দুলীয়াজান গোৰ্খা যুৱ সংঘৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা-অস্ত্ৰোপচাৰ শিবিৰ
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ দুলীয়াজান গোৰ্খা যুৱ সংঘ আৰু দৃষ্টি নেত্ৰালয় ডিব্ৰুগড়ৰ যৌথ উদ্যোগত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু দৃষ্টি নেত্ৰালয় অন্ধত্ব মুক্ত গাওঁ কাৰ্যসূচীৰ অধীনত আজি বিনামূলীয়া চকু পৰীক্ষা আৰু অস্ত্ৰোপচাৰ শিৱিৰ সম্পন্ন হয় । দুলীয়াজানৰ দ-হুকুটা শিৱমন্দিৰৰ প্ৰেক্ষাগৃহত আয়োজিত এই চিকিৎসা শিৱিৰত উপস্থিত থাকে ডিব্ৰুগড়ৰ দৃষ্টি নেত্ৰালয়ৰ চিকিৎসকৰ সহযোগী ক্ৰমে দেবব্ৰত দেৱনাথ, মৃদুলা বৰুৱা, ৰুবি ৰহমান, জান্টু মিচং আৰু লুহিত দাস। এই শিৱিৰত প্ৰায় ২০০ ৰো অধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হয় । ইয়াৰে প্ৰায় ৪৫ গৰাকী ৰোগীক পৰ্যায়ক্ৰমে ডিব্ৰুগড় দৃষ্টি নেত্ৰালয়ত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিছে দুলীয়াজান গোৰ্খা যুৱ সংঘৰ সভাপতি ৰত্ন থাপাই। উল্লেখযোগ্য যে আয়ুষ্মান ভাৰত কাৰ্ড থকা ৰোগী সকলক সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে ৰোগীসকলক চশমা আৰু চিকিৎসাধীন অৱস্থাত বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা প্ৰদান কৰা হয়। আনহাতে কাৰ্ড নথকা ৰোগীসকলক ৰেহাই মূল্যত চিকিৎসা সেৱা আগবঢ়াই ।
প্ৰেৰক কৃষ্ণা গগৈ