নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াক তাচ্ছিল্য কৰা তনু শ্বাহীক দুলীয়াজান আৰক্ষীৰ জেৰা

🔹 অসমীয়াক তাচ্ছিল্য কৰা তনু শ্বাহীক দুলীয়াজান আৰক্ষীৰ জেৰা
🔹 বিএন সিং পেট্র’ল পাম্পকেন্দ্রিক বিতর্ক অব্যাহত

বিশেষ বাৰ্তা, ২৩ মে’ : দুলীয়াজানৰ বি এন সিং তেল ডিপোত দুটা পক্ষৰ মাজত সংঘটিত সংঘাতক লৈ সৃষ্টি হোৱা বিতর্ক অব্যাহত আছে৷ ইয়াৰ মাজতে সংঘাতৰ সময়ত অসমীয়াক উদ্দেশ্যি তুচ্ছ–তাচ্ছিল্যসূচক মন্তব্য কৰা তনু শ্বাহী নামৰ অনা–অসমীয়া যুৱতীগৰাকীক কালি দুলীয়াজান আৰক্ষীয়ে সোধা–পোছা কৰে৷ আৰক্ষীয়ে কৰা তলবৰ ভিত্তিত দুলীয়াজান থানাত হাজিৰ হোৱা তনু শ্বাহীক জেৰা চলাই মেডিকেল কৰিবলৈ লৈ যায়। অৱশ্যে এতিয়ালৈকে তেওঁক আটক বা গ্রেপ্তাৰ কৰা সন্দর্ভত কোনোধৰণৰ স্পষ্ট তথ্য প্রকাশ কৰা নাই ৷ উল্লেখ্য যে যোৱা ১৭ মে’ত দুলীয়াজানৰ বি এন সিং তেল ডিপোত দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল৷ ঘটনাৰ বিৱৰণী অনুসৰি ২৭ এপ্রিলৰ পৰা আদালতত হোৱা চুক্তি অনুসৰি দুলীয়াজানৰ কিৰণ শ্বাহীৰ পৰিয়ালে উত্তৰ প্রদেশৰ ৰাজ সিঙৰ মালিকানাধীন বি এন সিং তেল ডিপোটো পৰিচালনা কৰিবলৈ লয়৷ কিন্তু ইয়াৰ পিছৰে পৰা একাংশ যুৱকে তেল ডিপোটোত অনৈতিকভাৱে বাহন ৰাখি মহিলা কর্মচাৰী আৰু গ্রাহকক অসুবিধা কৰা বুলি অভিযোগ উত্থাপন কৰে কিৰণ শ্বাহীৰ পৰিয়ালে৷ আনকি কিৰণ শ্বাহীৰ পুত্র–কন্যাই ডিব্রুগড় আৰক্ষী অধীক্ষকৰ কার্যালয়ত ইয়াক লৈ এখন এজাহাৰো দাখিল কৰে৷ সেই সময়তে যোৱা ১৭ মে’ৰ বিয়লি দুয়োপক্ষই তেল ডিপোটোত প্রৱেশ কৰি সংঘাতত লিপ্ত হয়৷ অভিযোগ অনুসৰি পূর্বৰ ডিপোটোৰ পৰিচালনকাৰী ৰিতেশ সিঙৰ সমর্থনকাৰী একাংশ লোকে ডিপোটোত দখল কৰিবলৈ চেষ্টা কৰাক লৈ এই সংঘাতৰ সৃষ্টি হয়৷ তেল ডিপোটোত সংঘটিত এই ঘটনাৰ সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’ত সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকো দেখা যায়৷ পৰৱর্তী সময়ত এই সমগ্র ঘটনা সন্দর্ভত নিজাববীয়া গোচৰত দুলীয়াজান আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক গ্রেপ্তাৰ কৰে৷ ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদকজনক আদালতলৈ লৈ যোৱাৰ সময়ত হেণ্ডকাফ লগাই নিয়াক লৈ তীব্র বিতর্কৰ সূচনা হয়৷ আনহাতে, সংঘাতৰ সময়ত তনু শ্বাহীয়ে অসমীয়া লোকসকলক উদ্দেশ্যি ‘সব ফ্রী মে খানেৱালা আদমী হে’, ‘সব দালাল হে’ বুলি কৰা মন্তব্যয়ো ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ তনু শ্বাহীৰ বিৰুদ্ধে বিভিন্ন দল–সংগঠনে দুলীয়াজান থানাৰ উপৰি ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰত এজাহাৰ দাখিল কৰিছে৷ যুৱতীগৰাকীৰ বিৰুদ্ধে কেৱল দুলীয়াজান থানাতেই ১২খন এজাহাৰ দাখিল কৰা হৈছে৷ সমান্তৰালভাৱে দল–সংগঠনসমূহে ৪৮ ঘণ্টাৰ ভিতৰত তনু শ্বাহীক গ্রেপ্তাৰ কৰিবলৈ আৰক্ষীক সময়সীমা বান্ধি দিছে৷ যাৰ পৰিপ্রেক্ষিতত বিতর্কিত মন্তব্য কৰা তনু শ্বাহীয়ে সামাজিক মাধ্যমত ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ বাধ্য হয়৷ তেওঁ পৰিস্থিতিত পৰিহে তেনে বিতর্কিত মন্তব্য কৰিছিল বুলি উল্লেখ কৰিছে৷ সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি, ভাতৃক মাৰপিট কৰা দৃশ্য প্রত্যক্ষ কৰিহে এই মন্তব্য কৰিছিল তনু শ্বাহীয়ে৷ সমগ্র পৰিস্থিতি শান্ত হোৱাটো বিচাৰে বুলিও যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে৷ কিন্তু ৰাজহুৱাভাৱে যুৱতীগৰাকীয়ে ক্ষমা খুজিলেও দল–সংগঠনসমূহ নিজৰ স্থিতিত অটল থাকে৷ ইফালে, ডিব্রুগড় আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰা অনুসৰি তনু শ্বাহীৰ বিৰুদ্ধে আইন অনুসৰি প্রশাসনে ব্যৱস্থা গ্রহণ কৰিব৷ তেওঁ কয়– ‘যিদৰে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আইন অনুসৰি পদক্ষেপ গ্রহণ কৰা হৈছে, ঠিক সেইদৰে তনু শ্বাহীৰ ক্ষেত্রতো প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰিব৷’

You might also like