নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত পার্কিঙৰ নামত ছিণ্ডিকেট; দর্শনার্থীৰ ই–টিকটৰ নামতো লুণ্ঠন কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বিকাশ শর্মাৰ ব্যাপক অনিয়মেৰে এতিয়া চলিছে অসম ৰাজ্যিক চিৰিয়াখানা৷ গাডী পার্কিঙৰ নামত চিৰিয়াখানাত পুনৰ সক্রিয় হৈ উঠিছে এটা ছিণ্ডিকেট চক্র৷ শেহতীয়াকৈ এই চক্রটোৱে একাংশ কর্মচাৰীৰ সহযোগত চিৰিয়াখানাত গাড়ী পার্কিঙৰ নামত নিতৌ সংগ্রহ কৰিছে হাজাৰ হাজাৰ টকা৷ প্রতিদিনে দর্শনার্থীৰ গাডীৰ গড় সংখ্যা অনুপাতে হিচাপত কম দেখুৱাই এই চক্রটোৱে নিতৌ সংগ্রহ কৰিছে বৃহৎ ধন৷

চৰকাৰী হিচাপত ২ৰ পৰা ৩ হাজাৰ টকা দেখুৱাই বাকী টকা হৰলুকী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ তদুপৰি দর্শনার্থীৰ ই–টিকটৰ নামতো এই চক্রটোৱে একাংশ চিৰিয়াখানাৰ কর্মচাৰীৰ সহযোগত লুটিছে হাজাৰ হাজাৰ টকা৷ বিশেষকৈ গ্রামাঞ্চলৰ পৰা চিৰিয়াখানা দর্শন কৰিবলৈ অহা একাংশ সহজ–সৰল লোকক টার্গেট কৰি ধন আত্মসাৎ কৰি আহিছে এই চক্রটোৱে৷ এখন বাছৰ ৪০জন যাত্রীৰ টিকটৰ পইচা সংগ্রহ কৰি চৰকাৰৰ ঘৰত ৮ৰ পৰা ১০জনৰ হিচাপ দি ধন হৰলুকী কৰি আহিছে এওঁলোকে৷

সমান্তৰালভাৱে চিৰিয়াখানাৰ ই–টিকট কাউণ্টাৰত থকা একাংশ কর্মচাৰীয়ে দৈনিক হাজাৰ হাজাৰ দর্শনার্থীৰ টিকট কাটি চৰকাৰী তথ্যত কম দেখুৱাই ধন লুটিপুতি খোৱাৰ বিস্ফোৰক তথ্য প্রকাশ কৰিছে চিৰিয়াখানাৰ এক বিশ্বস্ত সূত্রই৷ এই বৃহৎ চক্রটোৱে প্রতিমাহে ডি এফ অ’ তেজচ মৰিশ্বামীক মোটা অংকৰ ধন দি অহাৰো অভিযোগ উঠিছে৷ অর্থাৎ অসম ৰাজ্যিক চিৰিয়াখানাত পার্কিং আৰু ই–টিকটৰ নামত বৰমূৰীয়াৰ পৰা তলৰ কর্মচাৰী জডিত হৈ লুণ্ঠন অব্যাহত ৰাখিছে৷ এই ক্ষেত্রত বিভাগীয় মন্ত্রী পৰিমল শুক্লবৈদ্যক চিৰিয়াখানাৰ অনিয়মক লৈ তদন্ত কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে।

You might also like