ভালুকপুঙত ৬জন এন এল এফ বি কেডাৰৰ আত্মসমৰ্পণ
নিয়মীয়া বাৰ্তা : ৬ এপ্ৰিল : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি নিষিদ্ধঘোষিত সংগঠন এন এল এফ বিৰ ছয়জনকৈ কেডাৰে আত্মসমৰ্পণ কৰে । জানিব পৰা মতে, নতুনকৈ ভূমিষ্ঠ হোৱা নিষিদ্ধঘোষিত সংগঠনটোৰ এটা দলে ভালুকপুঙৰ দুৰ্গম পাহাৰৰ মাজত গোপনে আশ্ৰয় লৈ আছিল । শোণিতপুৰ আৰক্ষী আৰু প্ৰশাসনৰ তৎপৰতাত সংগঠনটোৰ ৬জনকৈ কেডাৰে আজি এক অনুষ্ঠানত ভালুকপুঙত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰী কেডাৰকেইজন ক্ৰমে গেঙলাঙ বসুমতাৰী, তৰুণ বসুমতাৰী, গিবিয়ান বসুমতাৰী, এলচন বসুমতাৰী, বিদাই নাৰ্জাৰী আৰু জিছুৱা বসুমতাৰী । আনহাতে সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ মুৰব্বী এম বাথাই কয় যে আত্মসমৰ্পণকাৰী কেডাৰকেইজন কোনোপ্ৰকাৰে সংগঠনটোৰ সদস্য নহয় , বৰং তেওঁলোক একো একোটা ডকাইতহে । আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোক ডকাইতলৈ ৰূপান্তৰ হৈছে ।
প্ৰেৰক প্ৰাঞ্জল বৰা