নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপাধিৰে এটা জাতি নিৰ্ধাৰণ নহয় : বিতৰ্ক কৰাসকলক সকীয়নি আৰছুৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ শেহতীয়াকৈ টংকেশ্বৰ ৰাভাৰ উপাধি (জাতি) বিতৰ্কই সমগ্ৰ ৰাভা হাছং এলেকাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তাৰ মাজতে এই বিতৰ্ক সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে আজি নিজৰ স্থিতি স্পষ্ট কৰি সংবাদ মেল আয়োজন কৰে৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা জন্মগতভাবেই ৰাভা সম্প্ৰদায়ৰ লোক৷ এই দাবী তিনিওটা ৰাভা সংগঠনৰ৷ দক্ষিণ কামৰূপৰ বকোৰ ৰঞ্জন ৰাভাই সূচনা কৰা টংকেশ্বৰ ৰাভাৰ উপাধি (জাতি) বিতৰ্কৰ সন্দৰ্ভত আজি দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত তিনি সংগঠনৰ কৰ্ণধাৰ সভা অনুষ্ঠিত হয়। সংবাদমেলত তিনি সংগঠনৰ নেতৃত্বই কয়- যিগৰাকী টংকেশ্বৰ ৰাভাই সুদীৰ্ঘ ১২ বছৰ আৰছুৰ সভাপতি হৈ জাতিটোৰ সংগ্ৰামক নেতৃত্ব দি দিছে, যিগৰাকী টংকেশ্বৰ ৰাভাই ২০১০ চনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ৰাভা জাতিৰ সংগ্ৰাম আৰু আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ ওপৰত ভাষণ দি আহিছে, সেইগৰাকী টংকেশ্বৰ ৰাভাৰ নেতৃত্বত হাজাৰ হাজাৰ ৰাভা যুৱক-যুৱতীয়ে জাতিৰ বাবে কাম কৰাৰ বাবে উদ্বুদ্ধ হৈ পৰিছে ৷ তেওঁক হঠাতে ৰাভা জাতিৰ লোক নহয়, বৰং শৰণীয়া বুলি বিতৰ্ক আৰম্ভ কৰাতো ৰঞ্জন ৰাভাই স্বজাতীয় সংগ্ৰামক নস্যাৎকৰাৰ ষড়যন্ত্ৰ ৰচিছে৷ যিগৰাকী লোকে ৰাভা জাতিৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ব্যৱস্থাটোক আগুৱাই নিয়াৰ সংগ্ৰামত ব্ৰতী হৈ আছে‌, তেখেতৰ জাতিৰ পৰিচয় বিচাৰি কৰা প্ৰশ্ন অমূলক আৰু ভিত্তিহীন৷ ই ন্যস্তস্বাৰ্থ জড়িত আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত‌৷ ব্যক্তিগত তথা ৰাজনৈতিক ভাবে এগৰাকী ব্যক্তিক আক্ৰমণ কৰিবলৈ গৈ এটা জাতিক ভাগ ভাগ কৰা বা জাতিদ্ৰোহী কাৰ্যৰ সৈতে জড়িত ৰঞ্জন ৰাভা আৰু সংগী সকলোক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ চৰম সকীয়াই দিছোঁ। ইফালে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড° সুভাষ ৰাভাই পুনৰ কয়- যি হৈছে বেয়া হৈছে, জাতিটোৰ বাবে লজ্জাজনক, দুৰ্ভাগ্যজনক। উপাধীৰে এটা জাতি নিৰ্ধাৰণ নহয়, সেই জাতিটোয়ে কি ধৰণে বাস কৰিছে, কেনে ধৰণৰ জীৱন ধাৰণেৰে আগবাঢ়িছে, ৰীতি-নীতিৰ ওপৰত আধাৰ কৰিহে এটা জাতি নিৰ্ধাৰণ হয়। এনে জাতি বিৰোধী, বিভেদকামী চিন্তাৰ লোক সকলোক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তিনিওটা সংগঠনৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহক নিৰ্দেশ দিছে কেন্দ্ৰীয় সমিতিসমূহে ৷

প্ৰেৰক বেনজিন বড়ো 

You might also like