নিয়মীয়া বার্তা, ৫ জুলাই : শিলচৰত দিনৰ পোহৰত ৰাজপথত মহিলাৰ দ্বাৰা আক্ৰমণ অধিবক্তাক। কালি বিয়লি প্ৰায় ৪ বজাত শিলচৰ অফিচপাৰাৰ মুখ্য ডাকঘৰ পথত তন্ময় পুৰকায়স্থ নামৰ এগৰাকী অধিবক্তাক আক্ৰমণ কৰে এজাক মহিলাই। তীব্ৰ প্ৰহাৰ কৰাৰ লগতে তেওঁ পিন্ধা চাৰ্টটো ফাটি যায়। এই ঘটনাক কেন্দ্ৰ কৰি এলেকাত উত্তেজনাৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তন্ময় পুৰকায়স্থক মহিলা সংগঠনৰ সদস্য গীতা পাণ্ডে আৰু তেওঁৰ সংগীসকলে প্ৰহাৰ কৰে। গীতা আৰু তেওঁৰ সংগী সীতা মিশ্ৰ, ৰিংকি ৰি আৰু সুমিত্ৰা সাহানীয়ে তন্ময়ক প্ৰহাৰ কৰা বুলি স্বীকাৰ কৰিছে যদিও তেওঁলোকে কয় যে তেওঁলোক সংগঠনৰ নহয়, সমাজৰ সাধাৰণ নাৰী বুলি মাৰপিট কৰি শাস্তি দিছিল। এতিয়া তেওঁলোকে বিচাৰে তন্ময়ক আইনগত শাস্তি দিয়া হওক। প্ৰত্যক্ষদৰ্শীৰ মতে গীতা আৰু তেওঁৰ সঙ্গীসকলক দুপৰীয়াৰ পৰা কাৰ্যালয় এলেকাৰ আদালত চৌহদত ঘূৰি ফুৰা দেখা গৈছে। দুপৰীয়া প্ৰায় চাৰি বজাত হেড পোষ্ট অফিচ ৰোডৰ আদালত চৌহদৰ পৰা তন্ময় ওলাই অহাৰ লগে লগে মহিলাকেইজনীয়ে তেওঁক ঘেৰি ধৰে। তদুপৰি মাৰধৰ কৰে আৰু তেওঁৰ চাৰ্টটোও ফাটি যায়। এই দৃশ্য দেখি ৰাইজ গোট খায়। তদুপৰি জিলা উকীল সন্থাৰ সভাপতি নীলাদ্ৰী ৰায়, প্ৰাক্তন সাধাৰণ সম্পাদক আব্দুল হাই লস্কৰকে ধৰি অন্যান্য অধিবক্তাই কাজিয়া চলি থকাৰ খবৰ পাই তালৈ আহে। তেওঁলোকে গীতা আৰু তাইৰ সংগীসকলক বুজাই তন্ময়ক লৈ যায়। খৱৰ পাই আৰক্ষী উপস্থিত হয়। জানিব পৰা মতে, আৰক্ষীয়ে হাজিৰ হৈ উকীল সন্থাৰ বিষয়াসকলৰ সৈতে কথা পাতি তন্ময়ক থানালৈ লৈ যায়। ইপিনে ঘটনাৰ সন্দৰ্ভত গীতা পাণ্ডে আৰু অইন মহিলাৰ অভিযোগ যে তন্ময় এগৰাকী নাৰীলোলুপ ব্যক্তি। তেওঁ কেইবাগৰাকীও মহিলাক ফান্দত পেলাই জীৱন ধ্বংস কৰি পেলালে। তেওঁলোকৰ মতে, এই পৰ্যন্ত তন্ময়ে ৬বাৰ বিয়া পাতিছে। বেছিভাগ ক্ষেত্ৰতে মহিলাসকলক প্ৰেমৰ জালত পেলাই বিয়াৰ কিছুদিন পিছত খেদি পঠিয়ায়। কিছুদিন আগতে স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী এজন শিক্ষকৰ সৈতে বিয়া হৈছিল। উক্ত শিক্ষয়িত্ৰীৰ সৈতে আঠ বছৰ প্ৰেমৰ সম্পৰ্ক আছিল তন্ময়ৰ। কিন্তু এসপ্তাহ আগতে মহিলাগৰাকীক তন্ময়ে পলাই যায়। শিক্ষয়িত্ৰীৰ স্বামী আৰু পৰিয়ালৰ আন আন লোকে তেওঁলোকৰ সহায় বিচাৰে। ইয়াৰ বাবেই তেওঁলোকে আজি তন্ময়ক আগুৰি ধৰি মাৰপিট কৰে।গীতা পাণ্ডেৰ মতে, তন্ময়ে বিয়া কৰাই জীৱন নষ্ট কৰা বেছিভাগ মহিলাক ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনা কৰি বিয়া কৰাইছিল। যেতিয়াই কোনো মহিলাই তন্ময়ৰ ওচৰলৈ কোনো কামৰ আহে তেতিয়াই তেওঁ সুযোগ গ্ৰহণ কৰি ঠাণ্ডা পানীৰ লগত মাদক দ্ৰব্য মিহলাই অচেতন কৰি আপত্তিজনক ফটো তুলি ৰাখে আৰু এই ফটোবোৰ সামাজিক মাধ্যমত দেখুৱাব বুলি ভয় খুৱাই পিছত সেই মহিলাসকলক তেওঁৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ বাধ্য কৰাইছিল। জানিব পৰা মতে, তন্ময়ৰ পত্নীয়ে কালি তন্ময়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি আন এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি ঘৰত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। তদুপৰি শিলচৰৰ মালুগ্ৰাম আৰক্ষী চকীত গীতা পাণ্ডে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইয়াৰ উপৰি জিলা উকীল সন্থাৰ সূত্ৰই জনোৱা মতে ইতিমধ্যে তন্ময়ৰ বিৰুদ্ধে কেইবাটাও অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে সংগঠনটোৰ ডিচিপ্লিনাৰী কমিটীৰ পৰা তন্ময়ক জাননী দিয়া হৈছে।
প্ৰেৰক গৌতম তালুকদাৰ