নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱগ্ৰহ শ্মশানতে হ’ব তৰুণ গগৈৰ শেষকৃত্য, ঠাই পৰ্যবেক্ষণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ নৱগ্ৰহ শ্মশানতে হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। এই সন্দৰ্ভত আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘পৰিয়ালৰ ইচ্ছা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাক জনোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া আমি নৱগ্ৰহ শ্মশানতে কৰিবলৈ সিদ্ধান্ত লৈছোঁ।’

নৱগ্ৰহ শ্মশানৰ পৰিৱেশ সেই অনুৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে প্ৰায় ১০০০ লোকে অংশগ্ৰহণ কৰিব পৰাকৈ শ্মশানখন সজাই-পৰাই তোলাৰ ক্ষেত্ৰত কৰা অনুৰোধৰ প্ৰতিও গুৰুত্ব দি কাম আগবঢ়াই থকা হৈছে বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে।

সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ড০ শৰ্মাই কয়- ‘আমিনগাঁৱৰ জিলা উপাযুক্তৰ কাৰ্যালয়ৰ সমীপত তথা ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামৰ কাষত এটুকুৰা মাটি সমাধিস্থলৰ বাবে উলিওৱা হৈছিল যদিও পৰিয়ালে আলোচনা কৰাৰ পিছত আমাক নৱগ্ৰহ শ্মশানে ভাল হব বুলি জনালে। যিহেতু ৰাজ্য চৰকাৰে পৰিয়ালৰ সিদ্ধান্ত মতে কৰ্মসূচী আগবঢ়াই নিয়াৰ পক্ষতে আছে, গতিকে এয়াই চূড়ান্ত সিদ্ধান্ত বুলি কব লাগিব।’

You might also like