শিৱসাগৰৰ চৈয়দ আৰমানুৰ ৰহমানৰ আকস্মিক মৃত্যু
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ শিৱসাগৰ চহৰৰ গাতে লাগি থকা মেটেকা আমগুৰি চাৰিআলি নিবাসী তথা মেছাগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক চৈয়দ আৰমানুৰ ৰহমানৰ আজি আকস্মিকভাৱে বুকুৰ বিষত আক্ৰান্ত হৈ নগৰৰ এখন চিকিৎসালয়ত মৃত্যু হোৱাৰ খবৰে গভীৰ শোঁকৰ ছা পেলাইছে৷ বিদ্যালয়লৈ বুলি যাবলৈ ওলোৱাৰ সময়তেই হঠাত বুকুৰ বিষত আক্ৰান্ত হয়৷ লগে লগেই নগৰৰ এখন চিকিৎসালয়লৈ যায় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পুৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে গণিত বিভাগৰ শিক্ষক চৈয়দ আৰমানুৰ ৰহমানে৷ এগৰাকী অতি নম্ৰ তথা বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগত ওতপ্ৰোতভাৱে জড়িত আমানুৰ ৰহমানৰ আকস্মিক মৃত্যুৰ সংবাদ বিয়পি পৰাৰ পিছতেই অগণন গুণমুগ্ধই উপচি পৰে তেওঁৰ বাসগৃহ৷ শোকত ভাগি পৰে মেছাগড় মজলীয়া ইংৰাজী বিদ্যালয়ৰ সহকৰ্মীসকলৰ লগতে শিক্ষাৰ্থী সকল ৷ উল্লেখ্য যে বিজ্ঞানৰ স্নাতক তথা অংক শাস্ত্ৰৰ বিশেষ পাৰদৰ্শী শিক্ষক ৰূপে জনাজাত চৈয়দ আৰমানুৰ ৰহমানে আজিৰ পৰা ডেৰ বছৰৰ পুৰ্বেহে প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল মেছাগড় এম ই স্কুলৰ ৷ইহ সংহাৰত শিক্ষয়িত্ৰী পত্নীৰ লগতে এজন পুত্ৰ, দুজন ভাতৃ, ভগ্নীৰ লগতে এটা বৃহত পৰিয়াল এৰি থৈ গৈছে৷ পঞ্জাৱৰ এখন কৃষি বিশ্ব বিদ্যালয়ত স্নাতকোত্তৰত অধ্যয়নৰত এক মাত্ৰ পুত্ৰ কাইলৈহে শিৱসাগৰত উপস্থিত হ’বহি৷ যাৰ বাবে কাইলৈ তেওঁৰ শেষকৃত্য ৰংপুৰ আঞ্চলিক কৱৰস্থানত সম্পন্ন কৰা হব।
প্ৰেৰক আশ্ৰফুৰ ৰহমান