নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ সমদল যাত্ৰা কৰি ক’ৰ পৰা ক’লৈ নিয়া হ’ব গগৈৰ নশ্বৰ দেহ?

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ নানা জল্পনা-কল্পনাৰ পিছত অৱশেষত তৰুণ গগৈৰ শেষ ঠিকনা স্থিৰ হ’ল। নৱগ্ৰহ শ্মশানতে কৰা হ’ব প্ৰয়াত গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। পৰিয়ালৰ তৰফৰ পৰা নৱগ্ৰহ শ্মশানৰ কথাটো চূড়ান্ত কৰাৰ পিছত আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যাৱতীয় সুবিধা প্ৰাপ্ত হোৱাৰ অৰ্থে পৰ্যবেক্ষণ কৰিছে নৱগ্ৰহ শ্মশান।

কাইলৈ পুৱাই গগৈৰ মৃতদেহ পৰিয়ালে ঘৰলৈ লৈ যাব শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা। ঘৰত পাৰম্পৰিক ৰীতি-নীতি পালন কৰাৰ পুৱা ৯ বজাত শ্মশানলৈ অনা হ’ব গগৈৰ নশ্বৰ দেহ। এইক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে পুৱা ৯ বজাত নশ্বৰদেহ উলিয়াই অনাৰ পিছত ছয়মাইলৰ খ্ৰীষ্টান চাৰ্ছত লৈ যোৱা হব নশ্বৰদেহ।

ইয়াৰ পিছত ক্ৰমে জুৰোডৰ নামঘৰ, বুঢ়া মছজিদ, শুক্লেশ্বৰ ঘাট আৰু উগ্ৰতাৰা হৈ নৱগ্ৰহ শ্মশানলৈ অনা হ’ব প্ৰয়াত তৰুণ গগৈৰ নশ্বৰদেহ। আনহাতে শেষকৃত্যৰ সমদল যাত্ৰাৰ বাবে যানবাহন চলাচলৰ ক্ষেত্ৰত কিছু নিয়ম বান্ধি দিছে প্ৰশাসনে। সেই অনুযায়ী চানমাৰিৰ পৰা গুৱাহাটী ক্লাবলৈ NO ENTRY থাকিব। চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হ’ব।

You might also like