নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিভাৱান কস্তুৰীৰ মনৰ কথা…

নিয়মীয়া বাৰ্তা ৬ ছেপ্টেম্বৰঃ   ইউটিউৱ বৰ্তমান সময়ত জনপ্ৰিয় ছচিয়েল মিডিয়াৰ প্লেট ফৰ্ম। বহু লোকে ইউটিউৱৰ যোগেদি নিজৰ প্ৰতিভা বিকাশ কৰিছে। পিছ পৰি ৰোৱা নাই লখিমপুৰৰ জীয়াৰী কস্তুৰী ভূঞা । সংগীত জগতত খোজ পেলাবলৈ নিজৰ ইউটিউৱ চেনেলেৰে আৰম্ভ কৰিছে সংগীতৰ যাত্ৰা।  কম সময়ৰ কস্তুৰীৰ ইউটিউৱ চেনেলত বহু লোক সংযুক্ত হৈছে।

সৰুৰে পৰা গান গাই ভাল পাই কস্তুৰীয়ে। স্কুলত পঢ়া দিনৰে পৰা গানগাই আহিছে কস্তুৰীয়ে। কস্তৰীয়ে নিজৰ ইউটিউৱ চেনেলত বিভিন্ন গান গাই নিজৰ প্ৰতিভাৰ উমান দি আহিছে। হিন্দী হওক অথবা অসমীয়া কস্তুৰীয়ে প্ৰতিটো গীত গাই নিজৰ প্ৰতিভাৰ উমান দিছে।

আমি কথা পাতিছিলো কস্তুৰীৰ সৈতে। কস্তুৰীয়ে কৈছিল নিজৰ মনৰ কথা। সংগীতৰ কথা। কস্তুৰীয়ে প্ৰথমে শাস্ত্ৰীয় সংগীতৰ শিক্ষা লখিমপুৰৰ শিৰোমনি গগৈৰ ওচৰত লাভ কৰিছিল। আনহাতে সৰুতে মাতৃৰ পৰাও গীত শিকিছিল। অসমীয়া লোকগীতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছ গুৱাহাটী সংগীত সত্ৰৰ পৰা আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীত এলহাবাদ বিশ্ববিদ্যালয়ৰ পৰা।
বৰ্তমান কস্তুৰী ইনষ্টাগ্ৰামৰ কনট্ৰেণ্ট ক্ৰিয়েটৰৰ লগত জড়িত। আৰু জনপ্ৰিয় বস্ত্ৰৰ এপ মিন্ট্ৰাৰ লগতো জড়িত। 
পুনৰ গানৰ প্ৰসংগত কস্তুৰীয়ে কয় যে যথেষ্ট কষ্ট কৰিব লগা আছে। বিশেষকৈ সুৰ-তাল, লয়, উশাহত নিয়ন্ত্ৰণ ইত্যাদিৰ ওপৰত । আনহাতে কস্তুৰীৰ ধাৰণা যে বিনা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ নোলোৱাকৈ গান গাব পাৰি কিন্তু তাৰ বাবে লাগিব কঠোৰ পৰিশ্ৰমৰ লগতে সাধনা।

 

মুঠৰ ওপৰত কস্তুৰীয়ে সংগীতৰ ওপৰত বহু দূৰ আগুৱাই যাব বিচাৰে। কৰোনা মহামাৰীৰ পিছত সংগীত জগতত নতুন কিবা এটা পৰিকল্পনা কৰাৰ সিদ্ধান্ত লৈছে। মুঠৰ ওপৰত কস্তুৰীৰ সংগীত  যাত্ৰাৰ আৰম্ভণিহে। বহু দূৰ আগুৱাই যাওক কস্তুৰী।

You might also like