নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সন্ত্রাসবাদৰ বিৰুদ্ধে পুনৰ চলিব ছার্জিকেল ষ্ট্রাইক’- প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ গুৱাহাটীৰ পৰাই সন্ত্রাসবাদীক চৰম সকীয়নি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ সন্ত্রাসবাদক সকীয়াই প্রতিৰক্ষা মন্ত্রীগৰাকীৰ মন্তব্য– প্রয়োজনত সীমা পাৰ হৈও আক্রমণ কৰিব ভাৰতে৷ ১৯৭১ চনৰ ভাৰত–পাকিস্তান যুদ্ধত পৰম সাহসেৰে যুঁজি আত্মবলিদানেৰে দেশপ্রেমৰ অপূর্ব নিদর্শন দাঙি ধৰা অসমৰ বীৰ যোদ্ধাসকললৈ আজি সন্মান আৰু কৃতজ্ঞতা জনাবলৈ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ৷ এই অনুষ্ঠানতে মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰাজনাথ সিঙে সন্ত্রাসবাদীক সকীয়নি দি কয়– সীমাৰ সিপাৰে গৈ আমি সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ সংকোচ নকৰোঁ৷ আমাৰ চৰকাৰৰ দৃষ্টিভংগী স্পষ্ট৷ সন্ত্রাসবাদৰ পুলিয়ে–পোখাই উভালি পেলাবলৈ আমি লাগি আছোঁ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে সন্ত্রাসবাদ নিঃশেষ কৰিবলৈ প্রতিজ্ঞাবদ্ধ৷ দেশত সন্ত্রাসবাদ নোহোৱা হ’ব লাগিব৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে ইয়াকো কয়– আজি এই বার্তা দিব বিচাৰিছোঁ যে আভ্যন্তৰীণ সন্ত্রাসবাদক আমি নিঃশেষতো কৰিমেই, যদি বাহিৰৰ পৰা সন্ত্রাসবাদক সহায় বা উচটনি দিয়ে, সেই ভূমিলৈ সীমা পাৰ হৈ সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযান চলাবলৈ সংকোচ নকৰোঁ৷ উল্লেখ্য যে ১৯৭১ চনত ভাৰত–পাকিস্তান যুদ্ধত অসমৰ পৰা ৯গৰাকী শ্বহীদ হোৱাৰ উপৰি দুগৰাকী যোদ্ধা শত্রুৰ হাতত বন্দী হৈছিল আৰু ৮গৰাকী চিৰদিনৰ বাবে ঘুণীয়া হ’বলগীয়া হৈছিল৷ তদুপৰি ১৬গৰাকী বিষয়া আৰু ৭০গৰাকী জোৱানেও বীৰত্বৰে শত্রুৰ বিৰুদ্ধে যুঁজ দিছিল৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এই বিশেষ অনুষ্ঠানত আজি এই ১০৫গৰাকী বীৰ যোদ্ধালৈ প্রদান কৰা হয় সন্মান আৰু কৃতজ্ঞতা৷ এই অনুষ্ঠানত শ্বহীদকেইগৰাকীৰ লগতে ইতিমধ্যে মৃত্যু হোৱা বীৰ যোদ্ধাসকলৰ হৈ তেওঁলোকৰ নিকটাত্মীয়ই এই সন্মান গ্রহণ কৰে৷ এই অনুষ্ঠানতে ভাষণ প্রদান কৰি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয়– ১৯৭১ চনত সংঘটিত এই যুদ্ধৰ পাছত পূব পাকিস্তান ভংগ কৰি বাংলাদেশ জন্ম হোৱাৰ পাছত সর্বাধিক লাভান্বিত হৈছে উত্তৰ–পূব৷ ১৯৭১ চনৰ যুদ্ধই ভাৰতক এক কৌশলগত সুবিধা প্রদান কৰিছিল৷ বাংলাদেশ জন্মৰ বহু বছৰ উকলি যোৱাৰ পাছতো দুয়োখন দেশৰ সীমান্তত কেতিয়াও উত্তেজনা হোৱা নাই৷ চুবুৰীয়া বাংলাদেশ সদায়ে ভাৰতৰ বন্ধু দেশ হিচাপে পৰিচিত হৈ আহিছে৷ প্রতিৰক্ষা মন্ত্রীয়ে এই বন্ধুত্বৰ বাবে উত্তৰ–পূবৰ ৰাজ্যসমূহক কৃতিত্ব দিয়াৰ লগতে উত্তৰ–পূবৰ চৰকাৰসমূহে ইণ্ডো–বাংলাদেশ সীমান্তত শান্তি আৰু সুস্থিৰতা সুনিশ্চিত কৰা বুলিও উল্লেখ কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত কয়– অসমৰ প্রতিশ্রুতিবদ্ধ যুদ্ধ বীৰসকলৰ প্রতি কৃতজ্ঞতা প্রদর্শন কৰিবলৈ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা এই বিশেষ অনুষ্ঠানত ১৯৭১ চনৰ ভাৰত–পাকিস্তানৰ যুদ্ধত অসমৰ বীৰসকলৰ ভূমিকা স্পষ্ট ৰূপত দাঙি ধৰিছে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে যুদ্ধত অংশগ্রহণ কৰা ফিল্ড মার্শ্বাল ছেম মানেকশ্ব, জেনেৰেল জগজিৎ সিং আৰোৰা, লেফটেনেণ্ট জেনেৰেল জে এফ আৰ জেকব, মেজৰ জেনেৰেল সুজন সিং উবান আৰু এয়াৰ চীফ মার্শ্বাল আই এইচ লতিফক এই যুদ্ধত ভাৰতক এক ঐতিহাসিক বিজয়ৰ দিশে লৈ যোৱাৰ বাবে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয়– ১৯৭১ চনৰ যুদ্ধত আমাৰ বাহিনীত প্রতিটো ধর্মৰ সৈনিক আছিল৷ কিন্তু সেই শক্তিয়ে আমাক জয় কৰা নাছিল, আমাৰ জয় নিশ্চিত কৰিছিল ভাৰতীয়ত্বৰ শক্তিশালী বান্ধোনে৷ যি আমাৰ সৈনিকসকলক একলগ কৰি ৰখাত সহায় কৰিছিল৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে দেশৰ নাগৰিকসকলক ঐক্য আৰু অখণ্ডতা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়৷ উত্তৰ–পূবৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্রত্যাহাৰৰ প্রসংগত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়– এই আইন প্রত্যাহাৰ কৰাটোৱে স্পষ্ট কৰিছে যে অঞ্চলটোলৈ নামি আহিছে দীর্ঘম্যাদী শান্তি৷ কিছুসংখ্যক লোকে অভিযোগ কৰে যে ভাৰতীয় সেনাবাহিনীয়ে সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন প্রত্যাহাৰ কৰিবলৈ নিবিচাৰে৷ কিন্তু এই মঞ্চৰ পৰাই মই ক’ব বিচাৰোঁ যে আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্রত সেনাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে আৰু নাগৰিকৰ সুৰক্ষাৰ প্রতি মুখ্য স্থান দি আহিছে৷ ভাৰতীয় সেনাই জম্মু–কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হ’লে তাৰ পৰাও সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্রত্যাহাৰ কৰাটো বিচাৰে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে আজি শ্রীমন্ত শংকৰদেৱ, লাচিত বৰফুকনৰ লগতে গোপীনাথ বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা উল্লেখ কৰি অসমৰ একতা যাতে অক্ষুণ্ণ থাকে, তাৰ প্রতি প্রতিজন অসমীয়াই গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে৷ ইয়াৰ পূর্বে অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৯৭১ চনৰ ভাৰত–পাক যুদ্ধ ভাৰত উপ–মহাদেশত এক যুগান্তকাৰী ঘটনা আছিল বুলি মন্তব্য কৰে৷ তেওঁ কয়– অসমীয়া যোদ্ধাৰ বীৰত্বৰ বাবে বাংলাদেশৰ সপোন বাস্তৱায়িত হৈছিল৷ এই যুদ্ধত সেনাবাহিনীৰ জোৱানসকলৰ বীৰত্ব আৰু ত্যাগেৰে ভাৰতে ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল তেনে নহয়, স্বাধীন বাংলাদেশ গঠন বাস্তৱায়িত কৰাৰ দিশতো গুৰুত্বপূর্ণ অৰিহণা যোগাইছিল৷ মুখ্যমন্ত্রীয়ে যুদ্ধৰ বীৰ যোদ্ধাসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয়– ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানৰ ইষ্টার্ন কমাণ্ডে আত্মসমর্পণ দলিলত স্বাক্ষৰ কৰিছিল৷ এই দলিলৰ জৰিয়তে পাকিস্তানৰ ইষ্টার্ন কমাণ্ডৰ ৯৭,৩৬৮গৰাকী সৈন্যই চর্তবিহীনভাৱে আত্মসমর্পণ কৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এয়া আছিল বিপুল পৰিমাণৰ অস্ত্র–শস্ত্রসহ কোনো সামৰিক বাহিনীৰ দ্বিতীয় সর্ববৃহৎ আত্মসমর্পণ৷ ইয়াৰ জৰিয়তে ভাৰতীয় সৈনিকৰ উদ্যম আৰু সাহসিকতাৰ এক নিদর্শন স্পষ্ট হৈছিল৷ মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয় যে অকল যুদ্ধৰ ক্ষেত্রতেই অসমৰ ভূমিকা সীমিত হৈ থকা নাছিল৷ ৰাজ্যৰ কিছুসংখ্যক আৰক্ষী বিষয়াই পাকিস্তানৰ সেনাবাহিনীৰ বিৰুদ্ধে যুঁজ দিবলৈ মুক্তি বাহিনী আৰু মুক্তিযোদ্ধাসকলক প্রশিক্ষণ আৰু অন্যান্য দিশৰেও সহায় কৰিছিল৷ মুখ্যমন্ত্রীয়ে স্পেচিয়েল ছিকিউৰিটী ব্যুৰ’ (এছ এছ বি)ৰ জ্ঞানানন্দ শর্মা পাঠক আৰু গিৰিজানন্দ চৌধুৰীৰ স্বাধীনতাৰ এই যুঁজত লোৱা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডি এন সোণোৱাল আৰু হিৰণ্য কুমাৰ ভট্টাচার্যই এই অভিযানৰ সময়ত লোৱা গুৰুত্বপূর্ণ অৰিহণাৰ বাবে তেওঁলোকলৈ আন্তৰিক শ্রদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্রীয়ে৷ তেওঁ কয় যে সুধাকণ্ঠ ভূপেন হাজৰিকাই এই মুক্তিযোদ্ধাক আধাৰ হিচাপে লিখা ‘জয় জয় নৱজাত বাংলাদেশ, জয় জয় মুক্তি বাহিনী’ গীতটোৱে নতুনকৈ গঠিত সার্বভৌম বাংলাদেশৰ প্রতি এক বিজয়সুলভ অভিনন্দন আছিল আৰু এই মুক্তিযোদ্ধাসকলক আলম লৈ লিখা গীতটিয়ে এতিয়াও সকলোৰে অন্তৰ স্পর্শ কৰে৷ বীৰ যোদ্ধাসকলে স্বদেশৰ বাবে আগবঢ়োৱা অৱদানৰ প্রতি উপযুক্ত মর্যাদা প্রদান কৰাটো চৰকাৰৰ এক দায়িত্ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– এই লক্ষ্যৰে চৰকাৰে সাহসী যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত থিয় দিছে৷ ৰাজ্য চৰকাৰে নিজৰ প্রতিশ্রুতি ৰূপায়ণৰ দিশত দায়বদ্ধতাৰে আগবাঢ়িছে৷ এইক্ষেত্রত কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে৷ এই পদক্ষেপসমূহৰ ভিতৰত হ’ল– সেনাবাহিনীৰ জোৱানৰ মৃত্যু হ’লে তেওঁলোকৰ নিকটাত্মীয়লৈ ৫০ লাখ টকা এককালীন সাহায্য, প্রাক্তন সৈনিকৰ বাবে চাকৰি, প্রাক্তন সৈনিকৰ সন্তানৰ বাবে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ তেওঁ লগতে কয় যে প্রাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে অধিক আঁচনি গ্রহণ কৰিব৷ মন কৰিবলগীয়া যে আজিৰ এই বিশেষ অনুষ্ঠনত যুদ্ধত শ্বহীদ হোৱা ৯গৰাকী বীৰ যোদ্ধাৰ পত্নীলৈ ১০ লাখ টকাকৈ, ৮গৰাকী আঘাতপ্রাপ্তৰ প্রত্যেককে ৫ লাখ টকাকৈ, দুগৰাকী যুদ্ধবন্দীলৈ প্রত্যেককে ২.৫ লাখ টকাকৈ আৰু ৮৬গৰাকী বীৰ যোদ্ধাৰ প্রত্যেকলৈ ২ লাখ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হৈছে৷ আজাদী কা অমৃত মহোৎসৱৰ মহান উপলক্ষত ১৯৭১ চনৰ ভাৰত–পাকিস্তান যুদ্ধত আগবঢ়োৱা অতুলনীয় সেৱা, ত্যাগ আৰু সাহসিকতাৰ বাবে ৰাজ্যৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়েও ভাষণ প্রদান কৰে৷ এই অনুষ্ঠানত ১৯৭১ চনৰ যুদ্ধৰ বীৰ যোদ্ধা তথা পদ্মশ্রী বঁটাপ্রাপক কর্নেল (অৱসৰপ্রাপ্ত) কুৱাজী আজাদ আলী নাহিৰে ভাষণ প্রদান কৰে৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘দ্য ব্রেভহার্টছ অৱ ৭১’ নামৰ পুস্তিকা এখনো মুকলি কৰা হয়৷ এই অনুষ্ঠানত ৩০০গৰাকীতকৈ অধিক বীৰ যোদ্ধা, বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালবর্গ উপস্থিত থাকে৷ তদুপৰি ১৯৬৫ চনৰ যুদ্ধৰ কিছুসংখ্যক যোদ্ধাও উপস্থিত থাকে অনুষ্ঠানত৷ কেইবাগৰাকীও মন্ত্রী, সাংসদ, বিধায়ক, অসামৰিক আৰু প্রতিৰক্ষা বিভাগৰ শীর্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে৷

You might also like