হ’ব। এতিয়া আমি ইয়াক আৰ আৰ টি এছলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছো। এই অৰ্ডাৰ মাত্ৰ ১ সপ্তাহৰ বাবে পিছুৱাই দিয়া হ’ব। তেতিয়ালৈকে যদিপদক্ষেপ গ্ৰহণ নকৰে তেন্তে আদেশ কাৰ্যকৰী হ’ব। আচলতে কেন্দ্ৰীয় চৰকাৰে দিল্লীক ইয়াৰ আশে-পাশে থকা ৰাজ্যসমূহৰ বৃহৎ চহৰৰ সৈতে সংযোগ কৰিব বিচাৰিছে। বৰ্তমান এই চহৰসমূহলৈ যাবলৈ ৰেল আৰু পথৰ ব্যৱস্থা কৰা হৈছে। কিন্তু চৰকাৰে বিচাৰে যে ৰেপিড ৰেলৰ ব্যৱস্থা কৰা হওক যাতে এই চহৰসমূহে দিল্লীৰ সৈতে সংযোগ বৃদ্ধিৰ দ্বাৰা লাভৱান হ’ব পাৰে। মুঠ ৩টা আৰ আৰ টি এছ প্ৰকল্প আছে। ইয়াৰে প্ৰথমটো প্ৰকল্প দিল্লী-মীৰুটৰ মাজত, দ্বিতীয়টো দিল্লী-আলৱাৰৰ মাজত আৰু তৃতীয়টো দিল্লী-পানীপাটৰ মাজত। এই প্ৰকল্পসমূহৰ জৰিয়তে দিল্লীক উত্তৰপ্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাৰ সৈতে সংযোগ কৰা হ’ব। দিল্লীক নিকটৱৰ্তী চহৰৰ সৈতে সংযোগ কৰিবলৈ ৰেপিড ৰেল প্ৰকল্প আৰম্ভ কৰা হৈছে। আনুষ্ঠানিকভাৱে ইয়াক আৰ আৰ টি এছ অৰ্থাৎ আঞ্চলিক দ্ৰুত ট্ৰেনজিট ব্যৱস্থা বুলি কোৱা হয়। ইয়াৰ এটা প্ৰধান উদ্দেশ্য হৈছে পথৰ যানজঁট হ্ৰাস কৰি প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰা। কেন্দ্রীয় চৰকাৰৰ উপৰি এই প্রকল্পৰ বাবেও ৰাজ্যসমূহে অৰিহণা যোগাব লাগিব, যাৰ মাজেৰে এই ৰে’লখন পাৰ হ’ব৷ কেন্দ্ৰ, উত্তৰপ্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে এই প্ৰকল্পত অৰিহণা যোগাইছে যদিও ধনৰ অভাৱৰ অজুহাতত দিল্লী চৰকাৰে ধাৰাবাহিকভাৱে ধন পৰিশোধ স্থগিত ৰাখিছে। দিল্লী-মীৰুট, দিল্লী-আলৱাৰ আৰু দিল্লী-পানীপাট আৰ আৰ টি এছৰ বাবে এই বছৰ দিল্লী চৰকাৰৰ ঋণ আছে ৫৬৫ কোটি টকা। ইয়াত আশ্চৰ্যজনক কথাটো হ’ল দিল্লী চৰকাৰৰ এইবাৰৰ বিজ্ঞাপনৰ বাজেট ৫৫০ কোটি টকা। এই কাৰণেই উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰি বিজ্ঞাপনৰ বাজেট জব্দ কৰা হ’ব বুলি কয়। আৰ আৰ টি এছ ফাণ্ড সন্দৰ্ভত পূৰ্বৰ শুনানিত দিল্লী চৰকাৰৰ বিজ্ঞাপন বাজেট সন্দৰ্ভতো মন্তব্য কৰিছে আদালতে। এতিয়া এই বিষয়ত পৰৱৰ্তী শুনানি ২৮ নৱেম্বৰত অনুষ্ঠিত হ’ব।

#বাৰ্তা ডেস্ক

You might also like