নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত সুৰেশ বৰাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ : কেইবাসহস্ৰৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত ৯নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ উঠিছে। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামতকৈ অধিক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিত সুৰেশ বৰাই সংখ্যালঘু ভোটাৰৰ মাজত দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। গৰু বিহুৰ দিনা লাহৰীঘাটৰ কেইবাঠাইত নিৰ্বাচনী প্ৰচাৰ চলায় সুৰেশ বৰাই। সেইদিনা পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ লাহৰীঘাটৰ বিভিন্ন অঞ্চলত সুৰেশ বৰাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়। এই নিৰ্বাচনী সভাসমূহত কেইবাসহস্ৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে। কলমৌবাৰী, অমৰাগুৰি, কছাৰীবড়ী, নগাবন্ধা, গৰৈমাৰী, বৰছলা, ভূৰাগাঁও নতুন বজাৰ, ভূৰাগাঁও পুৰাণ বজাৰ, বৰালিমাৰীৰ বেতনি আৰু দৰঙীত নিৰ্বাচনী প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কেইবাসহস্ৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে। বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজত আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে বুলি যোগদান কৰা কৰ্মীসকলে জানিবলৈ দিয়ে। নতুনকৈ বিজেপিত যোগদান কৰাৰ ভিতৰত অধিকাংশই সংখ্যালঘু সম্প্ৰদায়ৰ লোক। নিৰ্বাচনী প্ৰচাৰ সভাত সুৰেশ বৰাই কংগ্ৰেছ প্ৰাৰ্থীক কটাক্ষ কৰি কয় যে নগাঁও লোকসভাৰ চাৰিসীমা চিনি নাপায় প্ৰদ্যুৎ বৰদলৈয়ে। বিগত ৫ বছৰত সমষ্টিৰ উন্নয়নমূলক কাম নকৰা প্ৰদ্যুৎ বৰদলৈয়ে ভোট বিচাৰি ভোটাৰৰ ওচৰত যাবলৈ সাহস কৰা নাই। যি ধৰণে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কৰ্মীয়ে বিজেপিত যোগদান কৰি আছে, নগাঁও সমষ্টিত বিজেপিৰ জয় এশ শতাংশ নিশ্চিত বুলি সুৰেশ বৰাই মন্তব্য কৰে।

প্ৰেৰক আবুল কালাম

You might also like