নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুটুম্ব সুৰক্ষা পৰিষদ-ৰ উদ্যোগ, বটদ্ৰৱাত সূত্ৰধাৰ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ২০২৫ বৰ্ষৰ "সনাতন সূৰ্য" বঁটা

বটদ্ৰৱাত সূত্ৰধাৰ শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক-আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন কুটুম্ব সুৰক্ষা পৰিষদ-ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : অসমৰ অগ্ৰণী সামাজিক-আধ্যাত্মিক-সাংস্কৃতিক সংগঠন “কুটুম্ব সুৰক্ষা পৰিষদ”-য়ে বিগত তিনি বৰ্ষৰ দৰে এইবেলিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতি আৰু ৰাষ্ট্ৰীয় একাত্মতাৰ বুনিয়াদ শক্তিশালী কৰাৰ হেতু “সূত্ৰধাৰ”ৰ শীৰ্ষক “ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন – সূত্ৰধাৰ ২০২৫” এইবেলি শ্ৰীগুৰুজনাৰ ওপজা ঠাই বটদ্ৰৱা থানৰ পৱিত্ৰ ভূমিত আয়োজন কৰা হৈছে।

অহা ছেপ্তেম্বৰ মাহৰ ৫, ৬ আৰু ৭ তাৰিখে (১৯, ২০ আৰু ২১ ভাদ) তিনিদিনীয়া কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটি আয়োজন কৰা হ’ব। ভাৰতবৰ্ষৰ প্ৰায় ৪০ খন বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ বিভিন্ন ঠাইৰ আধ্যাত্মিক-সাংস্কৃতিক শিল্পী সকলে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ “শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক” তিনিওটা বিষয়ত সমান্তৰাল ভাবে আলোচনা আৰু পৰিবেশ্য কলাৰ মাধ্যমেৰে আগুৱাই নিবলৈ চেষ্টা কৰা হ’ব।

তাৰ লগতে সংগতি ৰাখি সৰু হস্ত-তাঁত, গ্ৰন্থ আৰু অনান্য গ্ৰাম্য উৎপাদিত বয়-বস্তুৰো এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা‌ হ’ব। উল্লেখযোগ্য যে, “সূত্ৰধাৰ-২০২৫” ৰ “ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলন”খনি এইবেলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (নগাঁও), অসম মহিলা বিশ্ববিদ্যালয় (যোৰহাট) আৰু ভট্টদেৱ বিশ্ববিদ্যালয় (বজালী)ৰ সহযোগিতাত মহাপুৰুষ জনাৰ সৃষ্টিৰাজিৰ বিভিন্ন বিষয় সামৰি আয়োজন কৰা হ’ব।

শৈক্ষিক সন্মিলনত ইচ্ছুক শিক্ষক, অধ্যাপক, গৱেষক, লেখক, সমাজ সচেতক যিকোনো ব্যক্তিৰ লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও গৱেষণা তথা আলোচনা পত্ৰ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত প্ৰদান কৰিব পাৰিব। তাৰবাবে ৫ জুনৰ ভিতৰত গৱেষণা তথা আলোচনা পত্ৰৰ সাৰাংশ [email protected] ই-মেইল যোগে প্ৰেৰণ কৰিব পাৰিব আৰু সম্পূৰ্ণ পত্ৰ ২০ আগষ্টৰ ভিতৰত জমা দিব লাগিব। পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই জনায় যে নিৰ্বাচিত গৱেষণা তথা আলোচনা পত্ৰ সমূহৰ একোখনিকৈ গ্ৰন্থ অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিওটা ভাষাতে সন্মিলনৰ পিছত প্ৰকাশ কৰা হ’ব।

সত্য ৰঞ্জন বৰাই আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত লগতে এই কথা জনায় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক শুদ্ধ ভাবে আলোচনা কৰিবলৈ হ’লে কেৱল মাথো তেওঁক ধৰ্মীয় দিশতে আবদ্ধ কৰি ৰাখিলে নহ’ব। বৌদ্ধিক, সামাজিক, আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰতিটো দিশতে তেওঁ যথেষ্ট কাম কৰিছে যিসমূহৰ এতিয়াও সঠিক মূল্যায়ন কৰা হোৱা নাই।

বিশ্ব মানৱ সভ্যতাৰ ভেটি টনকিয়াল কৰিবলৈ আৰু বিশ্ব ভ্ৰাতৃত্ববোধ সুদৃঢ় কৰাৰ লগতে বিশ্বত সনাতনী অসমীয়া হিচাপে নিজৰ পৰিচয় জিলিকাই তুলিবলৈ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি সঠিক ভাবে বিশ্লেষণ আৰু মূল্যায়ন কৰা উপস্থাপন কৰিব পাৰিব লাগিব। আমাৰ “সূত্ৰধাৰ” শীৰ্ষক এই ৰাষ্ট্ৰীয় অনুষ্ঠানটি তাৰেই প্ৰয়াস।

তেওঁ লগতে জনায় যে শৈক্ষিক আৰু বৌদ্ধিক আলোচনাৰ সমান্তৰালভাবে তিনিদিৱসীয় অনুষ্ঠানটিৰ প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ বিভিন্ন আধ্যাত্মিক-সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব। গুৰু বন্দনা, বৰগীত, সত্ৰীয়া নৃত্য, দিহানাম, থিয়নাম আদিৰ লগতে তিনিও নিশা একোখনকৈ অংকীয়া নাট ক্ৰমে পাৰিজাত হৰণ, ৰুক্মিণী হৰণ আৰু ৰাম বিজয় প্ৰদৰ্শন কৰা হ’ব।

উল্লেখযোগ্য যে পাৰিজাত হৰণ নাটখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তৎপৰতাত প্ৰদৰ্শন কৰাৰ লগতে ৰুক্মিণী হৰণ আৰু ৰাম বিজয় নাট দুখন ক্ৰমে পৰিষদৰ কাৰ্যকৰ্তা সকলে আৰু বটদ্ৰৱাৰ স্থানীয় ৰাইজে প্ৰদৰ্শন কৰিব। অনুষ্ঠানৰ তৃতীয়দিনা পুৱা এক আধ্যাত্মিক-সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া শতাধিক সাধু-সন্ত-মহন্তৰ এখনি আধ্যাত্মিক সন্মিলনৰো আয়োজন কৰা হ’ব বুলি সত্য ৰঞ্জন বৰাই জানিবলৈ দিয়ে।

আজি সংবাদ মেলত উপস্থিত থকা বিশিষ্ট শংকৰদেৱ গৱেষক আৰু “সূত্ৰধাৰ-২০২৫”ৰ ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলনৰ সংযোজক ড° সঞ্জীৱ কুমাৰ বৰকাকতীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা-দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ হেতু কুটুম্ব সুৰক্ষা পৰিষদৰ এই প্ৰচেষ্টাই এক যুগান্তকাৰী ভূমিকা পালন কৰিব বুলি কয় আৰু প্ৰতিগৰাকী সচেতন ব্যক্তিৰ লগতে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ আহ্বান কৰে। ইতিমধ্যেই, পশ্চিম বংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, পাঞ্জাব বিশ্ববিদ্যালয়, গৌৰখপুৰ সংস্কৃত বিশ্ববিদ্যালয়, চটিশগড় কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে আদি কৰি অসমৰ প্ৰায় প্ৰতিখন বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে উক্ত সন্মিলনত অংশগ্ৰহণ কৰিব বুলি জনায়।

উল্লেখযোগ্য যে অসম মহিলা বিশ্ববিদ্যালয় আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ক্ৰমে ড° মহাশ্বেতা দেৱী আৰু ড° দুলুমণি ডেকা উক্ত শৈক্ষিক সন্মিলন খনিৰ সহ-সংযোজকৰ দায়িত্বত থকাৰ লগতে পৰিষদৰ সাধাৰণ সম্পাদক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা দিহানামৰ গুৰু উপাধি প্ৰাপক লোকশিল্পী অমিয়া নেওগ কলিতা আধ্যাত্মিক-সাংস্কৃতিক কাৰ্যক্ৰম সমূহৰ তত্বাৱধানত থাকিব।

শংকৰদেৱৰ সৃষ্টিৰাজিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চা কৰি তেৰাৰ চিন্তা-দৰ্শনক সকলোৰে আগত তুলি ধৰিবলৈ ইতিমধ্যেই কুটুম্ব সুৰক্ষা পৰিষদে বিগত তিনিবছৰ “সূত্ৰধাৰ” শীৰ্ষক এই বিশেষ অনুষ্ঠানভাগ ভাৰতবৰ্ষৰ শ্ৰীধাম বৃন্দাবন (উত্তৰ প্ৰদেশ-২০২২ বৰ্ষ), উজ্জয়িনী (মধ্য প্ৰদেশ-২০২৩) আৰু শ্ৰীধাম অযোধ্যা (উত্তৰ প্ৰদেশ-২০২৪) ত সফলতাৰে অনুষ্ঠিত কৰা হৈছে। বিগত বৰ্ষত ভাৰতবৰ্ষৰ ২২ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰা “সূত্ৰধাৰ ২০২৪”ৰ প্ৰতি দেশৰ বৌদ্ধিক মহলে দেখুওৱা সঁহাৰি সঁচাকৈয়ে উৎসাহজনক।

“সূত্ৰধাৰ ২০২৫”ৰ এই ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন” বিগত বৰ্ষৰ দৰে এইবেলিও পৰিষদৰ তৰফৰ পৰা যোগ্যজনক “সনাতন সূৰ্য বঁটা”, “সূত্ৰধাৰ বঁটা”, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত সেৱা সন্মান”, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান”, “ৰাজীৱ শদিয়া সংস্কৃতি সাধনা বঁটা”, “সমন্বয় সেতু বন্ধন বঁটা”, আৰু “হিন্দু চেতনা বঁটা” প্ৰদান কৰা হ’ব বুলি সংবাদ মেলত আজি পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই ঘোষণা কৰে। ইতিমধ্যেই, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক “গো-সুৰক্ষাৰ” বাবে তেখেতে গ্ৰহণ কৰা কঠোৰ আৰু প্ৰাসংগিক সনাতন সিদ্ধান্তৰ বাবে “২০২৫ বৰ্ষ”ৰ “সনাতন সূৰ্য” বঁটা তেখেতলৈ আগবঢ়োৱা বুলি বৰাই আজি ঘোষণা কৰে।‌

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বন্দনাৰে ৰাষ্ট্ৰীয় একাত্মতা, ৰাষ্ট্ৰীয় সংহতি আৰু বিশ্ব মানৱ সভ্যতাৰ ভেটি টনকিয়াল কৰিবলৈ হাতত লোৱা এই উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ সমূহ অসমবাসীৰ ৰাইজৰ সহায়-সহযোগিতা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই কামনা কৰে।

You might also like