মৰ্মাহত ৰাজ্যবাসীঃ অসংখ্য গুণমুগ্ধৰে ভৰি পৰিছে জি এম চি এইচৰ চৌহদ
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই সোমবাৰে আবেলি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ জনপ্ৰিয় ৰাজনীতিবিদ তথা অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।
ইপিনে সকলো জাতি-ধৰ্ম, দল, মত, নীতি-আদৰ্শ নিৰ্বিশেষে অসংখ্য গুণমুগ্ধৰে ভৰি পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদ । প্ৰিয় নেতাজনৰ মৃত্যুৰ খবৰে প্ৰতিজন গুণমুগ্ধক শোকদগ্ধ কৰি তুলিছে ।