নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ক্রিকেটৰ উত্তৰণ দেখি মই অভিভূত, গুৱাহাটীত ছিনক্র’নাইজড এৰিয়েল কৰিঅ’গ্রাফীৰ ড্র’ন শ্ব’

নিউজ ডেস্ক, ২৮ মাৰ্চঃ ‘অসম ক্রিকেটৰ উত্তৰণ দেখি মই অভিভূত৷ মই অসমৰ হৈ ঘৰুৱা ক্রিকেট খেলিছিলোঁ৷ সেয়ে ১৫ বছৰ পূর্বৰ অসমৰ ক্রিকেটৰ পৰিৱেশটোৰ বিষয়ে মই ভালদৰে জানো৷ কিন্তু এতিয়া অসমৰ ক্রিকেটৰ ৰূপ সম্পূর্ণৰূপে সলনি হৈ গৈছে৷ ৰিয়ানৰ দৰে প্রতিভাৱান ক্রিকেটাৰে ভাৰতীয় দলৰ হৈ খেলাৰ লগতে আইপিএলত আমাৰে দলটোক নেতৃত্ব দিছে৷ অসমৰ ক্রিকেট ষ্টেডিয়াম দেশৰে নহয় বিশ্বৰ অন্যতম অত্যাধুনিক সা–সুবিধা থকা ষ্টেডিয়াম৷ আনহাতে, বিচিচিআইৰো সচিব অসমৰে প্রাক্তন ক্রিকেটাৰ দেৱজিৎ শইকীয়া৷ প্রতিভাৰ চমক, সুদক্ষ প্রশাসক তথা অনবদ্য আন্তঃগাঁথনিৰে অসমে ভাৰতীয় ক্রিকেটৰ গতিশীল ধাৰাটো লৈ যোৱাত অৰিহণা যোগাইছে সেয়া অনন্য আৰু মই এই উত্তৰণক লৈ অভিভূত৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ বলিং প্রশিক্ষক তথা প্রাক্তন ভাৰতীয় দলৰ সদস্য ছৈৰাজ বহুতুলেৰ৷ গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত কেকেআৰৰ বিৰুদ্ধে ছিজনৰ প্রথমখন ঘৰুৱা মেচত অংশ লোৱাৰ পাছত সংবাদ মেলত এই কথা প্রকাশ কৰে বহুতুলেই৷ উল্লেখ্য যে যিসময়ত অসম ক্রিকেট সন্থাই বাহিৰা ক্রিকেটাৰৰ ওপৰত নির্ভৰ হৈ আছিল সেই সময়তে ২০০৯–১০ ছিজনত অসমৰ হৈ মুম্বাইৰ সতীর্থ অমল মজুমদাৰৰ নেতৃত্বত ছৈৰাজে ৰঞ্জী ট্ৰফী খেলিছিল৷ ৰিয়ানক প্রশংসা কৰি বহুতুলে কয় ‘যোৱা ৩বছৰ ৰিয়ানে যি ধাৰাবাহিকতা ৰক্ষা কৰি ঘৰুৱা ক্রিকেটত প্রদর্শন কৰিছে সেয়াই তেওঁৰ দক্ষতা–প্রতিভাক পৃথক মাত্রা দিছে৷ তদুপৰি আইপিএলৰ যোৱা ছিজনৰ অনবদ্য প্রদর্শনৰ বাবেই ৰিয়ানে ভাৰতীয় দলতো স্থান লাভ কৰিছে৷ ৰিয়ানে নিজক বেটিং আৰু বলিঙত অধিক সক্ষম কৰি ভাৰতীয় দলৰ এজন সুদক্ষ অলৰাউণ্ডাৰ হ’ব বুলি মই বিশ্বাস কৰোঁ৷’ আৰ আৰৰ বলিং প্রশিক্ষকজনে গুৱাহাটীৰ প্রথম মেচৰ পৰাজয়ৰ কাৰণ বেটিঙত ২০–৩০ ৰান কম কৰাটো বুলিয়ে ব্যক্ত কৰে৷ ইফালে, প্রথম দুয়োখন মেচত দলৰ বলিং বিভাগৰ দুর্বলতাৰ কথা ছৈৰাজে স্বীকাৰ কৰিলেও প্রতিজন বলাৰে দক্ষ বুলি কোৱাৰ লগতে সফল প্রত্যাৱর্তন কৰিব বুলিও তেওঁ দৃঢ় বিশ্বাসী৷ ‘আমাৰ দলটো নৱাগত ক্রিকেটাৰৰে গঠিত৷ অধিনায়কো নতুন৷ সেয়ে সংগঠিত হ’বলৈ সময় লাগিব৷ এয়া ছিজনৰ আৰম্ভণিহে৷’ বহুতুলেই লগতে কয়৷ ৰয়েলছে দেওবাৰে গুৱাহাটীত চিএছকেৰ বিৰুদ্ধে খেলিব৷ এহ মেচখনত প্রথমবাৰৰ বাবে গুৱাহাটীৰ দর্শকে ড্র’ন শ্ব’ উপভোগ কৰাৰ সুযোগ পাব৷ প্রযুক্তিবিদ্যাৰ প্রয়োগৰে ছিনক্র’নাইজড এৰিয়েল কৰি’গ্রাফীৰ এক আকর্ষণীয় প্রদর্শনেৰে বর্ষাপাৰাৰ খেলপথাৰত ৰূপ–ৰঙৰ কৌশলী খেলা আৰু আলোক মায়াত বুৰ যাব৷ ৰয়েলছৰ ক্রিকেট উৎসৱ এইবাৰ উত্তৰ–পূবত পালনৰ অংগীকাৰৰ প্রতীক হিচাপে এয়া পৰিগণিত হ’ব৷

You might also like