নিয়মীয়া বাৰ্তা, ১ জুলাইঃ গুৱাহাটীত দৈনিক বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। প্ৰায় ১৪০০ অতিক্ৰম কৰিছে কভিড ৰোগী। সামাজিক সংক্ৰমণৰ লগতে ভ্ৰমণ সূচী নথকা বহু লোক আক্ৰান্ত হৈছে। আজি জনতা ভৱনত সম্বোধন কৰা এখন সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লৈছে ক’ৰোনাই। তেনেস্থলত আমি প্ৰতিজন লোক সচেতন হৈ থকাটো প্ৰয়োজন।
গুৱাহাটী মহানগৰীত এইটো পৰিলক্ষিত হৈছে যে স্বোৱাব দিয়াৰ পাছত প্ৰায়সংখ্যক লোক ঘূৰি ফুৰিছে। বিগত কেইদিনত এদিনত গুৱাহাটীত প্ৰায় ২০০০জন লোকেও স্বোৱাব দিছিল। এনেক্ষেত্ৰত ইয়াৰে ২০০জন লোকো যদি সামাজিক স্থানত ঘূৰি ফুৰে তেন্তে তেওঁলোক হ’ব ক’ৰোনাৰ ‘চুপাৰ বাহক’। গতিকে স্বোৱাব টেষ্টৰ ফলাফল নহালৈকে সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনালে মন্ত্ৰী ড০ শৰ্মাই।