নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুন চাহ ফেক্টৰীৰ কৰ্মচাৰীক অপহৰণ সন্দেহযুক্ত আলফাৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ অসম অৰুণাচল সীমামূৰীয়া জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াৰ দহমাইলস্থিত চাহ উদ্যোগৰ পৰা এজন কৰ্মচাৰীক সন্দেহযুক্ত আলফা (স্বা)ৰ দ্বাৰা অপহৰণৰ সন্দেহ। কৰ্মচাৰীজনৰ নাম গৌতম বসুমতাৰী (২৭) । প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা প্ৰায় ১০ বজাত জাগুন দহমাইলস্থিত হিমালয়া চাহ উদ্যোগৰ কৰ্মচাৰী গৌতম বসুমতাৰীক প্ৰায় ৭ জনীয়া এটি অত্যাধুনিক অস্ত্ৰ ধাৰী উগ্ৰপন্থী দলে অপহৰণ কৰি টিৰাপ নৈ অতিক্ৰমি অৰুনাচল হৈ ম্যানমাৰ দিশে গতি কৰে । অপহৰণ ঘটনাৰ লগত আলফাৰ (স্বাঃ) দুধৰ্ষ কেডাৰ মৃগাংক অসম আৰু সৌৰভ অসম জড়িত থকা বুলি সেনাৰ এক সূত্ৰই দাবী কৰিছে। উল্লেখ্য যে যোৱানিশা গৌতম বসুমতাৰীৰ সৈতে চাহ ফেক্টৰীটোৰ মেনেজাৰ জনকো উগ্ৰপন্থী দলটোৱে অপহৰণ কৰি নিছিল যদিও টিৰাপ নৈ পাৰকৰাৰ পাছতে মেনেজাৰ অসীম গগৈক এৰি দিয়ে দলটোৱে। পঞ্চাচৰ উদ্ধৰ মেনেজাৰ জন শাৰীৰিক ভাৱে অসুস্থ হোৱাৰ বাৱেই দলটোৱে এৰি দিয়ে অসীম গগৈক। উল্লেখ্য যে আজি প্ৰায় দুবছৰ পূৱেও ৰাধা চেতীয়াৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ফানেং স্থিত চাহ বাগিচাৰ পৰা দিননাথ উপাধ্যায় নামৰ এজন মহৰীক অপহৰণ কৰি প্ৰায় এক মাহৰ পাছত আলফা স্বাধীনে মুকলি কৰি দিছিল। মুক্তিপৰ্ণৰ বিপৰীতে বৃহৎ পৰিমাণৰ ধন আলফা স্বাধীনক দিব লগা হৈছিল বুলি সেই সময়ত চৰ্চা হৈছিল। নিশা সংগঠিত অপহৰণকাণ্ডৰ পাছতেই তিনিচুকীয়া জিলা আৰক্ষী অধ্যক্ষক অভিজিত গৌৰৱ দিলিপ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে অপহৃতৰ উদ্ধাৰ অভিজান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। অপহৰণ কাণ্ডৰ ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অন্যহাতে জাগুন থানাৰ অন্তৰ্গত ‘অসম নামফাই’ৰ নিবাসী অপহৃত অবিবাহিত গৌতম বসুমতাৰীৰ পৰিয়ালে বিনা চৰ্তে অনতিপলমে নিৰপৰাধী কৰ্মচাৰী গৌতমক মুকলি কৰি দিবলৈ আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ অসমৰ প্ৰতি আহ্বান জনাইছে। সেনা তথা অসম আৰক্ষীয়ে সম্ভাব্য এলেকাত গৌতমৰ উদ্ধাৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বাতৰি লেখা সময়লৈকে আলফা স্বাধীন বা অন্য কোনো উগ্ৰপন্থী সংগঠেন এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিওঁ আলফা স্বাধীনেই এই অপহৰণ সংগঠিত কৰা পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে নিৰাপত্তা বিভাগসমূহে।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like