বাইক ৰেলীৰে সুৰেশ বৰাক আদৰিলে ৰূপহীহাটৰ সংখ্যালঘু লোকে
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় ভেটি শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে। তাৰ ব্যাতিক্ৰম নহয় বিজেপিও। আজি পুৱাই নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা কৰি দিনজোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰিলক্ষিত হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাটৰ ফাকলিত দুপৰীয়া সময়ত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই নিৰ্বাচনী প্ৰচাৰৰ বাবে সভা অনুষ্ঠিত কৰে। ৰূপহীহাটৰ ঔনাৰ পৰা শ শ সংখ্যালঘু জনতাই নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক বিশাল বাইক ৰেলীৰে উষ্ম আদৰণি জনায়। ইপিনে বিজেপি চৰকাৰ কাৰ্যকলাপৰ প্ৰতি সন্তুষ্ট হৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সংখ্যালঘু জনতা। নগাঁও লোকসভা সমষ্টিত বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত হ’ব নিৰ্বাচনী প্ৰতিদ্বন্দিতা বুলি মন্তব্য সুৰেশ বৰাৰ। সুৰেশ বৰাক প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই নিৰ্বাচনী প্ৰচাৰত তেওঁৰ সমৰ্থনসকল তৎপৰ হৈ পৰিছে । সুৰেশ বৰা হেল্পফুল লোক যাৰ বাবে যুৱ প্ৰজন্মই আদৰি লৈছে মন্তব্য কৰে। সাংসদ হিচাপে নিৰ্বাচিত হলে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে দুৰ্নীতি আৰু মধ্যভোগী নোহোৱাকৈ প্ৰদান কৰিব ছাত্ৰ বৃত্তিৰ ধন। ৰূপহীহাটৰ ফাকলিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপি নেতাজন সংখ্যালঘু ৰাইজৰ সঁহাৰি দেখি উৎফুল্লিত হৈ পৰে।সভাত শতাধিক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰে৷ যোগদান কৰা সকলক সুৰেশ বৰাই দলীয় গামোচাৰে আদৰি লয় ৷
প্ৰেৰক জহিৰুল ইছলাম