যৌন কেলেংকাৰিৰে নাম সাঙোৰ খোৱা এ ডি পি কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন
বিশেষ বাৰ্তা, ১৩এপ্ৰিল : নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে আজি তৎকালে বলবৎ হোৱাকৈ অধ্যক্ষ পদৰ পৰা ড° সুৰজিৎ কুমাৰ ভাগৱতীক নিলম্বিত কৰিছে৷ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে এ ডি পি কলেজৰে দুগৰাকী সহকাৰী অধ্যাপিকাই যৌন নিৰ্যাতন চলাব বিচৰাৰ অভিযোগ আনিছিল ৷ অভিযোগ উত্থাপন কৰাৰ লগতে অধ্যক্ষ ড° ভাগৱতীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে জামিনবিহীন ধাৰাত অধ্যক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ অধ্যক্ষজনৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলাব বিচৰাৰ অভিযোগ উঠাৰ পিছত নগাঁৱৰ শৈক্ষিক মহলত আলোড়নৰ সৃষ্টি হৈছিল ৷ একেমুখে শৈক্ষিক মহলে গৰিহণা দিছিল সমগ্ৰ ঘটনাক ৷ ঐতিহ্যমণ্ডিত এ ডি পি কলেজৰ সুৰক্ষা আৰু শৈক্ষিক উত্তৰণৰ স্বাৰ্থত যৌন কেলেংকাৰিৰ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছিল ৷ তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষ ড° ভাগৱতীক কৈফিয়ত তলব কৰি ২৪ ঘন্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ৷ কৈফিয়তৰ সময় সীমা পাৰ হোৱাৰ পিছত বুধবাৰে উচ্চ শিক্ষা সঞ্চালক ডি কে মিলিয়ে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে ৷ লগতে নিলম্বিতকৰণৰ প্ৰতিলিপি এডিপি কলেজৰ পৰিচালনা সমিতি , নগাঁও কোষাগাৰলৈ প্ৰেৰণ কৰে ৷ নিলম্বিত কৰনৰ সময়চোৱাত ড° সুৰজিৎ কুমাৰ ভাগৱতীক সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোহোৱাকৈ নগাঁও এৰি নাযাবলৈ নিৰ্দেশ দিয়া হৈছে ৷ চাঞ্চল্যকৰ বিষয় এই যে নগাঁও সদৰ থানাত ৰুজু হোৱা যৌন নিৰ্যাতনৰ গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ উঠিছে ৷ আৰক্ষীয়ে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰি দায়িত্ব সামৰিছে ৷ ড° ভাগৱতীয়ে মুক্ত বিচৰণ কৰা স্থানৰ খবৰ দিয়া লোকক নগাঁও আৰক্ষীয়ে সময় নাই বুলি বিষটোৰ পৰা ৰহস্যজনকভাৱে আঁতৰি আছে ৷
প্ৰেৰক কনক হাজৰিকা