খেতিপথাৰত মুকলি তৰা’ছ হাছবেণ্ডৰ পোষ্টাৰ
🔹 স্বৰ্ণকমল বিজয়ী ৰীমা দাসৰ শেহতীয়া ছবি
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : খ্যাতনামা বোলছবি পৰিচালক ৰীমা দাসৰ শেহতীয়া ছবি তৰা’ছ হাছবেণ্ড অহা ২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব । আজি ছয়গাঁও থানা এলেকাৰ দগাঁও কটহী গাঁৱত তৰা’ছ হাছবেণ্ডৰ মুখ্য চৰিত্ৰ অভিনেতা অভিজিৎ দাসৰ কৃষিপামত কথাছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় । তৰা’ছ হাছবেণ্ডৰ পৰিচালক ৰীমা দাসৰ লগতে শুভাকাংক্ষী আৰু কথাছবিখনৰে জড়িত শিল্পী, কলাকুশলীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে পোষ্টাৰ মুকলি কৰে । ভিলেজ ৰকষ্টাৰ্ছ আৰু বুলবুল কেন ছিং বিশ্বখ্যাত কথাছবিকেইখনৰ দৰে তৰা’ছ হাছবেণ্ড কথাছবিখনৰো কাহিনী-প্ৰযোজনা-পৰিচালনা-চিনেমাটোগ্ৰাফী-সম্পাদনা আদি ৰীমা দাসৰ। আজি অভিনেতা অভিজিৎ দাসৰ কৃষিপামতে অনুষ্ঠিত এখন সংবাদ মেলৰ জৰিয়তে কথাছবিখনৰ অন্তৰ্নিহিত বিষয়বস্তু সম্পৰ্কত ৰীমা দাসে কয়- লোকচান আৰু লকডাউন, জীৱন আৰু মৃত্যু, পৃথিৱীৰ সৰ্বত্ৰে ঘটাৰ দৰে অসমৰ এখন সৰু চহৰৰ এজন ব্যৱসায়ীয়েও অনিশ্চয়তা আৰু অস্থিৰতাৰ বেহুত পৰি যুঁজিবলগীয়া হৈছিল। চৌপাশৰ মানুহবোৰৰ ব্যতিৰেকে বিশ্বজনীন দৃষ্টিভংগীৰে তৰাৰ গিৰিয়েক জানে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে আৰু আনৰ পৰাও অনুৰূপ ভূমিকা আশা কৰিছে। কিন্তু তেওঁক বুজিবলৈ তৰাই বহু কষ্ট কৰিবলগীয়া হৈছে। তেওঁৰ নিজৰ মনৰ ভিতৰৰ জগতখন আৰু বাহিৰৰ পৃথিৱীখনৰ মাজত চলা নিৰন্তৰ দ্বন্দ্বই তেওঁক আৱেগিকভাৱে খুলি খুলি খাইছে। নিম্নমুখী হোৱা ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্কবোৰে বেয়ালৈ গতি কৰাৰ সময়তো নিজক প্ৰেৰণা দি তেওঁ যাত্ৰা অব্যাহত ৰখাৰ সংকল্প লৈছে। ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ আৰু বুলবুল কেন ছিং কথাছবি দুখনে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ ১২০খন মহোৎসৱত ৭০টাকৈ বঁটাৰে সন্মানিত হোৱাৰ পাছত তৰা’ছ হাছবেণ্ড কথাছবিখনেও ২০২২ বৰ্ষৰ পৰা এতিয়ালৈ ১৯খন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে। মহোৎসৱসমূহৰ ভিতৰত আছে টৰণ্ট’ (ৱৰ্ল্ড প্ৰিমিয়াৰ), বুচান (এছিয়ান প্ৰিমিয়াৰ), বেংকক (ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল), হাইনান আইজলেণ্ড, অচাকা (জাপানীজ প্ৰিমিয়াৰ), পেৰু, ছিডনী, মেলবৰ্ণ আৰু ভাৰতৰ পুনে, কলকাতা, নতুন দিল্লী, মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱ আদি । পোষ্টাৰ মুকলি বিশেষ অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত আছিল ৰীমা দাসৰ লগতে তৰা”ছ হাজবেণ্ড ছবিখনৰ লগত জড়িত সকলো কলাকুশলী।
প্ৰেৰক ভগৱান দাস