নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ত ১৭ অক্টোবৰৰ পৰা মহাসংঘৰ গোচৰৰ চূড়ান্ত শুনানি

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আজি ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানি আৰম্ভ কৰিয়েই মুখ্য ন্যায়াধীশে ৪টা নিৰ্দেশনা জাৰি কৰে বুলি মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ মাধ্যমক কয়। সকলো বাদী-বিবাদী পক্ষকে নিজৰ নিজৰ ফালৰ পৰা গোচৰ সম্পৰ্কে তথ্য পাতিসমূহ ৩ অক্টোবৰৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিয়ে। লগতে সকলো পক্ষকে ১০ অক্টোবৰৰ ভিতৰত গোচৰ সম্পৰ্কে লিখিত দলিল জমা দিবলৈকো নিৰ্দেশ দিয়ে। এই তথ্য পাতিসমূহ গ্ৰহণ কৰিবলৈ দুগৰাকী নডেল বিষয়া নিযুক্তি দিয়ে। এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণীৰ কনিষ্ঠ অধিবক্তা দীক্ষা ৰয় আৰু অসম সন্মিলিত মহাসংঘৰ অধিবক্তা মনীষ গোস্বামীক নডেল বিষয়া নিযুক্তি দিয়ে। এই নডেল বিষয়া দুগৰাকীয়ে সকলো তথ্যপাতিৰ সংযুক্ত প্ৰতিবেদন যুগুত কৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ হাতত দাখিল কৰিব। ১৭, ১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া শুনানি হোৱাৰ পিছত ছুপ্ৰিম কৰ্ট বন্ধ থাকিব সেয়ে ৩১ অক্টোবৰৰ পৰাহে নিৰৱচ্ছিন্ন শুনানি অনুষ্ঠিত হ’ব। আজিৰ ৫জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আন বিচাৰক ন্যায়াধীশসকল হ’ল ন্যায়াধীশ এ এছ বোপান্না, এম এম সুন্দৰেছ, জে বি পাৰিৱালা আৰু মনোজ মিশ্ৰ।শুনানীত মহাসংঘৰ পক্ষৰ হৈ অধিবক্তা কমল নয়ন চৌধুৰী, বিশিষ্ট অধিবক্তা শ্যাম দিৱান, অধিবক্তা সমীৰণ শৰ্মা আদি উপস্থিত আছিল। ৪টা গোচৰৰ পৰিচালক তথা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাও ছুপ্ৰিম কৰ্টত উপস্থিত আছিল। মহাসংঘৰ ৫৬২/২০১২, ৮৭৬/২০১৪, ৩১১/২০১৫ আৰু ৬৮/২০১৬নং ৪টা গোচৰৰ ৰায় দানে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত নিৰ্ণয় কৰিব বুলি মতিউৰ ৰহমানে কয়। বিচাৰ কিছু দীঘলীয়া হ’ব বুলি উল্লেখ কৰি উল্লিখিত সমস্যাবোৰ সমাধানৰ হেতু এটা সংবিধান সন্মত ন্যায়িক ব্যৱস্থা হলে এই বিষয়ত বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক সংগঠনে কৰি থকা লেতেৰা ৰাজনীতিৰ ওৰ পৰিব বুলিও মতিউৰ ৰহমানে দৃঢ়তাৰে কয় ।

You might also like