বিশেষ বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যত পথ দুৰ্ঘটনা ৰোধৰ হকে আৰক্ষীয়ে যিমানেই ব্যবস্থা গ্ৰহণ নকৰিলেও দুৰ্ঘটনাৰ প্ৰকোপ বৃদ্ধি হে হৈছে। বিশেষ কৈ নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু শোকাবহ ঘটনাই ৰাজ্যক জোকাৰি গৈছে। এনে দুৰ্ঘটনাৰ পৰা আৰক্ষীৰ বাহনো সাৰি যাব পৰা নাই। লখিমপুৰত যোৱা নিশা আৰক্ষীৰ এখন তহলদাৰী বাহনক এখন টেংকাৰে মহটিয়াই নিয়াৰ ফলত চালক সহ চাৰিজন আৰক্ষী আহত হৈ চিকিৎসাধীন হব লগীয়া হৈছে। দুৰ্ঘটনা টো সংঘটিত হয় নগৰৰ সমীপৰ মৈদমীয়া এলেকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। লখিমপুৰ সদৰ থানাৰ পৰা এটা টহলদাৰী দলে এএছ ০৭ জি ৪৫৮২ নম্বৰৰ বিভাগীয় টাটা চুমু গাড়ী খনেৰে তহল দি চৰাই মৰীয়াৰ দিশে গৈছিল। গাড়ী খন গৈ মৈদমীয়া এলেকা পোৱাৰ সময়তে ধেমাজিৰ দিশৰ পৰা লখিমপুৰ অভিমুখে অহা এএছ ০৭ চি ৮৬১১ নম্বৰৰ টেংকাৰখনে সন্মুখৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে। টেংকাৰৰ খুন্দাত আৰক্ষীৰ বাহন খনৰ সন্মুখ ভাগ চুৰমাৰ হৈ পৰে। ফলত চালকসহ চাৰিজন আৰক্ষী আহত হয়। দুৰ্ঘটনাত আহত হোৱা আৰক্ষীকেইজন হৈছে-সদৰ থানাৰ এছ আই পুষ্পকমল বৰা, ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ লেন্স নায়ক অনিল বড়ি, হাবিলদাৰ ৰূপম সন্দিকৈ আৰু আৰক্ষী বাহনৰ চালক জয়ন্ত পেগু। তেও লোকক ততালিকে উদ্ধাৰ কৰি নিশাই লখিমপুৰ মেডিকেল কলেজ ত ভৰ্ত্তি কৰোৱা হয়।আহত কেইজনৰ ভিতৰত চালক জয়ন্ত পেগু ক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন কেইজনক লখিমপুৰ মেডিকেল কলেজত চিকিৎসা কৰা হৈছে। উল্লেখ্য দুৰ্ঘটনাটো সংঘটিত কৰিয়েই টেংকাৰ খনৰ চালক জনে পলায়ন কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুৰ্ঘটনা গ্ৰস্ত দুয়োখন বাহনকে আনি সদৰ থানাত ৰাখিছে। লক্ষ্যনীয় জনসাধাৰণক সুৰক্ষা দিবলৈ গৈ অথবা পথ দুৰ্ঘটনা ৰোধৰ হকে ব্যবস্থা গ্রহণ কৰিবলৈ গৈ আৰক্ষী য়েই দুৰ্ঘটনা ৰ বলি হব লগীয়া হোৱা এই ঘটনাই নিশা হলে যে একাংশ যান বাহনৰ চালকৰ অতপালিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দত পৰিণত হৈছে সেই কথা স্পষ্ট কৰি তুলিছে।
প্ৰেৰক জীৱন গোস্বামী