নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান কলেজত প্ৰতিভা বিকাশ সপ্তাহত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ আজিৰে পৰা দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ৪৭ সংখ্যক বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ অনুষ্ঠিত হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে আজি উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলিত হ’ল অসমৰ জাতি জনগোষ্ঠী সমূহৰ থলুৱা পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ উপৰিও সাময়িক ঘটনা প্ৰবাহৰ ওপৰত প্ৰদৰ্শন কৰে নান্দনিক দৃশ্য। মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগে সোণোৱাল কছাৰী সমাজ-সংস্কৃতিক আধাৰ হিচাপে লৈ বাথৌ পূজা¸ লখিমী সবাহ¸ বহুৱা নৃত্য¸ হাইদাং হুঁচৰি¸ লেচেৰী বিহু¸ জীৱিকা আদি বিষয়ক উপস্থাপন কৰে। একেধৰণে পদাৰ্থ বিজ্ঞান বিভাগে মূগা শিল্পৰ উৎপাদন প্ৰক্ৰিয়া উপস্থাপন কৰাৰ লগতে অসমীয়া বিভাগে অসমৰ বাৰ মাহৰ প্ৰতিটো মাহতে উদযাপিত উৎসৱ-পাৰ্বণ¸ কৃষি কৰ্ম লগত জড়িত বিষয়সমূহ উপস্থাপন কৰে। আনহাতে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে চাহ জনগোষ্ঠীয় সমাজ-সংস্কৃতি¸ ৰাজনীতি বিজ্ঞান বিভাগে ভোৰতাল¸ সত্ৰীয়া¸ সোণোৱাল-কছাৰী নৃত্য¸ নগা নৃত্য¸ বেংগলী¸ ৰাভা¸ বড়ো¸ মিছিং¸ বিহু আদি অসমৰ লোকনৃত্যসমূহ¸ শিক্ষাতত্ত্ব বিভাগে অসমীয়া জনজীৱনত বাঁহ আৰু ইয়াৰ ব্যৱহাৰ¸ বাংলা বিভাগে বাংলা বিবাহ অনুষ্ঠান, উদ্ভিদ বিজ্ঞান বিভাগে অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰ¸ ইংৰাজী বিভাগে অসমৰ চিৰসেউজ সুৰীয়া গীত¸ সমাজতত্ত্ব বিভাগে ঐতিহ্যময় অসমীয়া সংস্কৃতিৰ হৰিনাম¸ তুলনি বিয়া¸ বৰ বিয়া¸ নিমাতি কন্যা আদি উপস্থাপন কৰাৰ বিপৰীতে বাণিজ্য বিভাগে বাল্য বিবাহ¸ যৌতুক প্ৰথা বন্ধ কৰা¸ কন্যা সন্তানক সুৰক্ষা দিয়া¸ ডাইনী হত্যা ৰোধ কৰা¸ ধৰ্ষণ আদি সামাজিক ব্যাধিৰ বিৰোধিতাৰে প্ৰতিকী প্ৰতিবাদী সমদল প্ৰদৰ্শন কৰে। একেদৰে ইতিসাহ বিভাগে ভাগৱত ভ্ৰমণ¸ অসমৰ থলুৱা শিল্পসমূহ আৰু জাতীয় উৎসৱমসূহ প্ৰদৰ্শন কৰাৰ লগতে প্ৰাণী বিজ্ঞান বিভাগে সমাজৰ অপকৰ্ম ৰোধ¸ গণিত বিভাগে জি-২০ বৈঠক¸ কম্পিউটাৰ বিভাগে মুগা শিল্প¸ ৰসায়ন বিজ্ঞান বিভাগে সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ মুখাশিল্পৰ পৰা ৰাস উৎসৱলৈকে এক আধ্যাত্মিক পৰিৱেশ উপস্থাপন কৰাৰ উপৰিও নিমাটি ঘাটৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকললৈ শ্ৰদ্ধাঞ্জলি আৰু হিন্দী বিভাগে ষট পূজাক অনন্য ৰূপত উপস্থাপন কৰি দুলীয়াজানবাসীৰ দৃষ্টি নিৱদ্ধ কৰে । দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ সুৰেন্দ্ৰনাথ গগৈ য়ে শুভাৰম্ভ কৰা এই বৰ্ণিল শোভাযাত্ৰা দুলীয়াজান মহাবিদ্যালয় চৌহদৰ পৰা আৰম্ভ কৰি অসম গেছ কোম্পানীৰ মুখ্য প্ৰৱেশ দ্বাৰে আহি জয়ানগৰ- পিপলতল হৈ অইল অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় সন্মুখৰ পথেৰে ঘূৰি পুনৰ একে পথেৰে মহাবিদ্যালয়ৰ প্ৰাংগণত অন্ত পেলায় । আজি কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈ আৰু শ্বহীদ তৰ্পণ কৰে শৈক্ষিক সমন্বয়ক ডঃ হেমন্ত দাসে। ইফালে বাৰ্ষিক সপ্তাহৰ উপলক্ষে পাছলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গীত-মাত, নৃত্য-ক্ৰীড়া ইত্যাদি সাহিত্য-সাংস্কৃতিক বিভিন্ন দিশৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like