নিয়মীয়া বাৰ্তা, ৫ জুন : তামুলপুৰৰ এজন যুৱকৰ ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ। যুৱকজনৰ উদ্যোগত অসমৰ মুখ্যমন্ত্ৰীৰ জন্ম দিনৰ পৰা আৰম্ভ কৰিছিল এক লাখ গছপুলি ৰোপণ কৰা কাৰ্য। যুৱকজন তামুলপুৰ মহকুমাৰ অন্তৰ্গত টেবিটোলাৰ নীলমনি ৰাজবংশী। উল্লেখযোগ্য যে নীলমনি ৰাজবংশীৰ উদ্যোগত এটি সমাজহিতৈষী দলে ইতিমধ্যে কেইবাহাজাৰো গছপুলি ৰোপণ কৰিছে তামুলপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত। আজিও বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি তামুলপুৰৰ বিভিন্ন স্থানত ৰোপণ কৰে গছপুলি। প্ৰকৃতিৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবে নীলমনি ৰাজবংশীয়ে প্ৰতিদিনে প্ৰকৃতিৰ সৈতে এক সু সম্পৰ্ক ৰক্ষা কৰি আহিছে। নীলমণি ৰাজবংশীৰ প্ৰকৃতিৰ প্ৰতি থকা দায়িত্ববোধ আৰু এক লাখ গছপুলি ৰোপণ কাৰ্যৰ শলাগ লৈছে ভিন্নজনে। নীলমণি ৰাজবংশীৰ মতে প্ৰতিটো গছপুলিক আমি সন্তানৰ দৰে লালন পালন কৰিলে এদিন ই ফলে ফুলে সেউজী হৈ পৰিব।
প্ৰেৰক ৰজনী বৰ্মন