নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা ঠিকাদাৰৰ ৫৫ কোটি আত্মসাতৰ ফন্দি অৰুণাচলী প্রতিষ্ঠানৰ

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ উত্তৰ অসমৰ চাৰিলেনযুক্ত পথৰ ধনেৰে এইবাৰ অৰুণাচল প্রদেশৰ পথ নির্মাণত নামিছে বিতর্কিত টি কে ইঞ্জিনীয়াৰিং এণ্ড কনচর্টিয়াম প্রাইভেট লিমিটেড নামৰ বিতর্কিত নির্মাণকাৰী সংস্থাটো৷ বিশ্বনাথ জিলাৰ খিলঞ্জীয়া ঠিকাদাৰৰ প্রায় ৫৫ কোটি টকা আত্মসাৎ কৰি অৰুণাচলী নির্মাণ সংস্থাটোৱে চুবুৰীয়া ৰাজ্যৰ পথ নির্মাণত বিনিয়োগৰ বিস্ফোৰক অভিযোগ তুলিছে একাংশ বঞ্চিত অসমীয়া যুৱকে৷ শোণিতপুৰৰ জামুগুৰিহাটৰ পৰা বিশ্বনাথৰ গহপুৰলৈ চাৰিলেনযুক্ত পথ নির্মাণৰ ঠিকা লাভ কৰা এই টি কে ইঞ্জিনীয়াৰিঙে একাংশ খিলঞ্জীয়া ঠিকাদাৰক কৰা প্রৱঞ্চনা আৰু শোষণৰ প্রতিবাদত সোমবাৰে সংস্থাটোৰ নাচবৰৰ স্থানীয় কার্যালয়ত তলাবন্ধ কৰা হয়৷

তদুপৰি খিলঞ্জীয়াসকলৰ ন্যায্য ৫৫ কোটি টকা আদায় অবিহনে বিতর্কিত পথ নির্মাণকাৰী সংস্থাটোৰ কোনো কাম–কাজ কৰিবলৈও দিয়া নহ’ব বুলি বঞ্চিতসকলে সকীয়াই দিয়ে৷

উল্লেখ্য যে চুবুৰীয়া অৰুণাচল প্রদেশৰ এই টি কে ইঞ্জিনীয়াৰিঙৰ বিৰুদ্ধে স্থানীয় ঠিকাদাৰৰ ধন আত্মসাতৰ অভিযোগ দীর্ঘদিনীয়া৷ প্রথম অৱস্থাত স্থানীয় ঠিকাদাৰক ইন্ধনৰ পৰা আদি কৰি বিভিন্ন সামগ্রী যোগানৰ ঠিকা দি আত্মীয়তা গঢ়া টি কে ইঞ্জিনীয়াৰিঙৰ ধন পৰিশোধৰ কোনো ইচ্ছা নাই৷

কিয়নো বিশ্বনাথ জিলাত পথটোৰ নির্মাণত অংশীদাৰ হোৱা থলুৱা ঠিকাদাৰক বিল পোৱাৰ পাছত ধন আদায় দিব লাগে যদিও বিলৰ ধন পালেই স্থানীয় ঠিকাদাৰক বঞ্চিত কৰি অৰুণাচলৰ পথ নির্মাণত বিনিয়োগ কৰে৷ অভিযোগ মতে বিশ্বনাথ জিলাৰেই থলুৱা ঠিকাদাৰৰ অনাদায় ৫৫ কোটিৰো অধিক৷ ইতিমধ্যে ধাৰৰ বোজাত আকণ্ঠ ডুব যোৱা খিলঞ্জীয়া ঠিকাদাৰসকলে টি কে ইঞ্জিনীয়াৰিঙৰ ষডযন্ত্রৰ তথ্য লাভ কৰি আজি নাচবৰত থকা নির্মাণকাৰী সংস্থাটোৰ কার্যালয়ৰ গেটত তলাবন্ধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷

অভিযোগ মতে টি কে ইঞ্জিনীয়াৰিঙৰ ৰতো টাছি নামৰ ব্যক্তিজনে ছলাহী কথা আৰু ধন আদায় দিম দিম বুলি প্রায় ২/৩ বছৰ এইসকল স্থানীয় ঠিকাদাৰক প্রতাৰণা কৰি আহিছে৷ আনৰ পৰা সুদত ধন লৈ টি কে ইঞ্জিনীয়াৰিঙৰ পথ নির্মাণত বিনিয়োগ কৰাৰ পাছত ধাৰৰ বোজা পাতলাবৰ বাবে থলুৱা ঠিকাদাৰে মাটি–বাৰী বিক্রী কৰিবলগীয়া পৰিস্থিতি হৈছে৷ একোজন ঠিকাদাৰকে সামগ্রী যোগানৰ নামত ৫/৭ কোটি টকা অনাদায় হোৱাত আত্মহত্যাৰ বিকল্প নাই বুলিও একাংশ খিলঞ্জীয়াই মত পোষণ কৰিছে৷

প্রাক্তন উগ্রপন্থী আৰু আন সন্দেহজনক লোকক এইবাৰ স্থানীয় ঠিকাদাৰৰ বিপক্ষে থিয় কৰাই বন বিভাগকো মেনেজত নমা বুলিও এই বিতর্কিত নির্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে অভিযোগ উঠিছে৷ চাকৰিৰ আশা ত্যাগ কৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ প্রশস্ত কৰা এইসকল ঠিকাদাৰৰ পানীত হঁাহ নচৰা অৱস্থাৰ পৰা পৰিত্রাণ বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্রীৰ শৰণাপন্ন হৈছে৷ কিয়নো এইসকল খিলঞ্জীয়াক বঞ্চিত কৰি পুনৰ আন একাংশক জালত পেলাবলৈ সংস্থাটোৰ কেইবাজনো অভিযন্তাই ইতিমধ্যে ষডযন্ত্র ৰচনা কৰাৰ অভিযোগ উঠিছে৷

You might also like