নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত সন্তৰণবিদ দিশা গগৈক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ৩০ আগষ্ট : সোণাৰি পৌৰসভাৰ তত্বাৱধানত অনুষ্ঠিত ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ  ৰজা পুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত আজি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তৰণবিদ দিশা গগৈক। সাপেখাতী ৰহণ নিবাসী দিশা গগৈয়ে ঐতিহাসিক আটাল পুখুৰীত প্ৰশিক্ষক কৃষ্ণ বড়াৰ তত্বাৱধানত সাঁতোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বৰ্তমান গুৱাহাটীৰ সৰুসজাই ড০ জাকিৰ হুছেইন একুৱাটিক চুইমিং পুলত বাবুল গুৰুংৰ তত্বাৱধানত অনুশীলন কৰি চৰাইদেউ জিলাৰ পৰা অসম সাঁতোৰ দ’লক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হৈছে। আজি ৰজাপুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তৰণবিদ দিশা গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ সভাপতি অৰুণ গগৈ, সোণাৰি পৌৰসভাৰ উপ- পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ, সাঁতোৰ প্ৰশিক্ষক কৃষ্ণ বড়া,ৰজা পুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি ম: আমনতুল্লা আহমেদ, সম্পাদক ৰক্তিম শৰ্মা, পৌৰ আয়ুক্ত ভাস্কৰ বৰুৱা, ৰজা পুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, সূত্ৰধাৰ সাঁতোৰ সন্থাৰ সভাপতি ধৰ্ম বৰগোহাঁই, সম্পাদক উত্তম গগৈ, সাপেখাতীৰ বিশিষ্ট ক্ৰীড়া সংগঠক পুস্প গগৈ, শিক্ষক নৰেণ গগৈ, ৰজা পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ গোস্বামী,চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক বিজয় গগৈ আৰু সাঁতোৰ প্ৰশিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক অভিভাৱকা সকল উপস্থিত আছিল।
প্ৰেৰক দীপাংকৰ পাল
You might also like