নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনৰ ১ বজাত নৱগ্রহত ৰাষ্ট্রীয় মর্যাদাৰে তৰুণ গগৈৰ অন্ত্যেষ্টিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ যোৱা সোমবাৰৰ সন্ধিয়া মহাপ্রয়াণ ঘটা অসমৰ ৰাজনৈতিক ইতিহাসত সুদীর্ঘকালৰ বাবে মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হ’বলৈ সক্ষম হোৱা প্রয়াত তৰুণ গগৈৰ আজি গুৱাহাটীৰ নৱগ্রহ শ্মশানত অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব৷ ৰাষ্ট্রীয় মর্যাদাৰে হ’বলগীয়া গগৈৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত এহেজাৰ লোক উপস্থিত থকাৰ ব্যৱস্থা গ্রহণ কৰিছে প্রশাসনে৷ প্রয়াত গগৈৰ গৃহ সমষ্টি তিতাবৰৰ পৰা আহিবলগীয়া লোকৰ বাবে আছুতীয়াকৈ ১০০খন আসন ৰখা হৈছে৷ গগৈৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠান তিতাবৰৰ পৰা অহা লোকসকলে যাতে সন্মুখৰ পৰা প্রত্যক্ষ কৰিব পাৰে, তাৰ বাবে সেই আসন চিতাৰ কাষতেই ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ আজিৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠান যাতে সুচাৰু আৰু শৃংখলিত ৰূপত সমাপন হয়, তাৰ বাবে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি দুপৰীয়া নৱগ্রহ শ্মশানত উপস্থিত হৈ প্রস্তুতিৰ বুজ লোৱাৰ লগতে প্রশাসন আৰু কংগ্রেছৰ প্রতিনিধিৰ সৈতে মত বিনিময় কৰি কাম–কাজৰ তদাৰক কৰে৷ এই সম্পর্কত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই নৱগ্রহ শ্মশানতে গগৈৰ শেষকৃত্য সম্পন্ন কৰিব বুলি জনোৱাৰ পাছত নৱগ্রহতেই শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ প্রাক্তন মুখ্যমন্ত্রী হিচাপে গগৈক ৰাষ্ট্রীয় মর্যাদাৰে বিদায় দিয়া হ’ব৷ সেইধৰণে নৱগ্রহ শ্মশানখনক কালি নিশাৰ ভিতৰতে সজাই–পৰাই তোলা হয়৷ ৰিপুণ বৰাই অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত এহাজাৰ লোক সমৱেত হ’ব বুলি কৈছে৷ কিছু বাধ্য–বাধকতা থকাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা খুব ভালকৈ সেই ব্যৱস্থা কৰিবলৈ প্রশাসন, গুৱাহাটী পৌৰ নিগম আৰু শ্মশান পৰিচালনা সমিতিক কোৱা হৈছে৷ আমি আমিনগাঁওস্থিত কামৰূপ জিলা উপায়ুক্ত কার্যালয়ৰ সমীপত ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামৰ ওচৰত মাটি আগবঢ়াইছিলোঁ৷ কিন্তু পৰিয়ালে আলোচনা কৰাৰ পাছত নৱগ্রহ শ্মশানেই ভাল হ’ব বুলি ক’লে৷ ৰাজ্য চৰকাৰে প্রথমৰ পৰাই পৰিয়ালে যি সিদ্ধান্ত ল’ব, চৰকাৰ সেই মতেই যাব বুলি স্থিতি লৈছিল৷ সেই অনুসৰি এতিয়া নৱগ্রহ শ্মশানতেই অন্ত্যেষ্টিক্রিয়াৰ ব্যৱস্থা কৰা হৈছে৷

মন্ত্রী ড০ শর্মাই আৰু কয় যে যেতিয়া ৰাষ্ট্রীয় মর্যাদা দিয়া হয়, গোটেই দায়িত্ব চৰকাৰ বা জিলা প্রশাসনৰ ওপৰত ন্যস্ত থাকে৷ কিন্তু এইবিলাকত পৰিয়ালৰ আৱেগিক কথাও জড়িত হৈ থাকে৷ আমাৰ ফালৰ পৰা সকলো সাজু হৈ থাকিব৷ কিন্তু পৰিয়ালে যিধৰণে বিচাৰে সেইধৰণে সিদ্ধান্ত ল’ব৷ শেষকৃত্যৰ স্থানক লৈ হোৱা বিতর্ক প্রসংগত তেওঁ কয় যে বিষয়টোক লৈ কালি নিশা ভালদৰে আলোচনা হৈছে৷ ড০ ভূপেন হাজৰিকাৰ সমাধিৰ পৰা কিছু দূৰত থকা আমিনগাঁৱত জিলা উপায়ুক্তৰ কার্যালয়ৰ কাষতেই আমি মাটি পাইছিলোঁ৷ তাত জিলা চিকিৎসালয় স্থাপনৰ বাবে ২৫ বিঘা মাটি ৰাখি থৈছিলোঁ৷ গগৈৰ সমাধিৰ বাবে এক–দুই বিঘা যি মাটি লাগে দিব পাৰিম বুলি কৈছিলোঁ৷ কিন্তু পৰিয়ালৰ লোক আৰু প্রদেশ কংগ্রেছৰ সিদ্ধান্ত হ’ল যে তেওঁলোক নৱগ্রহ শ্মশানলৈ যাব৷ গতিকে ইয়াত বিতর্কৰ অৱকাশ নাই৷ এইক্ষেত্রত পৰিয়ালৰ সিদ্ধান্তকে মনা উচিত৷ যিহেতু প্রদেশ কংগ্রেছ আৰু পৰিয়ালৰ সিদ্ধান্ত একেটাই, ইয়াত বিতর্ক নাই৷ তেওঁ লগতে কয়– মহানগৰীৰ ভিতৰত ক’ত এবিঘা মাটি পাম৷ ভূপেন হাজৰিকাৰ সময়তো আমি মাটি উলিয়াব নোৱাৰিলোঁ৷ একঠা মাটিত সৎকাৰ সম্ভৱ নহয়৷ আমি তৰুণ গগৈৰ অন্তিম সৎকাৰ গোপীনাথ বৰদলৈৰ অন্তিম সৎকাৰৰ কাষতে কৰিব ওলাইছোঁ৷ এয়া সন্মানজনক কথা৷ সৎকাৰ হৈ যোৱাৰ পাছত অস্থি লৈ য’তেই ইচ্ছা, তাতেই সমাধি কৰিব পাৰিব৷ অসমৰ বিভিন্ন স্থানত কৰিব পাৰিব৷ তেওঁ আৰু কয় যে চৰকাৰে স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত ল’ব পাৰে৷ কিন্তু সমাধি আদি বিষয় পৰিয়ালৰ ব্যক্তিগত বিষয়৷

ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই জানিবলৈ দিয়া মতে, আজি পুৱাৰ ভাগতেই গগৈৰ নশ্বৰ দেহ দিছপুৰৰ মিনিষ্টার্ছ কলনীস্থিত চৰকাৰী বাসভৱনলৈ নি ধর্মীয় ৰীতি–নীতি, মাংগলিক নীতি অনুসৰি গা–পা ধুৱাই পুৱা ৯মান বজাত নিজ গৃহৰ পৰা অন্তিম যাত্রা আৰম্ভ কৰা হ’ব৷ চৰকাৰী আৱাসৰ পৰা গগৈৰ নশ্বৰ দেহ পোনে পোনে শোভাযাত্রা কৰি ৰুক্মিণী গাঁৱৰ গির্জালৈ অনা হ’ব৷ তাত প্রার্থনা আদি হৈ যোৱাৰ পাছত পোনে পোনে শোভাযাত্রা কৰি জুৰোডত থকা নামঘৰ এটালৈ যোৱা হ’ব৷ নামঘৰৰ পাছত আমবাৰীৰ বুঢ়া জামে মছজিদলৈ নশ্বৰ দেহ নিয়া হ’ব৷ তাৰ পাছত শুক্রেশ্বৰ মন্দিৰ, উগ্রতাৰা মন্দিৰ হৈ নৱগ্রহ শ্মশানত উপস্থিত হ’ব৷ নৱগ্রহ শ্মশানত উপস্থিত হোৱাৰ পাছত প্রথমতে আহোমৰ ৰীতি–পৰম্পৰা অনুসৰি প্রার্থনা কৰি গগৈৰ নশ্বৰ দেহ শ্মশান কর্তৃপক্ষক অর্পণ কৰিব৷ ইয়াৰ পাছতেই প্রায় এক বজাত আৰম্ভ হ’ব অন্ত্যেষ্টিক্রিয়া পর্ব৷

জানিব পৰা মতে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক যিটো দলে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিছিল, সেই একেটা দলেই গগৈৰো অন্ত্যেষ্টিক্রিয়াত অংশ ল’ব৷ তদুপৰি জিলা প্রশাসনে চন্দন কাঠকে ধৰি সকলো যা–যোগাৰ ইতিমধ্যে সাজু কৰিছে৷ আনহাতে, আজি গগৈৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো উপস্থিত থাকিব৷ ইপিনে, গগৈৰ শেষকৃত্য অনুষ্ঠান উপলক্ষে মহানগৰ আৰক্ষীয়ে গুৱাহাটী ক্লাবৰ পৰা চানমাৰি পর্যন্ত পথৰ দুয়োকাষে পার্কিং নিষিদ্ধ কৰাৰ লগতে শিলপুখুৰীৰ পৰা নৱগ্রহলৈ উপ–পথটোৰ দুয়োপাৰে থকা দোকান–বজাৰ অন্ত্যেষ্টিক্রিয়াৰ সময়ছোৱাত বন্ধ ঘোষণা কৰিছে৷ সেইদৰে গগৈৰ শেষকৃত্য অনুষ্ঠান প্রত্যক্ষ কৰাৰ বাবে শিলপুখুৰীৰ কালী মন্দিৰ প্রাংগণত বিশাল স্ক্রীনৰ ব্যৱস্থা কৰিছে৷

You might also like