নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ ছনি বিবিচি আৰ্থৰ ফটো প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে জাগীৰোডৰ এজন যুৱকৰ ফটো। “আৰ্থ ইন ফ’কাছ” শিতানৰ বাবে নিৰ্বাচিত এই বিশেষ ফটোখন দক্ষতাৰে নিজৰ লেঞ্চত আৱদ্ধ কৰা ফটোগ্ৰাফাৰজন হৈছে জাগীভকত গাঁৱৰ সুৰজিৎ ৰাজখোৱা। এটা বহুজাতিক ফাৰ্মা কম্পেনীৰ অসমৰ বাঢিজ্যিক শাখাৰ গুৰু দায়িত্বত থাকিলেও সুৰজিতে নিজৰ হ’বি ফটোগ্ৰাফিৰ চৰ্চা অৱ্যাহত ৰাখিছে। প্ৰধানতঃ প্ৰকৃতি বিষয়ক ফটো তুলি ভালপোৱা সুৰজিতে আহৰি পালেই কেমেৰা লৈ অৰণ্য অথবা নদীৰ পাৰলৈ গুছি যায়। আনহাতে চেপ্তেম্বৰ মাহত কাজিৰঙাত আৱদ্ধ কৰা ফটোখনে ছ’নি বিবিচিৰ বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰে। এতিয়া স্বাভাৱিক প্ৰক্ৰিয়া মতে আৰম্ভ হ’ব নিৰ্বাচিত ফটো সমূহৰ মাজত ভোটদান প্ৰক্ৰিয়া। দক্ষ ফটোগ্ৰাফাৰগৰাকীৰ ফটোখনত ভোটদান কৰি জাগীৰোডৰ ফটোগ্ৰাফাৰগৰাকীক উৎসাহিত কৰাৰ লগতে অসমৰ প্ৰকৃতিৰ প্ৰচাৰতো অংশীদাৰ হ’বলৈ যুৱকজনে আহ্বান জনাইছে।
প্ৰেৰক হৰিপ্ৰসাদ মল্লিক