নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুকটুকত পোৱা মানীবেগ ঘূৰাই দিলে গৰাকীক : নাহৰকটীয়াৰ সুস্মিতাৰ মানৱীয়তা

বিশেষ বার্তা, ১৯ ছেপ্টেম্বৰ : যি সময়ত বিভিন্ন সংবাদ মাধ্যম অথবা সামাজিক মাধ্যমত নৱ প্ৰজন্মৰ বিষয়ে বিভিন্ন নেতিবাচক খবৰ পঢ়িবলৈ পোৱা যায়, যিসময়ত নৱপ্ৰজন্মৰ মাজত বিভিন্ন নিষিদ্ধ দ্ৰব্য সেৱনৰ ফলত তেওঁলোকৰ দ্বাৰা সমাজখনত এক ভয়াবহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হয়, তেনে সময়তে সমাজ খনত নৱ প্ৰজন্মৰ যুৱক যুৱতীয়ে এনে কিছুমান ঘটনা সংঘটিত কৰে, যাৰ দ্বাৰা সমাজ খন যে এতিয়াও একাংশ নৱ প্ৰজন্মৰ হাততে সুৰক্ষিত হৈ আছে অথবা প্ৰতিগৰাকী নৱ প্ৰজন্মই যে আধুনিকতাৰ ধাম খুমীয়াত পৰি নিজস্বতা হেৰুৱাই পেলোৱা নাই তাক বাৰে বাৰে প্ৰমাণিত কৰে। তেনে এক প্ৰশংসনীয় ঘটনাই সংঘটিত হয় আজি নাহৰকটীয়া মহাবিদ্যালয়ত। প্ৰণিধানযোগ্য যে এইবাৰ মহাবিদ্যালয় খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাত নামভৰ্তি কৰিছিলহি দুলিয়াজান বিধান সভা সমষ্টিৰ অন্তৰ্গত টিংৰাই চাৰিআলি অঞ্চলৰ সুস্মিতা ছাপাগাই নামৰ এগৰাকী ছাত্ৰীয়ে। জানিব পৰা মতে কালি মহাবিদ্যালয়ৰ পৰা ছাত্ৰীগৰাকীয়ে টুকটুকেৰে নাহৰকটীয়া চহৰ অভিমুখে গৈ থকা অৱস্থাত তাই টুকটুকখনত উদ্ধাৰ কৰে এটা গৰাকীবিহীন মানীবেগ যত আছিল নগদ ৯৫০ টকাৰ লগতে এখন এটিএম আৰু এখন চিকিৎসকৰ প্ৰেছক্ৰিবছনৰ উপৰি এগৰাকী যুৱতীৰ এখন পাছপৰ্ট ফটো। উল্লেখযোগ্য যে যিহেতু উক্ত টুকটুকখনত কেৱল নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰীহে আছিল সেইবাবে সুস্মিতা ছাপাগাই কালি এই মনিবেগটো টুকটুকখনৰ গৰাকীক গতাই দিয়াৰ বিপৰীতে নিজৰ ঘৰত সযতনে ৰাখি আজি মহাবিদ্যালয়খনৰ স্নাতক শ্ৰেণীৰ সমন্বয়ক ডঃ দিগন্ত তামুলীৰ সহযোগত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰৰ হাতত গতাই দিয়াৰ লগতে নিজে উক্ত ছোৱালীজনীৰ অনুসন্ধানত নামি পৰি অৱশেষত ইয়াৰ প্ৰকৃত গৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হয়। মনকৰিবলগীয়া যে মহাবিদ্যালয়খনৰে স্নাতক প্ৰথম সান্মাষিকৰ ছাত্ৰী ৰুক্মিণী ভূমিজে কালি মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যাওঁতে অসাৱধানবশত এইদৰে মানিবেগ টো পেলাই থৈ যোৱা বুলি স্বীকাৰুক্তি দিয়াৰ পিছত অধ্যক্ষৰ কাৰ্যালয়তে সুস্মিতা ছাপাগাইয়ে তেওঁ আনুষ্ঠানিকভাৱে তেওঁৰ মানীবেগটো গটাই দিয়ে। প্ৰণিধানযোগ্য যে মানুহৰ বিশেষকৈ নৱ প্ৰজন্মৰ মাজত মানৱীয়তা, আপোন ভাৱ আদি হেৰাই যোৱা বুলি সততে বিভিন্ন জনৰ মাজত চর্চা চলি থকাৰ সময়তে এনেদৰে এগৰাকী ছাত্ৰীয়ে নগদ ধনৰ বেগ পায়ো লোভ প্ৰকৃত গৰাকীক বিচাৰি গটাই দিয়া খবৰে ছোৱালীজনীৰ মানসিকতাক সকলোৱে একেমুখে শলাগ লৈছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like